নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত বাঢ়নী পানীত খহি পৰিল পকী দলংঃ  নিম্নমানৰ সামগ্রী ব্যৱহাৰ কৰাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ  জোনাইত বাঢ়নী পানীয়ে খহাই নিছে এখন গুৰুত্বপূৰ্ণ পথত থকা এখন দলংৰ এটা মুৰ ৷ অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি কাম কৰাৰ বাবেই বাঢ়নী পানীত খহি পৰাৰ অভিযোগ ৰাইজৰ।
লুহিজান-বেৰাচাপৰি সংযোগী পথৰ নতুনকৈ নিৰ্মাণ সম্পূৰ্ণ থকা পকী দলঙখন বাঢ়নী পানীত খহি যোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। জোনাইৰ লুহিজান-বেৰাচাপৰি সংযোগী পথৰ ওপৰত থকা লুহিজান  দলংখন জোনাই নদীৰ বাঢ়নী পানীয়ে এটা মুৰত খহাই নিয়াত বহিঃজগতৰ সৈতে বিচ্ছিন্নৰ পথত বৃহত্তৰ বেৰাচাপৰি অঞ্চলৰ প্ৰায় ২৫-৩০ খন গাঁৱৰ ৰাইজে৷ জোনাই মহকুমাৰ সৰ্বাধিক বান বিধ্বস্ত অঞ্চল বেৰাচাপৰিৰ প্ৰায় ২৫-৩০ খন গাঁৱৰ ৰাইজৰ জোনাই সদৰকে ধৰি অন্যান্য প্ৰান্তৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম এই পথখনেই“৷

ইফালে পথখনৰ লগতে ওপৰত থকা পকী দলংখন দুমাহ পূৰ্বে নিৰ্মান কাৰ্য সম্পূৰ্ণ কৰিছিল যদিও  ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিত দলংখনৰ দুইমুৰে অতি নিম্ন মানেৰে পথখন নিৰ্মান কৰাত সাধাৰণ বৰষুণৰ বাঢ়নী পানীতে এনেদৰে খহিগল দলংখনৰ এটা মুৰত৷ যাৰ ফলত এতিয়া দলংখনৰ সিপাৰে থকা প্ৰায়  ২৫-৩০ খন গাঁৱৰ ৰাইজে স্কুল, কলেজকে ধৰি চিকিৎসা, বেপাৰ বাণিজ্য আদি কৰি সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিব জোনাই সদৰৰ সতে যোগাযোগ৷যাৰ ফলত হাহাকাৰৰ অঞ্চলটোৰ ৰাইজৰ মাজত৷ ইফালে বৃহত্তৰ বেৰাচাপৰি অঞ্চললৈ যোৱা অকলেণ্ড-বেৰাচাপৰি সংযোগী পথৰ ওপৰতো বাগৰিছে জোনাই নদীৰ বাঢ়নী পানীয়ে৷

উল্লেখ্য যে দলংখনৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱাৰ পৰাই অতি নিম্নমানৰ হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছিল যদিও ঠিকাদাৰ জনে ৰাইজৰ অভিযোগক কোনো গুৰুত্ব নিদি চলাই গৈছিল দলঙখনৰ কাম। সেয়েহে উচ্চ পৰ্যায়ৰ তদন্ত কৰি লুণ্ঠনৰূপী ঠিকাদাৰ জনৰ বিৰূদ্ধে বিহীত ব্যৱস্থা ল’বলৈ দাবী জনাইছে স্থানীয় ৰাইজে লগতে জোনাই আঞ্চলিক ছাত্ৰ সন্থাই ।

You might also like