নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্রৱাৰ চৰকাৰী ভূমিত স্থাপন ‘জামাইবস্তি’

নিয়মীয়া বাৰ্তা ১৮ জুনঃ  মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পৱিত্র জন্মভূমি বটদ্রৱাৰ বেদখলীকৃত প্রায় ১৬০ বিঘা ভূমি বেদখলমুক্ত কৰি ১৮৮ কোটি টকা ব্যয়েৰে ‘বটদ্রৱা প্রকল্প’ৰ কাম কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে যোৱা ২৫ ফেব্রুৱাৰীত শুভাৰম্ভ কৰিছিল৷ কিন্তু বটদ্রৱা থানখনৰ গাতে লাগি থকা বেদখলকৃত চৰকাৰী বৃহৎ ভূমি (৯৬২ বিঘা) বেদখলমুক্ত এতিয়াও হোৱা নাই৷ সকলো ধর্মীয় অনুষ্ঠানৰ ভূমি বেদখলৰ বিৰুদ্ধে মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰাৰ পাছতে কঠোৰ ভূমিকা গ্রহণ কৰা ড০ হিমন্ত বিশ্ব শর্মাই জগত গুৰুজনাৰ জন্মস্থান বটদ্রৱা থানৰ চৌদিশে থকা এই বৃহৎ চৰকাৰী বেদখলকৃত ভূমি সন্দর্ভত চৰজমিন তদন্তৰ বাবে বটদ্রৱাৰ প্রাক্তন বিধায়িকা আঙুৰলতা ডেকাক নির্দেশ দিয়ে৷

বৃহস্পতিবাৰে প্রাক্তন বিধায়িকা আঙুৰলতা ডেকাই ধিং ৰাজহ চক্রৰ চক্র বিষয়া চন্দনা বৰুৱা, সংলগ্ন চক্র বিষয়া আনিছ বেৰীয়াৰ লগতে মণ্ডল–কাননগোসহ বিষয়া–কর্মচাৰীসক লগত লৈ বেদখলকাৰীৰ কবলত থকা বটদ্রৱা চৰকাৰী কৃষি বীজপামৰ ৩৪৬নং দাগৰ ১৫০ বিঘা মাটি, শান্তিজান বজাৰৰ প্রায় ৫ বিঘা মাটি আৰু ভোমোৰাগুৰি কিচামৰ ৭৩৩নং দাগৰ ১০৪ বিঘা (জামাইবস্তি) আৰু লালুংগাঁৱৰ ৩৫৪নং দাগৰ ২৮৫ বিঘা, ধূপগুৰি কলনীবস্তিত থকা বটদ্রৱা শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮ বিঘা ভূমি আৰু শ্রীশ্রী বটদ্রৱা থানৰ বৰহিছা কিচামতৰ ১নং দাগত থকা ১২৩ বিঘা ৪ কঠা ১ লেছা আৰু হাইডুবি পথাৰত থকা ৩৪৬নং দাগৰ ৮০ বিঘা ভূমিৰ চৰজমিন পৰিদর্শন কৰে৷

লক্ষণীয় যে এই বেদখলকৃত ভূমিত বেদখলকাৰীয়ে চৰকাৰী আঁচনিৰ সকলো সা–সুবিধাৰ লগতে বিদ্যুৎ সংযোগো লাভ কৰিছে৷ একাংশই কৃষিভূমি আৰু আন একাংশই বৃহৎ বৃহৎ পুখুৰী খান্দি মৎস্য পালন কৰি ব্যক্তিগত লাভালাভ আদায় কৰি আহিছে৷ ভোমোৰাগুৰি কিচামৰ ৭৩৩ নং দাগৰ ১০৪ বিঘা ভূমি ব্রিটিছৰ শাসনকালত ১৯৩০ চনতে বটদ্রৱাৰ শ’লগুৰি সত্রৰ নামত আবণ্টন দিছিল যদিও সেই স্থানত বেদখলকাৰীয়ে নিজৰ সতি –সন্ততিক বিয়া দি বস্তি স্থাপন কৰি সত্রৰ ভূমিত পাতিছে জামাইবস্তি৷

একেদৰে তদানীন্তন অগপ চৰকাৰে লালুংগাঁও কিচামতৰ ৩৫৪নং দাগৰ ২৮৫ বিঘা ভূমি প্রাক্তন সৈনিকসকলৰ নামত আবণ্টন দিছিল যদিও সেই ভূমিত বেদখলকাৰীয়ে সাজিছে ঘৰ–দুৱাৰ৷ তদানীন্তন কংগ্রেছৰ শাসনকালত এইসকল বেদখলকাৰীয়ে লাভ কৰিছিল বিজুলী সংযোগ, অংগনৱাডী কেন্দ্র আৰু প্রধানমন্ত্রী আৱাস যোজনাৰ গৃহ, আধাৰ কার্ড, পান কার্ড, ৰেচন কার্ডৰ সুবিধা৷ উল্লেখ্য যে ২০১৮ চনৰ মার্চ মাহত নাবালিকাক ধর্ষণ কৰি জীৱন্তে জ্বলাই দিয়াৰ দৰে ঘটনা বটদ্রৱাৰ লালুংগাঁৱৰ বেদখল হোৱা স্থানৰ পৰাই সংঘটিত হৈছিল৷বটদ্রৱা থানৰ দাঁতিকাষৰীয়া তাহানিৰ বৰলুইতৰ এৰাসুঁতি ৰাসসুঁউতিজানৰ অস্তিত্ব আজি ভৌগোলিকভাৱে নাই৷

বৰলুইতৰ এই এৰাসুঁতিৰ লগত গুৰুজনাৰ স্মৃতি জডিত হৈ আছে৷ বটদ্রৱাৰ ঐতিহাসিক ৰামপুৰ সত্রত নাই কোনো সাংস্কৃতিক পৰিচয়৷ বটদ্রৱা থানৰ পৰা পোনে পোনে এসময়ত জুৰধৰা আলি নামৰ এটা পথ আছিল৷ সেইপথেৰে অহা–যোৱা কৰিছিল গুৰুজনাৰ নাতিপুৰুষ দামোদৰ আতা৷ পঞ্চদশ শতিকাৰ মাজভাগত বৰলুইতৰ বালিত গুৰুজনাৰ নাতিপুৰুষে প্রতিষ্ঠা কৰা ঐতিহাসিক বালিসত্র, দামোদৰ আতাই প্রতিষ্ঠা কৰা নৰোৱা বালিসত্র, ঐতিহাসিক মহাপুৰুষ কীর্তনঘৰ আৰু ওপৰ ডুমডুমীয়াৰ অস্তিত্ব ক্রমাৎ স্তিমিত হৈ আহিছে৷

শেহতীয়াকৈ বালিসত্রৰ বৃহৎ অঞ্চলটোত আৱির্ভাৱ ঘটিছে স্থানীয় একাংশ ভূ–মাফিয়া দালালৰ৷ খিলঞ্জীয়াৰ ভূমি বিক্রয়ৰ ক্ষেত্রত এইসকল দালালে সক্রিয়তাৰে কাম কৰি সত্রপীঠ অঞ্চলটোক অস্তিত্বৰ সংকটলৈ ঠেলি দিছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ নির্দেশত আজি বটদ্রৱাৰ প্রাক্তন বিধায়িকা আঙুৰলতাই এইসমূহ বেদখলকৃত ভূমিৰ চৰজমিন পৰিদর্শন কৰে আৰু উচ্ছেদ সন্দর্ভত প্রশাসনৰ লগত আলোচনামর্মে সিদ্ধান্ত গ্রহণ কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে৷

You might also like