নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাঁঠিৰ ধন ভাঙি চিচিবৰগাঁৱৰ নন্দীগিৰিয়ে সাঁজিলে বাঁহৰ দলং

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ চৰকাৰলৈ বাট চাই অতিষ্ঠ হৈ মিছামাৰী নদীৰ গ্ৰাসত বুৰ গৈ থকা ৰাইজৰ দুখ- দুৰ্গতি স্বচক্ষে প্ৰত্যক্ষ কৰি চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত চিৰিপাণি কামচিত প্ৰতিষ্ঠিত ব্যৱসায়ী নন্দীগিৰি ভূঞাই গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং। বিৱৰণী অনুসৰি, বিগত প্ৰায় 3 বছৰৰ পৰা বৃহত্তৰ চিৰিপাণি ৰাইজে মিছামাৰী নদীৰ দ- কামচি অংশত এখন স্থায়ী দলং কিম্বা কালভাৰ্ট নিৰ্মাণৰ বাবে দাবী জনাই আহিছিল।

কিন্তু এই অংশত ফলপ্ৰসূ আঁচনি ৰূপায়ণ নোহোৱা বাবেই চৰম যাতায়াতী সমস্যাৰ সন্মুখীন হৈ আহিছে দ- কামচি, মিছামাৰী, বাঢ়ৈটিং, গৰৈমাৰী আদি কৰি প্ৰায় দহখন গাঁৱৰ গঞা ৰাইজ। খৰালি কালত তেনেই শুকাই কৰ্কৰীয়া হৈ থকা নদীখনৰ সূতিঁটো বাৰিষা পানীৰে উপচি পৰি সৰু নদীলৈ পৰ্যবসিত হয়। যাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ- ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে দোকান পোহাৰলৈ যাবলৈ বহু অসুবিধাৰ সন্মুখীন হয়। পৰিপ্ৰেক্ষিতত ৰাইজে এই অংশত এখন কালভাৰ্ট অথবা দলঙৰ ব্যৱস্থাৰ বাবে দীৰ্ঘদিনে অনুনয়- বিনয় কৰাৰ পিছতো প্ৰশাসনে যথোপযুক্ত ব্যৱস্থা লোৱা পৰিলক্ষিত নহ’ল। এনে সময়তে চিচিবৰগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী নন্দীগিৰি ভূঞাই আগবাঢ়ি আহি প্ৰায় চল্লিশ হেজাৰ টকাৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰি দিলে বাঁহৰ এখন দীৰ্ঘকায় দলং।

আজি দিনৰ প্ৰায় 10.30 বজাত মাংগলিক ৰীতি- নীতিৰ মাজেৰে স্থানীয় অৰ্ধ শতাধিক ৰাইজৰ উপস্থিতিত দলংখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে নন্দীগিৰিৰ কণিষ্ঠ ভাতৃ ৰত্নপ্ৰসাদ ভূঞাই। প্ৰায় 50 ফুট দীঘল বাঁহৰ দলং নিৰ্মাণ কৰি দিয়া মহানুভৱ যুৱক নন্দীগিৰিৰ পদক্ষেপক স্থানীয় ৰাইজে শলাগ লৈছে।

You might also like