নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত বলিছে গৰম নিৰ্বাচনী বতাহ, মূল নিৰ্বাচনী যুঁজ বিজেপি-মহাজোঁটৰ

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৫৭নং ৰঙিয়া বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে তীব্ৰতৰ হৈ উঠিছে সমষ্ঠিটোৰ নিৰ্বাচনী বতাহ।

সমষ্টিতো বিজেপিৰ দখলত আছে যদিও মহাজোঁটৰ উত্থানে বিজেপিৰ ভোট বেংকত আঘাত হনাৰ সম্ভাৱনাই দেখা দিছে। ইতিমধ্য সমষ্টি পুনৰুদ্ধাৰৰ বাবে নামি পৰিছে গেৰুৱা বাহিনীৰ ৰথী-মহাৰথীসকল।

উল্লেখ্য যে মিত্ৰজোঁটৰ সমৰ্থিত বিজেপি দলৰ প্ৰাৰ্থী তথা বিধায়ক ভৱেশ কলিতাৰ হৈ ইতিমধ্যে বিগত ১৭ মাৰ্চত নিৰ্বাচনী প্ৰচাৰ চলায় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতাই। অৱশ্যে বিশাল নিৰ্বাচনী সভাখনত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ মিত্ৰ দল অসম গণ পৰিষদ,ইউপিপিএল,গণ সুৰক্ষা পাৰ্টীৰ কোনো শীৰ্ষ তথা কেন্দ্ৰীয় নেতা উপস্থিত নথকাত ভোটাৰ ৰাইজৰ মাজতো প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

সমষ্টি পুনৰ দখলৰ বাবে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰত্যেক দিনে-নিশাই গ্ৰাম্য ভোটাৰৰ মন জয় কৰিবলৈ গাঁওসমূহত অনুষ্ঠিত কৰি আহিছে নিৰ্বাচনী সভা। ইয়াৰ বিপৰীতে মহাজোঁটৰ সমৰ্থিত চিপিআই(এম) শক্তিশালী প্ৰাৰ্থী ডাঃ ভগবান দেৱ মিশ্ৰয়ো তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰকাৰ্য।

প্ৰাৰ্থীগৰাকীৰ হৈ দিনে-নিশাই প্ৰচাৰ তুংগত কৰি তুলিছে মহাজোঁটৰ অংশীদাৰী দল চিপিআই(এম)ৰ উপৰি কংগ্ৰেছ-বিপিএফৰ নেতা-কৰ্মীসকলে। প্ৰত্যেক দিনে-নিশাই প্ৰাৰ্থীগৰাকীৰ উপৰি তৃণমুল নেতা-কৰ্মীসকলেও ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভক্ত হৈও নিৰ্বাচনী প্ৰচাৰকাৰ্য অব্যাহত ৰাখিছে।

আনহাতে মহাজোঁটৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰোৱাৰ বাবে উঠিপৰি লাগিছে বিটিচিৰ প্ৰাক্তন ই এম তথা বিপিএফ দলৰ নেতা মহেশ্বৰ বসুমতাৰীয়েও।আনহাতে সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা অবড়ো সুৰক্ষা সমিতিৰ প্ৰাক্তন নেতা তথা ৰাইজৰ দলৰ মনোনীত নিৰ্দলীয় প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে বৰ্তমানলৈকে ভোটাৰ ৰাইজৰ কাষ চাপিব পৰা নাই, যাৰ বাবে ভোটাৰৰ অচিনাকি মুখৰ হৈ পৰিছে প্ৰাৰ্থীগৰাকী।

ইফালে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ডাঃ বাবুল চহৰীয়ায়ো সমষ্টোটিত সভা অনুষ্ঠিত কৰাৰ বিপৰীতে সতীৰ্থসকলক লগত লৈ বিভিন্ন গাঁৱত গৈ ভোটাৰ ৰাইজৰ কাষ চাপিছে যদিও বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই বুলি ৰাজনৈতিক মহলত চৰ্চা অব্যাহত আছে।

জানিব পৰা মতে, সমষ্টিটোৰ প্ৰায় ১.৯৩ লাখ ভোটাৰৰ বিপৰীতে ৮ গৰাকীকৈ প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত নামিলেও অন্য প্ৰাৰ্থীসকলৰ কোনো নাম-গোন্ধে পোৱা নাই বুলি ভোটাৰ ৰাইজৰ মুখত চৰ্চা চলিছে। চিকিৎসা শাস্ত্ৰত বিশেষ সুনাম থকা বাবেই ভোটাৰ ৰাইজৰ মাজত মহাজোঁটৰ চিপিআই(এম)ৰ প্ৰাৰ্থী ডাঃ ভগবান দেৱ মিশ্ৰই বিশেষ সুনাম তথা ভোটাৰৰ মাজত জনপ্ৰিয়তা আছে।

ইয়াৰ বাবে ভগৱানকৰ উত্থানক লৈ সম্প্ৰতি বিজেপিৰ ভৱেশে শংকিত হৈ পৰা বুলি ৰাজনৈতিক মহলত সৰৱ চৰ্চা অব্যাহত আছে। যদি সেয়াই হয়, তেতিয়াহলে ভগৱানৰ দুৰ্গত ভৱেশে কেনেদৰে সোমাবলৈ সক্ষম হয়, সেয়া ২ মে’ৰ ফলাফলতহে পৰিস্ফুট  হৈ পৰিব বুলি ৰাজনৈতিক মহলত প্ৰবল চৰ্চা অব্যাহত আছে।

You might also like