নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই,আই,টি গুৱাহাটীত প্ৰতিবাদী সভা

নিয়মীয়া বাৰ্তা ১ জুনঃ আজি ১ জুন সোমবাৰে গুৱাহাটী আই,আই টীত ঠিকা ভিত্তিত কেবা বছৰো কোনো অভিযোগ নোহোৱাকৈ উদ্যানত সেৱা আগবঢ়াই অহা ৯৯ গৰাকী শ্ৰমিকক কামৰ পৰা অপসাৰণ তথা এপ্ৰিল মাহৰ পৰা বেতন বন্ধ কৰাৰ প্ৰতিবাদ জনাই এখন প্ৰতিবাদী সভাৰ আয়োজন কৰা হয় । দেশত ল’কডাউনৰ লগতে কভিড-১৯ ৰ এই দুৰ্দশাৰ সময়ত শ্ৰমিক সকলক কামৰ পৰা অপসাৰণ কৰাৰ নিৰ্দেশ অতি দুৰ্ভাগ্যজনক আৰু নিন্দনীয় ।দেশৰ এনে দুৰ্যোগৰ সময়ত প্ৰধান মন্ত্ৰী গৰাকীয়ে কোনো শ্ৰমিকৰে দৰ্মহা কৰ্তন তথা কামৰ পৰা অপসাৰণ নকৰিব লৈ নিৰ্দেশ জাৰি কৰাৰ কথা উল্লেখ কৰাৰ পিচতো গুৱাহাটী আই আই টি ৰ এনে সিদ্ধান্ত কিয় ললে ।
ভাৰত চৰকাৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ চিঠি ক্ৰমাংক 11011/08/2020মৰ্মে নিয়োগ কৰ্তা সকললৈ স্পষ্ট নিৰ্দেশ দিয়াৰ পিচতো এনে হঠকাৰী সিদ্ধান্ত লোৱাটো উচিত হোৱা নাই। ইয়াৰ প্ৰতিবাদ জনাই আজি উত্তৰ গুৱাহাটী অসংগঠিত শ্ৰমিক সংঘ আৰু ভাৰতীয় মজদুৰ সংঘ কামৰূপ জিলা,উত্তৰ গুৱাহাটী ঠিকাভিত্তিক টেকনিকেল লেবাৰ ইউনিয়নৰ সৌজন্যত এখন প্ৰতিবাদী সভা আয়োজন কৰা হয় আৰু আই আই টি গুৱাহাটীৰ সঞ্চালক মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰা হয়।এই কাৰ্যসুচিত ভাৰতীয় মজদুৰ সংঘৰ অধিকাৰী জিতু হজাৰিকা, বলেন দাস দেৱ উপস্থিত থাকে।উত্তৰ গুৱাহাটী অসংগঠিত শ্ৰমিক সংঘৰ সভাপতি কুলেন বড়ো,সম্পাদক ৰঞ্জন কুমাৰ শৰ্মা,মুহিতেশ্বৰ গোস্বামী ,মুকুত গোস্বামী আদি ভালে সংখ্যক সদাশয় ব্যক্তি উপস্থিত থাকে।সভাত বঞ্চিত শ্ৰমিক সকলক অনতি বিলম্বে কামত নিয়োগ কৰাৰ লগতে এপ্ৰিল মাহৰ পৰা কৰ্তন কৰা দৰ্মহা আদায দিযাৰ বাবে দাবী জনায়।সভাত শ্ৰমিক বন্ধু সকলক কৰ্ম শক্তি,প্ৰেৰণা,আৰু মানসিকতা গঢ়ি তোলাৰ ক্ষেত্ৰত সকলোৰে সহযোগ কৰিবলৈ অধিকাৰী সকলে ব্যক্তব্যত উল্লেখ কৰে। লগতে কামৰ পৰা অব্যাহতি দিয়া শ্ৰমিক সকলক সাহাৰ্য , চেনিটাইজাৰ বিতৰণ কৰা হয়।

You might also like