নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰ:  জেনাইত আজি ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, গো- সুৰক্ষা আইন আৰু জোনাই বহুমুখী সমবায় বেংক কর্তৃপক্ষা জনসাধাৰণৰ জমাধন আত্মসাৎকৰা ধন ঘূৰাই দিয়াৰ দাবীত এক ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷

প্ৰায় শতাধিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই

বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধেও প্ৰতিবাদী শ্ল’গান দি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।

বিজেপি নেতৃত্বাধীন চৰকাৰখনে একনায়কত্ববাদী মনোভাৱেৰে দুখীয়া ৰাইজক প্ৰতাৰণা কৰি আহিছে বুলি উল্লেখ কৰি তৎকালীনভাৱে

নিত্য ব্যৱহার্য খান্য-সামগ্ৰী আৰু পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ মূল্য হ্রাস কৰা, গো-সুৰক্ষা আইন বাতিল আৰু জোনাই বহুমুখী সমবায় বেংক কর্তৃপক্ষা জনসাধাৰণৰ জমাধন আত্মসাৎকৰা ধন ঘূৰাই দিয়াৰ দাবী জনায়। অন্যথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে।

উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা

খাদ্য সামগ্ৰীকে ধৰি নিত্য ব্যবহাৰ্থ প্ৰতিটো বয়-বস্তুৰ নাম ক্রমান্বয়ে উভমুখী হৈ থকাৰ ফলত খাটিখোৱা পৰিদ্ৰ পৰিয়ালৰ লোকসকলৰ উপৰিও মধ্যবিত্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিচালৰ বাবেও মূল সমস্যাৰ কাৰক হৈ পৰিছে। চলিত বছৰটোতে চাউল, পইল, চেনী, আটা, মিঠাতেল, আলু- পিয়াজ আনি খানা বস্তুব উপৰিও তৈলজাত সামগ্রী পেট্রল-ডিজেল, বন্ধন গেছ আৰু বন, শিল, চিমেন্ট, বালি আদি নির্মাণ সামগ্ৰীৰ দাম ২০ ৰ পৰা ৩০ শতাংশ পর্যন্ত বৃদ্ধি পোৱাত জনসাধাৰণে মূল্যবৃদ্ধিৰ অতিৰিক্ত বোজা বহন কৰিবলগীয়া হৈছে। যাত্রীবাহী বাছকে ধৰি অন্যান্য সা-সামগ্রী কঢ়িওৱা যান-বাহনেও তেলৰ দাম বৃদ্ধি দোহাই দি যাত্ৰীৰ পৰা পূর্বতকৈ অধিক হাৰত ভাড়া আদায় লৈ আছে। বস্তুৰ মূল্যবৃদ্ধি ঘটাত অৰিহনা যোগাইছে। বিশেষকৈ কভিড ১৯ মহামাৰীৰ ফলত উদ্ভব হোৱা লকডাউন সদৃশ পৰিস্থিতিয়ে সকলো ক্ষেত্ৰতে অচলাবস্থাৰ সৃষ্টি কৰিছে। ব্যবসায়-বাণিজাকে ধৰি সংগঠিত-অসংগঠিত সকলো খণ্ডতে অপৰিকল্পিত লকডাউনে বিৰূপ প্রভাৱ পেলাইছে। এনে দুৰ্যোগৰ মুহূৰ্তত চৰকাৰে জনসাধাৰাৰ লগতে ক্ষুদ্র-মগীয়া ব্যবসায়ী, উদ্যোগ প্রতিষ্ঠানসমূহক যি ধৰণে সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰয়োজন আছিল সেই ক্ষেত্ৰত চৰকাৰে সম্পূৰ্ণ উদাসীন নীতি গ্ৰহণ কৰাৰ বাবে মুলাবৃদ্ধিকে ধৰি বিভিন্ন সামগ্ৰীৰ সৰ্বয়ে এক নিয়ন্ত্রণহীন অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে। সেয়েহে দ্রুত হাৰত বৃদ্ধি পোৱা অস্বাভাবিক দুলাবৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰ প্ৰশাসনে তৎকালীনভারে , অত্যাবশ্যকীয় খাদ্য