মন্ত্রী যোগেন মহনৰ পাঁচ নিৰাপত্তাৰক্ষীক ডিমৌত কোৱাৰেণ্টাইন
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ অসম চৰকাৰৰ ৰাজহ আৰু দুর্যোগ প্রশমন (স্বতন্ত্র) তথা গডকাপ্টানী (সহযোগী) মন্ত্রী যোগেন মহনৰ পাঁচ নিৰাপত্তাৰক্ষীক শিৱসাগৰ জিলাৰ ডিমৌস্থিত কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্রেৰণ কৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনা সন্দর্ভত পাটসাঁকো ব্লক প্রাথমিক স্বাস্থ্য কেন্দ্রৰ স্বাস্থ্য বিষয়া ডাঃ নিৰঞ্জন দাসৰ পৰা লাভ কৰা তথ্য অনুসৰি মন্ত্রী যোগেন মহনৰ নিৰাপত্তাৰ দায়িত্বত থকা গোলাঘাট জিলাৰ ঠগীৰাম বৰা (৩০) নামৰ আৰক্ষী জোৱানজন কালি নিশা ঘৰৰ পৰা আহি কর্মত যোগদানৰ বাবে উপস্থিত হয় যদিও তেওঁক যোগদান কৰিবলৈ দিয়া নহয়৷ কিন্তু আৰক্ষী জোৱানজনে ইতিমধ্যেই আন চাৰিজন নিৰাপত্তাৰক্ষীৰ সৈতেও সম্পর্ক স্থাপন কৰিছিল বুলি স্বাস্থ্য বিভাগ অৱগত হোৱাত ঠগীৰাম বৰাৰ সৈতে ডিব্রুগড জিলাৰ খোৱাঙৰ অমূল্য কলিতা (৩৫), তিনিচুকীয়াৰ নীৰেন মহন্ত (৩২), যোৰহাটৰ বিজয় ঠাকুৰ (৫২) আৰু ধুবুৰীৰ হৰিচৰণ বিশ্বাস (২৬)ক আৰক্ষীৰ সহযোগত কালি নিশা মৰাণহাট আৰক্ষী থানাতে এটা কোঠাত ৰাখি থোৱা হয়৷
পুৱাই ১০৮ৰ যোগেদি পাঁচোগৰাকী নিৰাপত্তাৰক্ষীক শিৱসাগৰ জিলাৰ ডিমৌস্থিত কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্রেৰণ কৰে৷ আনহাতে আৰক্ষী প্রশাসন তথা স্বাস্থ্য বিভাগে কোনোধৰণৰ আগতীয়া জাননী লাভ নকৰাকৈ ৰেড জ’ন হিচাপে চিহ্ণিত গোলাঘাট জিলাৰ পৰা এগৰাকী আৰক্ষী জোৱান গ্রীন জ’নত প্রৱেশ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে শংকিত হৈ পৰিছে জনসাধাৰণ৷