নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মভূমিত বংশধৰক লগ পাই অভিভূত হোমেন বৰগোহাঞি

নাজিৰাত শতবর্ষীয় বৰগোহাঞি বংশাৱলীৰ শুভাৰম্ভণী অনুষ্ঠানৰ সামৰণি

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ   নাজিৰাৰ মেছাগডৰ চাওবিন ক্ষেত্রত দুদিনীয়া বর্ণাঢ়্য কার্যসূচীৰে অনুষ্ঠিত হোৱা শতবর্ষীয় সদৌ বৰগোহাঞি বংশাৱলীৰ শুভাৰম্ভণী অনুষ্ঠানৰ আজি সামৰণি পৰে৷ আজি অনুষ্ঠিত মুকলি সভাত উদ্বোধক হিচাপে উপস্থিত থাকে বিশিষ্ট কথাশিল্পী, ‘নিয়মীয়া বার্তা’ৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞি৷ মহিলাৰ মুগাৰ সাজত পৰিৱেশন হয় পৱিত্র কোঁৱৰ পৰিচালিত আৰু বীৰেন হাজৰিকা ৰচিত বৰগোহাঞি বংশাৱলীৰ বৃন্দ গীত৷ ৰাজ্যখনৰ শদিয়া, কামৰূপ, লখিমপুৰ, ধেমাজি, ঢ়কুৱাখনা, ঘিলামৰা, যোৰহাট, গোলাঘাট, সাপেখাতী, মথুৰাপুৰ, মৰাণ, গোগামুখ, ডিব্রুগড, তিনিচুকীয়া, ডিফুকে ধৰি বিভিন্ন স্থানৰ পৰা আহি কালিৰ পৰা উপস্থিত হোৱা বৰগোহাঞি বংশধৰসকল মুকলি সভাত উপস্থিত থাকে৷ মুকলি সভাত সভাপতিত্ব কৰে সদৌ বৰগোহাঞি বংশাৱলীৰ কেন্দ্রীয় সমিতিৰ সভাপতি মুহি বৰগোহহায়ে৷ উদ্বোধনী ভাষণত বিশিষ্ট সাহিত্যিক আৰু সাংবাদিকজনে কয় যে ভাৰতবর্ষলৈ আগমন ঘটা আনবোৰ জাতি পশ্চিমৰ পৰা অহাৰ বিপৰীতে আহোমসকল আহিছিল পূবৰ পৰা৷ সেই আহোমসকলে ছশ বছৰ ধৰি কি মন্ত্রেৰে নিৰৱচ্ছিন্নভাৱে শাসন চলাই যাবলৈ সক্ষম হৈছিল আৰু অনেক জনগোষ্ঠীক সামৰি ল’ব পাৰিছিল তথা সোতৰবাৰকৈ পৰাক্রমী মোগলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল সেয়া গভীৰ বিশ্লেষণৰ বিষয়৷ ব্রিটিছ ভাইচৰয় উইলিয়াম বেণ্টিংকে লিখি থৈ যোৱা টোকাৰ প্রসংগ তুলি ধৰে বিশিষ্ট চিন্তাবিদজনে৷ আহোমসকলে ‘ছেকুলাৰ’ বা ধর্ম নিৰপেক্ষতা সম্পর্কে যি সময়ত কাৰো পৰা শুনা নাছিল, কেনেকৈ তেওঁলোকে হিন্দু–মুছলমান, বৰা, শইকীয়া সামৰি সাতঘৰীয়া আহোমৰ ভিতৰুৱা নোহোৱাজনকো বিষয়বাব ন্যস্ত কৰি গৈছিল এই উদাৰ ধর্ম নিৰপেক্ষতা বিশ্লেষণ আৰু গৱেষণাৰ বিষয় বুলি উল্লেখ কৰে৷

