পুত্ৰ জয়ন্তৰ হত্যাৰ ন্যায় বিচাৰি মাতৃৰ আমৰণ অনশন অব্যাহত : ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি মাতৃ লীলা বৰাৰ
নিয়মীয়া বাৰ্তা, ২২ আগষ্ট : সেনা-আৰক্ষীৰ নৃশংস অত্যাচাৰত মৃত্যু হোৱা বৰহোলাৰ জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি মাতৃ লীলা বৰাই আৰম্ভ কৰা আমৰণ অনশন আজি দ্বিতীয় দিনাও অব্যাহত আছে।
উল্লেখ্য যে কালিৰে পৰা বৰহোলাৰ থানাৰ সন্মুখত প্ৰয়াত জয়ন্ত বৰাৰ মাতৃ লীলা বৰাই জয়ন্তৰ মৃত্যুৰ ৬৫ দিন উকলি যোৱাৰ পিছতো তদন্তৰ প্ৰতিবেদন প্ৰকাশ নকৰা আৰু হত্যাত অভিযুক্ত আৰক্ষী বিষয়াক পুনৰ চাকৰি যোগদান কৰিবলৈ সুবিধা দিয়াৰ প্ৰতিবাদত এই আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । আজি পুৱা তিতাবৰ মহকুমাৰ চক্ৰ বিষয়া মিতালী লাহন, মহকুমা আৰক্ষী বিষয়া নিতুমণি দাস উপস্থিত হৈ অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়। লগে লগে উত্তেজিত হৈ পৰে অনশনৰত জয়ন্তৰ মাতৃ লীলা বৰা। মাতৃ গৰাকীৰ স্পষ্ট মত যে যি পৰ্যন্ত মোৰ লৰাৰ হত্যাকাৰীৰ ওপৰত বিহীত ব্যৱস্থা নলয় আৰু তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰে, তেওঁ অনশন কোনো পৰিস্থিতিতে প্ৰত্যাহাৰ নকৰে। তেওঁ প্ৰশাসনৰ বিষয়া কেইজনক প্ৰশ্ন কৰে যে তেওঁৰ একমাত্ৰ পুত্ৰৰ হত্যকাৰীক নিলম্বন কৰাৰ পাছতো ডেৰ মাহৰ ভিতৰতে চাকৰি ঘূৰাই পালে কেনেকৈ ? কিয় এনেকৈ হত্যকাৰীক ৰেহাই দিয়া হ’ল। এইয়া এগৰাকী দুৰ্ভগীয়া মাতৃৰ প্ৰতি অন্যায়। মোক ন্যায় লাগে। অন্যথা মোক গুলিয়াই মাৰক।
মাতৃৰ এনে প্রশ্নবানত থকা সৰকা হৈ অৱশেষত কোনো সুদ্যুত্তৰ দিব নোৱাৰি উভতি যায় বিষয়াকেইজন। ইফালে আজি উৎকট গৰমত জয়ন্তৰ মাতৃয়ে অনশন অব্যাহত ৰখাত তেওঁৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটে । পৰিতাপৰ কথা যে যোৰহাট জিলা প্ৰশাসনে জয়ন্ত বৰাৰ মাতৃৰ আমৰণ অনশনক বিশেষ গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উঠিছে। কিয়নো আজি দুটা দিনত ভৰি দিয়া অনশনৰ খবৰ লবলৈ তিতাবৰৰ চক্ৰ বিষয়া মিতালী গগৈ লাহনৰ দৰে এগৰাকী বিষয়াৰ বাহিৰে জিলাৰ প্ৰশাসনৰ কোনো শীৰ্ষ বিষয়া উপস্থিত হোৱা নাই। ইপিনে পুত্ৰৰ ন্যায়ৰ দাবীত অনশন কৰা লীলা বৰাৰ স্বাস্থ্যৰ এনে অৱনতিত বৰহোলাৰ ৰাইজ আৰু সাতোটাকৈ জাতীয় সংগঠনে চিন্তিত হৈ পৰিছে। জাতীয় সংগঠন কেইটাই যোৰহাট জিলা প্ৰশাসন আৰু চৰকাৰক এই বুলি সকীয়াই দিয়ে যে ন্যায় প্ৰাপ্তিৰ বাবে আমৰন অনশন কৰা প্ৰয়াত জয়ন্ত বৰাৰ মাতৃৰ যদি কিবা হয় তেনেহলে চৰকাৰ সম্পূৰ্ণ জগৰীয়া হ’ব । জয়ন্ত বৰা হত্যাকাণ্ডৰ ন্যায় দাবী সমন্বয় সমিতিয়ে কিন্তু তেতিয়া হাত সাৱটি বহি নাথাকে । গতিকে সৰ্বানন্দ সোনোৱালৰ নেতৃত্বৰ বিজেপি চৰকাৰে সময় থাকোতে তদন্ত প্ৰতিবেদন প্ৰকাশ কৰি দোষী সেনা – আৰক্ষী-বিষয়াসকলক শাস্তি প্ৰদান কৰক ।
উল্লেখযোগ্য যে মাতৃৰ কাষত ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, যুৱ-ছাত্ৰৰ বিজু শইকীয়া, কৃষক মুক্তিৰ যোৰহাট জিলাৰ সাধাৰণ সম্পাদক প্ৰমোদ গগৈ, সমন্বয় সমিতিৰ নেতা নৰেন বৰা, চুতীয়া ছাত্ৰ সন্থাৰ নেতা অংশুমান শইকীয়া, ছাত্ৰ মুক্তিৰ অংকুৰ সোনোৱাল, সুপ্ৰতিম ৰাজখোৱা, সুৰজ গগৈ, হেমন্ত শইকীয়া, কৃষক মুক্তিৰ ৰাজীৱ চুতীয়া, নিতুল শইকীয়া আদি উপস্থিত থাকে।