ক’ভিডত আক্ৰান্ত দুলীয়াজানৰ জ্যেষ্ঠ সাংবাদিক
নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ শেহতীয়াকৈ ভ্ৰমণ বৃত্তান্ত নথকা ব্যক্তিৰ দেহতো ক’ভিড-১৯ পজিটিভ চিনাক্ত হোৱা খৱৰে দুলীয়াজানত সৰ্বত্ৰ আতংকৰ সৃষ্টি হৈছে ।
দুলীয়াজানৰ এগৰাকী জ্যোষ্ঠ সাংবাদিক আদিত্য গোস্বামী (৫২) শৰীৰত ক’ভিড পজিটিভ ধৰা পৰিছে । অসম মেডিকেল কলেজ হাস্পতালত সাংবাদিক গৰাকীয়ে ছোৱাব প্ৰদান কৰিছিল । আনহাতে টেঙাখাট খণ্ড প্ৰাথমিক স্বাস্হ্যকেন্দ্ৰত ছোৱাব প্ৰদান কৰা টিংৰাই চাৰিআলিস্হিত ৰবি গোৱালা (২৮) নামৰ যুৱকজনো ক’ভিড পজিটিভত আক্ৰান্ত । জানিব পৰামতে জ্যোষ্ঠ সাংবাদিক গৰাকীৰ লগতে উক্ত যুৱকজনৰ কোনোধৰণৰ ভ্ৰমণ বৃত্তান্ত নাই ।
ইফালে মুম্বাইৰ পৰা বিমানযোগে অহা শিৱম অনিল পোদ্দাৰ (২২) নামৰ যুৱকজনে ডিব্ৰুগড় বিমানবন্দৰত যোৱা ১৩ জুলাইত ছোৱাব প্ৰদান কৰি দুলীয়াজান অইল গেষ্ট হাউচত কোৱাৰেন্টাইন হৈ আছিল । আনহাতে কেৰেলাৰ পৰা অহা টি পি স্বৰূপ (২৫) নামৰ যুৱকজনে যোৱা ১৩ জুলাইত বিমানবন্দৰত ছোৱাব প্ৰদান কৰি দুলীয়াজান বকুলনীস্হিত নীপকো গেষ্ট হাউচত কোৱাৰেন্টাইন হৈ আছিল । এই দুই যুৱক বৰ্তমান ক’ভিড-১৯ আক্ৰান্ত ।
ইতিমধ্যে বৃহত্তৰ দুলীয়াজানত কুৰিৰো অধিক লোকৰ দেহত ক’ভিড প’জিটিভ ধৰা পৰিছে । শেহতীয়াকৈ ভ্ৰমণ বৃত্তান্ত নথকা ব্যক্তিৰ দেহত ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ ঘটনাই গণ সংক্ৰমণৰ আশংকা নুই কৰিব নোৱাৰি বুলি জানিবলৈ দিছে স্বাস্থ্যবিভাগে।