ভাৰত-ভূটান সংযোগী পথত পুখুৰী সদৃশ অৱস্থা; শীঘ্ৰে মেৰামতিৰ দাবী
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিল: চিৰাং জিলাৰ সদৰ মহকুমাৰ অন্তৰ্গত গৰুভাষা বজাৰৰ মাজেৰে যোৱা ভাৰত-ভূটান সংযোগী মূল পথৰ মাজত পুখুৰী সদৃশ অৱস্থাৰ সৃষ্টি হৈছে । ৩১ ‘গ’ নং ৰাষ্ট্ৰীয় পথৰ পৰা গৰুভাষা-ৰুণিখাটা-দাদাগিৰী হৈ ভূটান ৰাষ্ট্ৰৰ অন্যতম চহৰ গেলেংফু সংলগ্ন পথ নামেৰে খ্যাত মূল পথৰ দুৰৱস্থাই ভূটান সীমান্তৱৰ্তী সৰ্বসাধাৰণ ৰাইজক দুৰ্ভোগ ভুগাইছে।
দীৰ্ঘ পথচোৱাৰ অন্য অংশৰ কথা বাদেই, ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই ওচৰতে থকা গৰুভাষা বজাৰৰ মধ্য স্থলত পথৰ মাজত বহুতো প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে । যাৰ ফলত সাধাৰণ এজাক বৰষুণৰ ফলত গাঁতসমূহ পানীৰে পৰিপূৰ্ণ হৈ একো একোটা পুখুৰীত পৰিণত হয় । এই পথটোৰ দুৰৱস্থাৰ ফলত বিভিন্ন স্থানত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হয় ।
ইতিমধ্যে এই পথত সংঘটিত হোৱা পথ দুৰ্ঘটনাত বহু লোকে অকালতে মৃত্যু মুখত পৰাৰ লগতে বহু কেইজন গুৰুতৰ ভাবে আহত হৈ চিকিৎসাধিন হোৱাৰ বাতৰি পোৱা গৈছে । বৃহত্তৰ অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজৰ নিৰাপদ যাত্ৰাৰ স্বাৰ্থত আজি শাসকীয় বিটিচি পৰিষদৰ কাৰ্যকাল অন্ত পৰিলেও উল্লিখিত পথটোৰ শীঘ্ৰে মেৰামতি কৰিবলৈ অসম চৰকাৰক অঞ্চলটোৰ বাসিন্দা সকলে আহ্বান জনাইছে ।