জোনাইত বিধায়ক ভূৱন পেগুৰ আধাৰশিলা স্থাপন মিঞা মিউজিয়াম কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতি
হিন্দু- মছুলমানৰ ৰাজনীতি কংগ্ৰেছেহে কৰিছে বুলি তীব্ৰ সমালোচনা - বিধায়ক ভূবন পেগুৰ
নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ অসম চৰকাৰৰ দ্বাৰা অনুমোদিত SOPDG শিতানৰ জোনাই মহকুমা সদৰৰ আজি জোনাইত ৩৮ কোটি টকাৰ পেকেজৰ কেবাটাও আধাৰশিলা আৰম্ভ কৰিবলৈ আহে ১১৪ জোনাই বিধান সভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে৷ বিধায়ক উন্নয়ন পুঁজিৰ অধীনত জোনাইত মহকুমাত নিৰ্মাণ হব লগা মুঠ ১৭ টা গড়কাপ্তানি পথৰ আজি বিধায়কোজনে জোনাইত ৭টা গড়কাপ্তানি পথৰ নিৰ্মাণৰ আধাৰশিলা আৰম্ভ কৰে৷ এই আধাৰশিলা আৰম্ভনি অনুষ্ঠানত বিধায়কজনে জোনাই সমষ্টিৰ উন্নয়নৰ বাবে হাতত লোৱা আচঁনি সমূহৰ ওপৰতো আলোকপাত কৰে৷ জোনাই মহকুমাত জৰাজীৰ্ণ হয় থকা জোনাই বজাৰৰ পৰা বাহিৰ জোনাই পথ, জোনাই বজাৰ গান্ধী ৰোড পথ, ৰাংকপ তিনিআলিলিৰ পৰা জোনাই টাউন ক্লাৱৰ পথ আৰু জোনাই সপ্তাহিক বজাৰ পথৰ লগতে আৰু তিনিখন পথৰ আধাৰ শিলা স্থাপন কৰে৷ আধাৰ শিলা স্থাপনৰ পিছতে জোনাই সদৰৰ মাজমজিয়া নিৰ্মাণ কৰি থকা যান বাহন আস্থানত এখনি সভা অনুষ্ঠিত কৰে৷ দণ্ডাধীশ প্ৰিতম কুমাৰ দাস, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদক, জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ্বৰ পেগু, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য পদুম ৰায়, জোনাই পঞ্চায়তৰ সভাপতি জয়ন্ত বৰি, আঞ্চলিক পঞ্চায়তৰ সদস্য কমলা শৰ্মা, জোনাই ব্লক সমিতিৰ উপ-সভাপতি বীৰ বাহাদুৰ লিম্বু, কেইবাগাৰকী বিষয়া আৰু স্থানীয় ৰাইজৰ উপস্থিতিত থকা সভাত বিধায়ক ভূৱণ পেগুক সাংবাদিকে সুধা প্ৰশ্নত উত্তত- মিঞা মিউজিয়াম ওপৰত নিজৰ মন্তব্যত ৰাখি কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে জোনাই বিধায়ক ভূবন পেগুৱে৷ হিন্দু – মছুলমানৰ জাত পাতৰ নিকৃষ্ট ৰাজনীতি কংগ্ৰেছে আৰম্ভ কৰা বুলি কটাক্ষ কৰে৷ কংগ্ৰেছৰ আৰু এ.আই.ইউ.ডি.এফৰ মিত্ৰতাৰ ফলত অসমৰ ৰাইজে কংগ্ৰেছ দলক গ্ৰহন নকৰা বাবে কংগ্ৰেছে জাত পাতৰ ৰাজনীতি আৰম্ভ কৰিছে আৰু ইয়াৰ ফলত অসমীয়াৰ স্বাভিমান আৰু জাগ্ৰত হব বুলি বিধায়ক জনে কয়৷ উক্ত সভাত উপস্থিত ৰাইজক সম্বোধন কৰি জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে কয়-জোনাই মহকুমাৰ সৰ্বাংগীন উন্নয়ন সাধন কৰাই একমাত্ৰ মোৰ প্ৰধান লক্ষ্য বুলি কয় আৰু জোনাই বজাৰৰ দোকান পোহাৰ সমূহ শৃংখলাবদ্ধতাৰে ৰাখি স্বচ্ছতা বজাই ৰাখিব লৈ অনুৰোধ জনায়৷