নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’ল লাইনৰ তলেৰে সুৰঙ্গ খান্দি চিমেন চাপৰি অৰুণাচল প্ৰদেশৰ চিকিৰিমা পথ নিৰ্মাণৰ বিৰোধিতা

উৰণীয়া সেতু অথবা ৰে'ল ক্ৰচিং নিৰ্মাণৰ দাবী, আহ্বায়ক সমিতি গঠন, চিমেন চাপৰিত ৰাজহুৱা সভা

নিয়মীয়া বাৰ্তা, ৩১ আগষ্টঃ অসমৰ ধেমাজি জিলাৰ চিমেন চাপৰি আৰু অৰুণাচল প্ৰদেশৰ চিকিৰিমা সংযোগী পথ নিৰ্মাণৰ বাবে চিমেন চাপৰিত ৰে’ল লাইনৰ তলেৰে সুৰঙ্গ খান্দিবলৈ ৰে’ল বিভাগে গ্ৰহণ কৰা সিদ্ধান্তক বিৰোধিতা কৰিছে চিমেন চাপৰিবাসী ৰাইজে।
এই বিষয়ত আলোচনা কৰাৰ উদ্দেশ্যি আজি চিমেন চাপৰিৰ সোণালী চাপৰি বাথৌ মন্দিৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। সতীশ বসুমতাৰী বড়ো হাইস্কুলৰ সহঃ প্ৰধান শিক্ষক ললিত চন্দ্ৰ বড়োয়ে সভাপতিত্ত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় সভাৰ আহ্বায়ক তথা চিমেন চাপৰি গাওঁ পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰে। উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ নতুনকৈ গঠন হোৱা নামনি চিয়াং জিলাৰ জিলা সদৰ হিচাপে চিকিৰিমা, লিকাবালি, গাৰো আৰু চিজি অঞ্চলকলৈ ৰাইজৰ মাজত দাবী উত্থাপন হৈ আহিছে। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত চিমেন চাপৰি আৰু নামনি চিয়াং জিলাৰ জিলা সদৰ হিচাপে প্ৰস্তাৱিত চিকিৰিমা লৈকে দ্বৈত পথ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে বুলি সভাই মত প্ৰকাশ কৰে। চিমেন চাপৰিত ওঠৰ ফুট গভীৰতাত ৰে’ল লাইনৰ তলেৰে সুৰঙ্গ খান্দিলে ভবিষ্যতৰ বাবে চিমেন চাপৰিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰিব বুলি আজিৰ সভাই বিষয়টো আলোচনা কৰি ইয়াৰ পৰিৱৰ্তে ৰে’ল লাইনৰ ওপৰত উৰণীয়া সেতু অথবা ৰে’ল ক্ৰচিং নিৰ্মাণ কৰিবলৈ ৰে’ল বিভাগক দাবী জনাইছে। ৰাজহুৱা সভাত ধেমাজি জিলা পৰিষদৰ সদস্যা শুভাৰাণী বসুমতাৰী, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যা ভৱানী দুৱৰা, চিমেন চাপৰি গাওঁ পঞ্চায়তৰ কাউঞ্চিলৰ টুটুমনি দত্ত, সমাজকৰ্মী ৰুদ্ৰ দৈমাৰী, চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ বৰগোঁহাই,সাধাৰণ সম্পাদক নিপু গগৈ, চিমেন চাপৰি আটাছুৰ সভাপতি কিৰণ দিহিঙ্গীয়া,সাধাৰণ সম্পাদক হেমন্ত বৰগোঁহাই,গোৰ্খা ছাত্ৰ সন্থাৰ তিলক ছেত্ৰী, খেৰমল দাহাল প্ৰমুখ্যে কেবাজনো নেতৃস্থানীয় ব্যক্তি উপস্থিত থকা সভাতেই এখন আহ্বায়ক সমিতি গঠন কৰা হয়।চিমেন চাপৰি গাওঁ পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰক সভাপতি, চিমেন চাপৰিৰ অহৌম বৌঢ়ায় বাথৌ ইংলিছ স্কুলৰ অধ্যক্ষ বিদেশ্বৰ দৈমাৰীক আহ্বায়ক আৰু চিমেন চাপৰিৰ প্ৰতিখন গাঁৱৰ উন্নয়ন সমিতিৰ সভাপতি, সম্পাদকক লৈ সমিতিখন কৰাৰ সিদ্ধান্ত লোৱা হয়।সমিতিখনত ললিত চন্দ্ৰ বড়ো, ৰুদ্ৰ দৈমাৰী, সোভাৰাণী বসুমতাৰী, ভৱানী দুৱৰা, টুটুমনি দত্তক উপদেষ্টা হিচাপে মনোনীত কৰা হয়। নৱগঠিত সমিতিখনে ৰে’ল বিভাগৰ উদ্ধতম কৰ্তৃপক্ষক বিষয়টো দৃষ্টিগোচৰ কৰি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ দায়িত্ব প্ৰদান কৰা হয়।

You might also like