নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাজোঁটৰ বেলুনত হাগ্রামাৰ ‘হাৱা’; মহিলাৰীক সংগী হিচাপে পাই উৎফুল্লিত কংগ্রেছ–ইউডিএফ–বাঁও দল–আঞ্চলিক গণ মর্চা

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ আসন্ন বিধানসভা নির্বাচনত বিজেপি মিত্রজোঁটক প্রতিহত কৰাৰ লক্ষ্যৰে কংগ্রেছ–এ আই ইউ ডি এফ–চি পি আই–চি পি আই (এম)–চি পি আই (এম এল)–আঞ্চলিক গণ মর্চাই গঠন কৰা মহাজোঁটত দেওবাৰে আনুষ্ঠানিকভাৱে অংশীদাৰ হ’ল হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দল৷ বি পি এফক সংগী হিচাপে পাই স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে মহাজোঁট৷ হাগ্রামাৰ ‘হাৱা’ই মহাজোঁটৰ বেলুনক উজ্জীৱিত কৰিব বুলি আশাবাদী হৈছে মহাজোঁটৰ অংশীদাৰ দলসমূহ৷ এক কথাত ক’বলৈ গ’লে ইমানদিনে থমকি ৰোৱা মহাজোঁটৰ ৰথখন হাগ্রামাৰ অক্সিজেনেৰে সবলভাৱে আত্মপ্রকাশ কৰিব বুলি প্রতিটো অংশীদাৰ দলেই বিশ্বাস কৰিছে৷ মহানগৰীৰ হোটেল ছিগনেট ইনত দেওবাৰে আয়োজিত মহাজোঁটৰ এখন বৈঠকত বি পি এফ দলে আনুষ্ঠানিকভাৱে যোগদান কৰে৷ ইয়াৰ পাছতেই আয়োজিত এখন সংবাদ মেলত বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে কয় যে বি পি এফ দলে আনুষ্ঠানিকভাৱে মহাজোঁটত যোগদান কৰিছে৷ আজি অসমৰ যিটো পৰিৱেশ, বিজেপিৰ দিনত যি শাসন চলিছে, সেয়া অসমবাসী ৰাইজে বিচৰা ধৰণে হোৱা নাই৷

অসমৰ জাতি, জনগোষ্ঠীসমূহৰ সাংবিধানিক অধিকাৰ বিজেপি চৰকাৰে দিব পৰা নাই৷ সেয়ে অসমৰ ৰাইজৰ স্বার্থত, প্রগতিৰ স্বার্থত, শান্তিৰ স্বার্থত তেওঁলোকে মহাজোঁটৰ সৈতে কাম কৰি যোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ আসন্ন বিধানসভা নির্বাচনত মহাজোঁটৰ সৈতে থাকি নির্বাচনী যুঁজত অৱতীর্ণ হোৱাৰ লগতে বিজেপিক অসমৰ পৰা ‘আউট’ কৰিব৷ এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ’ব বুলি স্পষ্টভাৱে উল্লেখ কৰি মহিলাৰীয়ে কয়– ‘অহা দুই মে’ৰ পাছত মহাজোঁটৰ চৰকাৰ হ’ব৷ আমি একক সংখ্যাগৰিষ্ঠতা পাম৷ কাকো ‘হায়াৰ’ নকৰাকৈ মহাজোঁটে চৰকাৰ কৰিব৷’ বিজেপিক কটাক্ষ কৰি মহিলাৰীয়ে আৰু কয়– ‘মই য’ত নাই, তাত বিজেপিও নাই৷ মইহে বিজেপিক জীয়াই ৰাখিছিলোঁ৷’ তেওঁ আৰু কয় যে যোৱা ৫টা বছৰ বিজেপিৰ লগত থাকি তেওঁলোক সন্তুষ্ট হোৱা নাই৷ সেয়ে মহাজোঁটৰ লগত থাকি এইবাৰ নির্বাচন খেলিবলৈ ওলাই আহিছে৷ বিজেপিৰ লগত থাকিলে ৰাইজৰ বাবে ভাল কাম কৰিব নোৱাৰি৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালকো সমালোচনা কৰি তেওঁ কয় যে সোণোৱালে একো কাম কৰিব পৰা নাই৷ কেৱল ঘোষণা কৰাৰ বাহিৰে একো কাম কৰা নাই৷ সেইদৰে বি পি এফৰ আন এগৰাকী জ্যেষ্ঠ নেতা খাম্ফা বৰগয়াৰীয়ে কয় যে ২০১৬ চনত অসমত বি পি এফ দলেহে বিজেপিক ক্ষমতালৈ আনিছিল৷ কিন্তু যোৱা ৫টা বছৰত দেখা গৈছে অসমৰ জনসাধাৰণৰ আৱেগ–নুভূতিৰ বিৰুদ্ধে চৰকাৰখনে কাম কৰিছে৷ ধর্ম–ভাষা–ঞ্চলৰ নামত বিজেপিয়ে বিভাজন আনিছে৷ আসন্ন বিধানসভা নির্বাচনত বি পি এফ দলে বিটিচিত সীমাবদ্ধ থাকি কেৱল ইয়াৰ অধীনস্থ ১২টা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলি উল্লেখ কৰি বৰগয়াৰীয়ে কয় যে বিটিচিৰ বাহিৰৰ ২৮টা সমষ্টিত বি পি এফ দলে মহাজোঁটৰ প্রার্থীক সমর্থন আগবঢ়াব৷ এইবাৰ বিধানসভা নির্বাচনত বিজেপিয়ে বর্তমান তেওঁলোকৰ দখলত থকা ২৫ৰ পৰা ৩০টা সমষ্টি হেৰুৱাব বুলি মন্তব্য কৰে৷

