বিধানসভা নির্বাচনত অগপই এৰি নিদিয়ে দখলত থকা ১৪ সমষ্টি
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ বর্তমান অগপৰ দখলত থকা ১৪টা সমষ্টি এইবাৰো আঞ্চলিক দলটোক লাগিবই৷ দখলত থকা সমষ্টিকেইটাৰ ক্ষেত্রত অগপই কোনো আপোচ নকৰে৷ –এই দাবী লৈ আজি নতুন দিল্লীলৈ উৰা মাৰিব অগপ নেতৃত্ব৷
অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত অগপৰ প্রতিনিধি দল এটাই বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বক সাক্ষাৎ কৰি সজোৰে সেই দাবী উত্থাপন কৰিব৷ উল্লেখ্য যে এইবাৰ বিধানসভা নির্বাচনতো অগপই বিজেপিৰে মিত্রতাপাশত আবদ্ধ হৈ নির্বাচনী যুঁজত অৱতীর্ণ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ কিন্তু শেহতীয়াকৈ বিজেপিয়ে বর্তমান অগপৰ দখলত থকা কেইবাটাও সমষ্টিত নিজা প্রার্থী থিয় কৰাব বিচাৰিছে৷ পিছে অগপ নেতৃত্বই সেয়া মানি ল’ব বিচৰা নাই৷ এই সন্দর্ভত কালি সন্ধিয়াৰ ভাগত অগপ সভাপতি অতুল বৰাৰ বাসগৃহত দলৰ শীর্ষ নেতৃত্বৰ এখন বৈঠক অনুষ্ঠিত হয়৷ সেই বৈঠকত অগপই দখলত থকা কোনো এটা সমষ্টিয়েই এৰি নিদিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ দলৰ এই সিদ্ধান্তৰ বিষয়ে বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বক অৱগত কৰি দখলত থকা সমষ্টিসমূহ যাতে অগপক দিয়ে, তাৰ বাবে কাইলৈ সভাপতি বৰাৰ নেতৃত্বত অগপৰ এটা প্রতিনিধি দল নতুন দিল্লীলৈ উৰা মাৰিব৷