নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ এজাৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চেনিটাৰি নেপকিন ভেন্দিং মেছিন স্থাপন

তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্য্যবাহী সদস্য খগেন বৰদলৈৰ দ্বাৰা শুভ উদ্বোধন

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ দেশৰ প্ৰায়বোৰ ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয়ত ছাত্ৰীৰ সুবিধাৰ্থে নেপকিন মেচিন স্থাপন হৈছে বৰ্তমানে এই মেছিন চৰকাৰীভাবে বাধ্যতামূলক হৈছে যদিও অসমত বৰ্তমানে এই ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

অসমৰ বিভিন্ন ঠাইত বৰ্তমান অষ্ঠা ট্ৰাষ্ট আৰু এঞ্জেল ব্ৰেণ্ডে বিভিন্ন বিদ্যালয়সমূহত চেনিটাৰি নেপকিন ভেন্দিং মেছিন স্থাপনৰ ব্যবস্থা কৰিছে। শনিবাৰে মৰিগাঁৱৰ এজাৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্য্যবাহী সদস্য খগেন বৰদলৈৰ নেতৃত্বত আষ্ঠা ট্ৰাষ্ট আৰু এঞ্জেল ব্ৰেণ্ডে চেনিটাৰি নেপকিন ভেন্দিং মেছিন স্থাপন কৰে। এই নেপকিন মেচিনৰ দ্বাৰা বিদ্যালয়খনৰ ছাত্রীসকলে মাহেকীয়া ঋতুস্রাবৰ সময়ত হোৱা সমস্যাসমূহৰ পৰা যথেষ্ট উপকৃত হ’ব বুলি মত পোষণ কৰে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীসকলৰ লগতে তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্য্যবাহী সদস্য খগেন চন্দ্র বৰদলৈয়ে।

You might also like