সংবাদ মেলখনত নিখিল ভাৰত কংগ্রেছ কমিটীৰ সম্পাদক অনিৰুদ্ধ সিঙে মহাজোঁটত বি পি এফ দল চামিল হোৱাত আদৰণি জনাই কয় যে ইয়াৰ ফলত মহাজোঁট যথেষ্ট শক্তিশালী হৈ পৰিব৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰায়ো হাগ্রামা মহিলাৰীক আদৰণি জনাই কয় যে মহিলাৰীৰ যোগদানে মহাজোঁটক শক্তিশালী কৰিব আৰু এইবাৰ মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত৷ এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক (সংগঠন) আমিনুল ইছলামে কয় যে বি পি এফৰ যোগদানে মহাজোঁটক যথেষ্ট শক্তিশালী কৰিছে৷ বিটিচিৰ উপৰি সমগ্র অসমতে জনজাতিসকলৰ মাজত বি পি এফৰ শক্তিশালী ভূমিকা আছে৷ সেয়ে তেওঁ বি পি এফক সকলো জনজাতিৰ লগত কথা পাতি ঐক্যবদ্ধ কৰোৱাৰ আহ্বান জনায়৷ সেইদৰে চি পি আইৰ ৰাজ্যিক কমিটীৰ সম্পাদক মুনীন মহন্তই যি সময়ত মিচিং, তিৱা জনগোষ্ঠীক বিজেপিয়ে নিজৰ হাতলৈ নিছে, সেই সময়ত বড়ো জনগোষ্ঠীৰ অন্যতম শক্তিশালী দল বি পি এফে নিজৰ অস্তিত্ব অক্ষুণ্ণ ৰাখি মহাজোঁটৰ অংশীদাৰ হোৱাৰ বাবে আদৰণি জনায়৷ চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচার্যয়ো বি পি এফক মহাজোঁটৰ অংশীদাৰ হোৱাৰ বাবে আদৰণি জনাই কয় যে আসন্ন বিধানসভা নির্বাচনত মহাজোঁটে বিজেপি আৰু তেওঁলোকৰ সহযোগীসকলক পৰাস্ত কৰাৰ বাবে যুঁজ দিব৷ ইপিনে আঞ্চলিক গণ মর্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞাই কয় যে বি পি এফৰ অংশগ্রহণে মহাজোঁটক যথেষ্ট শক্তি দিলে, আগুৱাই যোৱাত সহায় কৰিলে৷ বর্তমানৰ বিজেপি চৰকাৰখনৰ পৰা মাজতে অগপ দল ওলাই যোৱাৰ পাছত সেই সময়ত বি পি এফেই চৰকাৰখন ৰক্ষা কৰিছিল৷ কিন্তু বিগত দিনত বিজেপিয়ে হাগ্রামা মহিলাৰী আৰু বি পি এফক যিধৰণে আক্রমণ, অপমান কৰিলে, সেয়া গৰিহণাৰ যোগ্য৷ বিজেপিয়ে এইবাৰ মহাজোঁটৰ আক্রমণৰ পৰা ৰক্ষা নাপাব৷ মহাজোঁটৰ আক্রমণ ৰোধ কৰাৰ ক্ষমতা বিজেপিৰ নাই৷ চি পি আই (এম এল)ৰ পংকজ কুমাৰ দাসে কয় যে অসমৰ মাটিৰ পৰা এইবাৰ বিজেপি উৎখাত হোৱাটো দুশ শতাংশ নিশ্চিত৷

