নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঁচনি শুভাৰম্ভ কৰি চিৰাং উপায়ুক্তই প্ৰথমে ল’লে জাপানীজ এনকেফেলাইটিছ ভেকচিন

নিয়মীয়া বাৰ্তা, ১ নবেম্বৰ: আজিৰে পৰা চিৰাং জিলাত আৰম্ভ হ’ল মাহজোৰা ১৫ৰ পৰা ৬৫ বছৰীয়া ব্যক্তিক জাপানীজ এনকেফেলাইটিছ ভেকচিন প্ৰদান কাৰ্যসূচী। জিলা সদৰ কাজলগাঁওস্থিত জহৌলাও শ্বামলা বসুমতাৰী অসামৰিক চিকিৎসালয়ত জে ই ভেকচিন প্ৰদান আঁচনিৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে।

উপায়ুক্ত শ্বাহে ফিটা কাটি ভেকচিন প্ৰদান কক্ষৰ দ্বাৰ উন্মোচন কৰাৰ পাছত প্ৰথমটো ভেকচিন তেওঁ নিজে লয়। উপায়ুক্তৰ পাছতে অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) খনিন্দ্ৰ দাস,জিলা তথ্য আৰু জনসংযোগ বিষয়া গগণ চন্দ্ৰ নাৰ্জাৰী,স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু একাংশ সংবাদ কৰ্মীয়েও জাপানীজ এনকেফেলাইটিছ ভেকচিন গ্ৰহণ কৰে। আঁচনি শুভাৰম্ভ কৰি চিৰাং জিলা উপায়ুক্তই নিৰ্ধাৰিত বয়সৰ সকলোকে জাপানীজ এনকেফেলাইটিছৰ দৰে ৰোগৰ পৰা নিজৰ শৰীৰক সুৰক্ষা দিয়াৰ স্বাৰ্থত জে ই ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

মাহজোৰা জে ই ভেকচিন প্ৰদান আঁচনিৰ অধিনত সৰ্বসাধাৰণ ৰাইজে জিলা সদৰস্থিত অসামৰিক চিকিৎসালয়ৰ লগতে জিলাৰ প্ৰত্যেক স্বাস্থ্য কেন্দ্ৰত জে ই ভেকচিন গ্ৰহনৰ সুবিধা লাভ কৰিব বুলিও উপায়ুক্ত শ্বাহে সদৰি কৰে। সৰ্বসাধাৰণ ৰাইজক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা এই জে ই ভেকচিন সুৰক্ষিত বুলি উল্লেখ কৰাৰ লগতে নিজৰ শৰীৰত ভেকচিন গ্ৰহণ কৰি জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে প্ৰত্যক্ষ ভাৱে সজাগতা সৃষ্টিৰ আদৰ্শ দাঙি ধৰে। আজিৰ অনুষ্ঠানত জিলা যুটীয়া সঞ্চালক (স্বাস্থ্য) ডাঃ ৰাতুল চন্দ্ৰ বৰদলৈৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।।

input: বিপুল কুমাৰ দাস, কাজলগাঁও

You might also like