নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলবাৰী ব্ৰহ্মপুত্ৰ বনভোজস্থলীয়ে আনিছে পৰ্যটনলৈ আশাৰ বাৰ্তা

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ উত্তৰ পশ্চিম যোৰহাট পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰস্থল ‌। নানাধৰণৰ পৰিড্ৰমী পক্ষীৰ আশ্ৰয়স্হল এই স্হান।ব্ৰহ্মপুত্ৰৰ দাতি কাষৰীয়া জনজাতীয় অঞ্চলটোৰ ৰাইজৰ মুখ্যত জীৱিকা কৃষি,পশুপালনকে ধৰি বস্ত্ৰতাত শিল্প । সাধাৰণ জীৱন যাপনৰে এক কথাত প্ৰকৃতিৰ লগত সহবাস অঞ্চলবাসী ৰাইজৰ।

আজি ২০২১ ৰ পহিলা দেওবাৰটোত নগৰৰ পৰা নিলগত কলবাৰীত দেখা গ’ল ৰাইজৰ লানি নিছিগা ভিৰৰে এক অভূতপূৰ্ব সমাহাৰ । কলবাৰীৰ এক উদ্যমী যুৱক স্নাতক ডিগ্ৰীধাৰী বিদুৎ পেগুৱে লৈছে পৰ্যটনৰ ক্ষেত্ৰত লৈছে আকৰ্ষণীয় পদক্ষেপ। বৰ্তমান ২৫ বছৰীয়া যুৱকজন কৰ্মসূত্ৰে গুৱাহাটীত প্ৰায় ৬ বছৰ আছিল। বহুদিন চৰকাৰী চাকৰিও কৰিছিল ।কিন্তু বৰলুইতৰ বুকুত নাও লৈ ফুৰা তথা দাঁতিকাষৰীয়া অঞ্চলত খেতি কৰি ল’ৰালি, কিশোৰ কৈশোৰ অতিক্ৰম কৰা প্ৰাণচঞ্চল বিদুৎৰ নিজ ঠাইৰ প্ৰতি থকা মোহ তথা স্হানীয় যুৱকসকলৰ সৈতে মিলি কিবা এটা কৰাৰ হাবিয়াসে নিজ পজালৈ ৰিঙিয়াই মাতিলে।

লগতে যুৱকজনৰ মনত ঠাইখনৰ উন্নতিৰ চিন্তা। কথা মতেই কাম,যুৱকজনে স্হানীয় অঞ্চলৰে আন বহুকেইজন যুৱকৰ লগত লগ হৈ গুণা গঠা চলালে । ন উদ্যমী হৈ হাতে কামে সকলোৱে মিলি লাগি গ’ল ‌। মাহচেৰেক অতিক্ৰম কৰিলত যৌথ প্ৰচেষ্টাৰ ফল ধৰিল। মাহ ,সৰিয়হ আৰু জৈৱিক শাক পাচলিৰে ভৰপূৰ হ’ল পাৰাপাৰ ।

আনহাতেদি মীনপালনৰে আৰ্থিকভাবে অলপ হ’লেও টনকিয়াল হ’ল । বৰলুইতৰ পাৰত এক সুন্দৰ নৈসৰ্গিক দৃষ্টিনন্দন পৰিবেশৰ সৃষ্টি হোৱাত অৰিহনা যোগাবলৈ নিজে খৰচ বহন কৰিবলৈও সক্ষাম হ’ল।

পৰিৱেশ তথা পাৰিপাৰ্শ্বিকতাৰে থলুৱা বাহৰে আটকধুনীয়াকৈ কটেজ নিৰ্মাণ কৰাৰ উপৰিও বৰ্তমান জনজাতীয় তথা পৰম্পৰাগত খাদ্য সম্ভাৰৰ জুতি দিছে কলবাৰীৰ এই যুৱকবৃন্দই ।নগৰৰ তুলনাত নিচেই কম খৰচতে গ্ৰাহকক খাদ্য যোগান ধৰি প্ৰশংসা বুটলিছে।বৈজ্ঞানিক শব্দ ইক’ টুৰিজম অথাৎ প্ৰকৃতিৰ লগত সহাৱস্থানৰ ইংগিত যেন প্ৰকৃততে বহন কৰিছে কলবাৰী ব্ৰহ্মপুত্ৰ বনভোজস্থলীয়ে ।

You might also like