আনহাতে, দেওবাৰৰ এই সংবাদ মেলখনতে মহাজোঁটৰ অংশীদাৰ প্রতিটো দলেই নৱগঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক অচিৰেই মহাজোঁটত চামিল হ’বলৈ পুনৰ আহ্বান জনায়৷ ইফালে তেজস্বী যাদৱ নেতৃত্বাধীন আৰ জে ডিয়েও অচিৰেই মহাজোঁটত চামিল হোৱাৰ ইংগিত দি সংবাদ মাধ্যমৰ আগত কয় যে প্রথমতে আনুষ্ঠানিকভাৱে মহাজোঁট গঠন হৈ উঠক৷ সেয়া ইয়াৰ স্থানীয় নেতাসকলে কৰিব লাগিব৷ তেওঁ কংগ্রেছৰ শীর্ষ নেতাসকলৰ লগত কথা পাতি আছে৷ আসন্ন বিধানসভা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ স্বার্থত তেওঁ অসমলৈ নির্বাচনী প্রচাৰ চলাবলৈ আহিব বুলিও সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে৷

ইপিনে দেওবাৰে অনুষ্ঠিত মহাজোঁটৰ বৈঠকে দেশৰ নির্বাচন আয়োগ আৰু ৰাজ্যৰ নির্বাচন বিভাগক নিৰপেক্ষভাৱে কাম কৰাৰ আহ্বান জনাই নির্বাচনী প্রচাৰৰ ক্ষেত্রত সকলো দলকে সম–ধিকাৰ প্রদানৰ দাবী জনায়৷ সেইদৰে শাসকীয় পক্ষই বহু ঠাইত বিতৰণৰ বাবে মজুত কৰি ৰখা চাইকেল, স্কুটী আদি জব্দ কৰাৰ লগতে নির্বাচনী আচৰণ বিধি বলৱতৰ পাছত হিতাধিকাৰীক যাতে বেংকযোগে কোনোধৰণৰ টকা–পইচা প্রেৰণ কৰিব নোৱাৰে, তাৰ বাবে বেংক কর্তৃপক্ষক কঠোৰ নির্দেশনা দিয়াৰ বাবে আয়োগক দাবী জনায়৷ একেদৰে ৰাজ্যৰ ভিন্ন প্রান্তত এতিয়াও লাগি থকা বিজেপিৰ পোষ্টাৰ–বেনাৰ আদি আঁতৰোৱাৰ লগতে তিনি বছৰ ধৰি একেই স্থানত কর্মৰত তথা গৃহ জিলাত কর্মৰত ৰাজপত্রিত বিষয়াসকলক বদলিৰ ব্যৱস্থা কৰিবলৈ আয়োগক দাবী জনায়৷

You might also like