সুৰক্ষা সামগ্রী নোহোৱাকৈ কপিলীত দৈনিক চলিছে হাত নাও
নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ সমগ্র ৰাজ্য কঁপাই যোৱা নিমাতীঘাটৰ ফেৰী দুর্ঘটনাৰ পৰা যেন আজিও শিক্ষা ল’বলৈ চেষ্টা নকৰিলে ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে৷ আজিও চৰকাৰী নির্দেশক আওকাণ কৰি নগাঁও জিলাৰ চাপৰমুখ কচুৱাৰ কপিলী নৈৰ পাৰঘাটত উপযুক্ত সুৰক্ষা সামগ্রীৰ অবিহনে টুলুঙা নাৱৰে যাত্রীক অনা–নিয়া কৰি আছে৷ যাৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্থানীয় একাংশ লোকে৷
উল্লেখ্য যে তিনিবাৰকৈ আধাৰশিলা স্থাপন কৰাৰ পাছতো আজি প্রায় বিশ বছৰে সম্পূর্ণ নোহোৱা কচুৱাৰ অর্ধনির্মিত কপিলী নৈৰ দলঙৰ অচিলাৰে কচুৱা পাৰঘাটত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে লেচীৰ দ্বাৰা মাচুল সংগ্রহ কৰি যাত্রীসকলক পাৰ কৰি আহিছে৷ তদুপৰি প্রায় দুটা দশকপূর্বে এই ঘাটটোত এখন ফেৰীৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যাত্রীসকলক অনা–নিয়া কৰিছিল যদিও ৰহস্যজনকভাৱে প্রায় বিভাগীয় ফেৰীৰ পৰিৱর্তে লেচীৰ হাতত তুলি দিয়া হয় ঘাটটো৷ যদিও ঘাটটো লেচীৰ হাতত দিয়া হয়, কিন্তু ইয়াৰ পৰা আজিও বিভাগীয় কর্মচাৰীসকলক অন্য স্থানলৈ বদলি কৰা নহ’ল৷
অভিযোগ অনুসৰি কচুৱা পাৰঘাটটো বিভাগীয় নির্দেশনা অনুযায়ী নিবিদা প্রদানৰ জৰিয়তে লেচীয়ে লাভ কৰে৷ কিন্তু আজিপর্যন্ত পাৰঘাটটোত কোনোধৰণৰ এখনো বিভাগীয় ফলক, যাত্রীৰ নির্ধাৰিত মাচুল, ঘাটটোত থাকিব লগা সুবিধা আদিৰ কোনো এখন ফলকে দেখা নগ’ল৷ তাৎপর্যপূর্ণ বিষয় যে ২০১৮ চনত গুৱাহাটীত সংঘটিত ভয়ানক ফেৰী দুর্ঘটনাৰ পাছত নৈসমূহত থকা ঘাটবোৰত নাও চলাচল বন্ধৰ নির্দেশ দিছিল যদিও চাপৰমুখ কচুৱা পাৰঘাটটো চলি থাকিল৷ ৰাইজৰ অধিক প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি বিভাগে চাপৰমুখ কচুৱা পাৰঘাটটো বিশেষ নির্দেশ অনুযায়ী চলাবলৈ কোৱা হৈছিল যদিও স্বয়ং বিভাগটোৱে যাত্রীসকলৰ জীৱনক লৈ হেতালিহে খেলাৰ অভিযোগ উত্থাপন হৈছে৷
কিয়নো ২০১৮ চনৰ পূর্বেও যিখন টুলুঙা নাৱৰে কচুৱা পাৰঘাটৰ যাত্রীসকলক পাৰ কৰিছিল, সেই একেখন নাৱৰে আজিপর্যন্ত যাত্রীক পাৰ কৰি আহিছে৷ লেচীৰ ভাষ্য অনুসৰি পঞ্চাশজন যাত্রীৰ বহন ক্ষমতা নাওখনত পঁচিশ –ত্রিশজন যাত্রী আৰু ছখন বাহন কঢ়িয়াই নিয়াৰ লগতে বায়ুভর্তি টিউব আছে মাত্র ছটা৷ যিটো সময়ত বিভাগে নৈসমূহত চলাচল কৰা নাওসমূহত প্রতিজন যাত্রীৰ প্রতি সুৰক্ষিত জেকেট বা লাইফবোট থকাটো বাঞ্ছনীয় বুলি নির্দেশ দিয়াৰ লগতে দুটা ইঞ্জিনযুক্ত নাৱহে চলাচল কৰিব পাৰিব, তেনে সময়তে কচুৱা পাৰঘাটত কেনেদৰে আৰু কাৰ নির্দেশত এডাল ৰছীৰ ওপৰত টুলুঙা নাৱৰে যাত্রীক কঢ়িয়াই ঘাট চলাবলৈ দিয়া হ’ল সেয়া অতিকৈ চিন্তনীয় বিষয় হিচাপে চর্চিত হৈছে৷ আনহাতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ চৰকাৰী বেতনভোগী (বর্তমান) ১৮জনকৈ বিষয়া–কর্মচাৰী নিয়োজিত কচুৱা পাৰঘাটটোৰ কিয় চৰকাৰী কর্মচাৰীক ঘৰতে বহুৱাই দৰমহা প্রদান কৰা হৈছে তাক লৈও ৰাইজে প্রশ্ণ উত্থাপন কৰিছে৷
আনহাতে ২০২০ চনৰ ক’ৰোনা মহামাৰীয়ে কালৰূপ ধাৰণ কৰাত চৰকাৰে লকডাউন ঘোষণা কৰা সময়ত মাত্র কেইটামন দিনৰ বাবেহে যাত্রীসকলৰ মাচুল লোৱা নাছিল যদিও পৰৱর্তী পর্যায়ত একেদৰে লেচীয়ে মাচুল সংগ্রহ কৰি আহিছে৷