সামগ্ৰীসমূহ জৰুৰীকালীন সেৱা-দ্রব্য অন্তর্ভূক্ত কৰি ইয়াৰ অবৈধ মজুত কৰা, অত্যাধিক মূল্য নিৰোপণ কৰা আমদানি-ৰপ্তানিৰ ক্ষেত্ৰত বিধিগত ব্যবস্থা গ্রহণ কৰিব পৰাকৈ শীঘ্ৰে বিধানসভাত এক অত্যাবশ্যকীয় সামগ্রী বিধি বা আইন প্রস্তুত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে বিধানসভাৰ সৰ্বদলীয় প্রতিনিধিৰে শীঘ্ৰে এক পর্যবেক্ষণ সমিতি গঠন কৰা জিলা পৰ্যায়ত উপায়ুক্তক, আৰক্ষী অধীক্ষক, যোগান বিভাগৰ বিষয়াসকলকে ধৰি সংশ্লিষ্ট বিভাগসমূহৰ মুৰব্বী বিষয়াসকলৰ প্ৰতিনিধিত্বৰে টাস্কফৰ্চ গঠন কৰি দৈনিক বজাৰৰ দাম-দৰৰ ওপৰত চোকা নজৰ ৰখাৰ ব্যবস্থা গ্রহণ কৰা, কোনো অসাধু ব্যবসায়ীয়ে যাতে খাদ্য সামগ্ৰীৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি গ্ৰাহকৰ পৰা অত্যাধিক হাৰত মূল্য আদায় ল’ব নোৱাৰে তাৰবাবেও বয়-বস্তুৰ আমদানি, ৰপ্তানি আৰু মজুত ৰখা ভঁৰালসমূহ্যে নিয়মিত পৰিদৰ্শনৰ ব্যৱস্থা কৰা, মূল্যবৃদ্ধি স্বাভাৱিক অবস্থালৈ ঘুৰি নহা পর্যন্ত চৰকাৰে বয়-বস্তুৰ ওপৰত আৰোপ কৰা কৰ-কাতল হ্ৰাস কৰা, কৃষক আৰু ক্ষুদ্র উদ্যোগীসকলক চৰকাৰী ভাট্টা দিয়াৰ ব্যৱস্থা কৰা, গুণ্ডাকৰ সংগ্ৰহ আৰু মধ্যভোগীৰ অতপালি কঠোৰ হাতেৰে দমন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা,ৰাজহুৱা বিতৰণ ব্যৱস্থা সার্বজনীন কৰা নিত্য ব্যবহার্য সামগ্রী যেনে– চাউল, দাইল, মিঠাতেল, আলু পিঁয়াজ, শাক-পাচলিকে ধৰি সকলো পুষ্টিকৰ খাদ্য সামগ্ৰীক ৰাজৱা বিতৰণ ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰা, পেট্ৰোল-ডিজেল, ৰন্ধন গেছকে ধৰি তৈলজাত সামগ্ৰীৰ ক্ষেত্ৰত উপকৰ (VAT) আৰু আবকাৰী শুল্ক (Excise Duty)হ্ৰাসস কৰি পৰিবহণ ব্যয় ৰোধ কৰাৰ ব্যৱস্থা কৰা, জোনাই মহকুমান্বিত জোনাই বহুমুখী সমবায় বেংক কর্মচাৰীসকলে জোনাই মহকুমা অন্তর্গত প্রায় ৩০০০ পৰিয়ালৰ পৰা দৈনিক ৫০ ৰ পৰা ১০০ টকা পৰ্যন্ত দুখীয়া পৰিয়ালৰ পৰা সংগ্ৰহ কৰে। কিন্তু উক্ত ধন সংগ্রহ কৰি বেংক কর্তৃপক্ষৰ লগতে এজেণ্ট সকলে আত্মগোপন কৰে। বাৰে বাৰে গ্রাহক সকলে উক্ত জমাধন ঘুৰাই দিয়াৰ বাবে দাবী কৰি আহিছে, যদিও কৰ্মচাৰীৰ লগতে এজেণ্ট সকলে কোনোধৰণৰ গুৰুত্ব দিয়া হোৱা নাই। গতিকে অসম চৰকাৰে উক্ত লোকৰ কৰ্মচাৰীসকলৰ লগে এজেণ্ট সকলক দুখীয়া পৰিয়ালৰ জমা ধন অতি শীঘ্ৰে জমা ধন ঘূৰাই দিয়াৰ লগতে বিহীত ব্যৱস্থা গ্রহণ দাবীৰে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ছইপ পাৱ ,কাৰ্যকৰী সভাপতি

পি পেগু, আৰু সাধাৰণ সম্পাদক ডি বৰাৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ জোনাই মহকুমাধিপতিৰ জৰিয়তে অসম চৰকাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ, বিত্তমন্ত্রী,অসম চৰকাৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰে৷

You might also like