মাজুলীৰ আঁহতগুৰি পঞ্চায়তত শতাধিক কংগ্ৰেছীৰ বিজেপিত যোগদানঃ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ
নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰী : মাজুলীত উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে শাসকীয় দল আৰু বিৰোধী দলৰ প্ৰাৰ্থীয়ে ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে ৷ অজপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে মাজুলীৰ গাঁৱে গাঁৱে ঘূৰি ভোটাৰক আকৰ্ষণ কৰিবলৈ কৰবাত যদি ক্ৰিকেট , ভলীবল খেলিছে কৰবাত আকৌ কেৰম বৰ্ড খেলি থকাও দেখা গৈছে। আনফালে শাসকীয় দল বিজেপিৰ প্ৰাৰ্থী ভুৱন গামে গাঁৱে গাঁৱে ঘুৰি বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰি ৰাইজৰ মন জয় কৰাৰ চেষ্টা অব্যহত ৰাখিছে ৷ ইফালে বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী ভুৱন গামে যোৱা ২২ ফেব্ৰুৱাৰীৰ পৰা মাজুলী জিলাৰ অন্তৰ্গত তথা মাজুলীৰ ভুখণ্ডৰ পৰা পৃথকে থকা আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰিত অগপ , গনশক্তি , আৰু বিজেপি দলৰ এটি সঁজাতী দলে দুদিনীয়াকৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৷ কালি দক্ষিণ আঁহতগুৰিৰ চকলাত অনুষ্ঠিত হোৱা সভা খনত বিজেপি চৰকাৰ খনৰ জনমুখি আঁচনিসমূহৰ ওপৰত ভাষণ প্ৰদান কৰে খোমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ৷ প্ৰাৰ্থীজনক নিৰ্বাচনী প্ৰচাৰত সংগ দিয়ে বিজেপিৰ মাজুলী জিলাৰ সম্পাদক দেৱ মুদৈ , মিচিং স্বায়ত্ত্বশাসিত পৰিষদল কাৰ্যবাহী উমা পাঠৰী , দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী চন্দ্ৰাৱতী দলে পেগু , বিজেপি কাৰ্যকৰ্তা নিতুল নাথ , নৃপেন কামান , বুধিন শইকীয়া , দেৱজিৎ পেগু , কিশোৰ গাম আৰু কিৰণ মেধীৰ লগতে বহু জন নেতা কৰ্মীয়ে ৷ আনহাতে আঁহতগুৰি পঞ্চায়তত বিৰোধী দল কংগ্ৰেছৰ পৰা মোহভংগ হৈ শতাধিক লোকে শাসকীয় দল বিজেপিত যোগদান কৰে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড