জোনাইৰ ১০৫ টা বানবিধ্বস্ত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত জোনাইৰ ১৯ টা সংগঠনৰ সংবাদ মেল
নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ ধেমাজি জিলাৰ জোনাই মহকুমাৰ ১৯ টা জনগোষ্ঠীয় সংগঠনে আজি জোনাই সদৰত অৱস্থিত মুৰ্কংচেলেক মিচিং কৃষ্টি কেবাঙৰ মুৰংঘৰত এক সংবাদ মেল অনুষ্ঠিত কৰা হয়| টি এম পি কে, টি এম এম কে, এম এম কে, ট্ৰাইবেল সংঘ, আটাছু, লালুং, গাৰো, বেঙ্গলী, ৰাভা, কোছ ৰাজবংশী, মেছ, দেউৰী ছাত্র সন্থা, দেউৰী সাহিত্য সভা, গোৰ্খা, সোনোৱাল ছাত্ৰ সন্থা, হাজং, লালুং, টিৱা, ভূজপুৰীকে ইত্যাদি ১৯ টা জাতীয় সংগঠনৰ নেতা, কৰ্মীয়ে উপস্থিত থকা সংবাদ মেলত জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত গালী চিকাৰী গাওঁ পঞ্চায়তৰ গালীঘাট, জীয়াঢল, মুদৈ ইত্যাদি গাঁৱৰ ১০৫ টা বানপানীত বিধ্বস্ত পৰিয়ালে চিমেন চাপৰি অঞ্চলৰ পলিটেকনিক কলেজৰ সমীপত অৱস্থিত চৰকাৰী ভূমিত আশ্ৰয় গ্ৰহণ কৰি থকা দুৰ্ভগীয়া পৰিয়ালসকলক উক্ত স্থানতে সংস্থাপনৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে|
সংগঠনসমূহে জানিবলৈ দিয়া মতে গালী চিকাৰী পঞ্চায়তৰ গালীঘাট, মুদৈ আৰু জীয়াঢল গাঁৱৰ প্ৰায় তিনি শতাধিক লোকে বিগত বানত সৰ্বস্ব হেৰুৱাই অঘৰীৰ দৰে অত তত ঘূৰি আছে| সেইবাবে বানত বিধ্বস্ত পৰিয়ালসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ সংগঠনসমূহে চৰকাৰৰ ওচৰত দাবী জনাইছে| অন্যথা চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলা হব বুলি সকীয়াই দিছে| আনহাতে সংবাদমেলৰ শেষত বানবিধ্বস্ত পৰিয়ালসকলে আশ্ৰয় গ্ৰহণ কৰি স্থানত সাংবাদিকৰ দলে পৰিভ্ৰমন কৰে| সাংবাদিকে ভ্ৰমন কৰাৰ সময়ত বানত সৰ্বস্ব হেৰুৱা পৰিয়ালসকলে চিমেন চাপৰিৰ চৰকাৰী ভূমিত মুকলি আকাশৰ তলত সাধাৰণ টিৰপাত তৰি জীৱন নিয়াই আছে| খোৱা লোৱাৰ কোনো সুবিধা নথকাকৈ পুৰুষ, মহিলা আৰু শিশুৰে সৈতে দুৰ্বিষভাৱে সময় অতিবাসিত কৰি আছে| বান বিধ্বস্ত পৰিয়ালসকলে তেওঁলোকক চিমেন চাপৰিৰ চৰকাৰী ভূমিত সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে|
উল্লেখ্য বান বিধ্বস্ত পৰিয়ালসকলে আশ্ৰয় গ্ৰহণ কৰি থকাটো জামজিং সংৰক্ষিত বনাঞ্চলৰ সামাজিক বনানীকৰণৰ ভূমিত অন্তৰ্গত|