নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত পৌৰ সভা কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী

নিয়মীয়া বাৰ্তা,৩০ ছেপ্টেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট পৌৰ সভাৰ কৰ্মচাৰী সকলে তেওঁলোকৰ দীৰ্ঘ দিনীয়া সমস্যা তথা দাবী সমূহৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ পৰিলেক্ষিতাত ২৮ তাৰিখৰ পৰা অহা ৭ অক্টোবৰলৈ এলানি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ।ইয়াৰে অংশস্বৰূপে চৰকাৰৰ নাৰ্য প্ৰাপ্তিৰ দাবীত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে যোৰহাট পৌৰভাৰ কৰ্মচাৰী সকলেও প্ৰতিবাদী স্হালীত অৱস্হান ধৰ্মঘটত অংশগ্ৰহণ কৰিছে। পৌৰ কৰ্মচাৰীসকলৰ চাকৰি সংক্ৰান্তীয় বিভিন্ন সমস্যাৰাজিৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি ভূক্তভূগী হৈ আহিছে । বিশেষকৈ চাকৰি নিয়মীয়া তথা চৰকাৰীকৰণৰ দাবীত চৰকাৰক অনুনয় -বিনয় কৰিও সুফল আজিলৈকে সুফল পোৱা নাই বুলি ব্যক্ত কৰে সন্থাৰ যোৰহাটৰ সভাপতি ৰাজেশ বৰা আৰু সম্পাদক কমল বৰাই । ইফালে বৰ্তমান ক’ৰোণা মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড -১৯ সেৱা কেন্দ্ৰৰ সৈতে জড়িত যোৰহাটৰ ধৰ্ম ঘটকাৰীসকলে ধৰ্মঘটৰ পোছাক পৰিধান কৰি নিজ নিজ সেৱা অব্যাহত ৰাখিছে ।তাৰোপৰি ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অত্যাৱশ্যকীয় সেৱাৰ অন্তৰ্গত পানী যোগান আৰু পথৰ বিজুলিবাতিৰ সেৱা আগবঢ়াই যাব বুলিও প্ৰকাশ কৰাৰ লগতেই সোনকালেই দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানসূত্ৰ উলিওৱাৰ বাবে চৰকাৰৰ ওপৰত আস্থা ৰাখি আশা ব্যক্ত কৰে সন্থাই।

You might also like