উপস্থিত বৰগোহাঞি বংশধৰসকলৰ উৎসাহ আৰু উদ্দীপনা প্রত্যক্ষ কৰি হাজাৰ বছৰ ধৰি পুৰুষৰ পৰা পুৰুষলৈ বংশানুক্রমিকভাৱে যুদ্ধ, সংস্কৃতি, সামাজিক আৰু বৈবাহিক ৰীতি অনুসৰণ কৰি অহা তেজ–মঙহৰ সম্পর্কজডিত আপোন মানুহবোৰে শ শ বছৰ ধৰি বৰগোহাঞি বংশাৱলীক আগুৱাই লৈ যোৱাৰ আশা প্রকাশ কৰে৷ বংশলতাত বিশ্বাসেৰে তেওঁৰ নাম, তেওঁৰ পিতৃ পুৰুষৰ নাম, তেওঁৰ সন্তানৰ নাম তেওঁ নাথাকিলেও লিখিত হৈ ৰ’ব বুলি আশা ব্যক্ত কৰে৷ আনহাতে, মেছাগডতেই তেওঁৰ পিতৃ পুৰুষৰ ঘৰৰ ভেটি সূচিত হৈছিল বুলি বর্ষীয়ান সাহিত্যিকজনে উল্লেখ কৰে আৰু পৰৱর্তী সময়ত শদিয়ালৈ আৰু মানৰ আতিশয্যৰ লগতে মেলেৰিয়াৰ সঘন প্রাদুর্ভাৱত পৰি পিছলৈ ঢ়কুৱাখনাত বসতি আৰম্ভ কৰাৰ বর্ণনা পিতৃৰ মুখৰ পৰা পাই অহা আৰু পিছলৈ নিজে মেছাগডত উপস্থিত হৈ প্রত্যক্ষ কৰি যায় বুলি ব্যক্ত কৰে৷ মুকলি সভাত আহোম যুগৰ মুগাৰ পাগুৰি, চাপকন পৰিধান কৰি বংশধৰসকলৰ বিপুল আদৰণি গ্রহণ কৰে৷ মহানন্দ বৰগোহাঞি সম্পাদিত ‘খ্বামৰাপ’ নামৰ স্মৃতিগ্রন্থৰ উন্মোচন কৰে বিধানসভৰ বিৰোধী দলপতি দেৱব্রত শইকীয়াই৷ অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অনুপস্থিতিত তেওঁৰ লিখিত বার্তা পাঠ কৰি দিয়া হয়৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁয়ে আহোম ৰাজত্বকালৰ বহুতো অনুদ্ঘাটিত বিষয় সামৰি চিত্তাকর্ষক বক্তব্য দাঙি ধৰাৰ লগতে আহোম ৰজাৰ বিচক্ষণতাৰ দিশ আঙুলিয়াই দিয়ে৷

সভাত শ্রীশ্রী দক্ষিণপাট সত্রৰ সত্রাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে নিজা ভাষণত আহোম ৰাজশাসনৰ কালৰ পৰা সত্রৰ সম্পর্কক তুলি ধৰে৷ সদৌ বৰগোহাঞি বংশাৱলীৰ সভাপতি মুহি বৰগোহাঞিৰ লিখিত অভিভাষণ আৰু সম্পাদক দিগন্ত বৰগোহাঞিয়ে আদৰণী ভাষণ আগবঢ়ায়৷ সভাত কুইজ প্রতিযোগিতাৰ বিজয়ীসকলৰ লগতে ২০২০ চনৰ অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাত যুটীয়াভাৱে প্রথম স্থান দখল কৰা নগাঁও জিলাৰ শ্রদ্ধা বৰগোহঁাইক সম্বর্ধনা জনোৱা হয়৷ সন্মানীয় ভূদাতা হিচাপে ৰাজীৱ পানীফুকন, জ্যোতি বৰগোহাঞিক সম্বর্ধনা জনোৱা হয়৷ ডিব্রুগড় বিশ্ববিদ্যলয়ৰ টাই শিক্ষক মেদিনী মাধৱ মহন, প্রাক্তন বিধায়ক সুশান্ত বৰগোহাঞি, গংগা প্রসাদ বৰগোহাঞি, বিশ্বনাথ বৰগোহাঞি সভাত উপস্থিত থাকে৷ ২০২৪ চনত বৃহৎ আয়োজনেৰে চাওবিন ক্ষেত্রতে শতবর্ষীয় বৰগোহাঞি বংশাৱলীৰ সামৰণী অনুষ্ঠান উদ্যাপনৰ সিদ্ধান্ত ঘোষণা কৰা হয়৷

You might also like