নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেম প্রত্যাখ্যান কৰাৰ বাবেই অংকিতাক হত্যা অমিতৰ

খৈৰাবাৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য উন্মোচন

নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ খৈৰাবাৰী মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্রী অংকিতা পালৰ হত্যাকাৰীক উচিত শাস্তি বিহাৰ দাবী জনাই খৈৰাবাৰীত বৃহস্পতিবাৰে এটা প্রতিবাদী সমদল উলিওৱা হয়৷ উল্লেখ্য যে কালি নিশা ওদালগুৰি জিলাৰ খৈৰাবাৰী নিৱাসী ৰামপ্রসাদ পালৰ ২১ বছৰীয়া কন্যা অংকিতা পালক এজন যুৱকে হত্যা কৰি নিশাই পলায়ন কৰিছিল৷ অৱশ্যে খৈৰাবাৰী আৰক্ষীৰ তৎপৰতাত হত্যাকাৰী অমিত ভদ্র (২৩) নিশাই আৰক্ষীৰ জালত পৰে৷ ঘটনাৰ বিৱৰণী অনুসৰি, কামৰূপ জিলাৰ পলাশবাৰী নিৱাসী ৰমা ভদ্রৰ পুত্র অমিত ভদ্রই খৈৰাবাৰী মহাবিদ্যালয়ৰ স্নাতক মহলাত অধ্যয়নৰত মেধাৱী ছাত্রী অংকিতা পালক কেইবাবাৰো প্রেমৰ প্রস্তাৱ আগবঢ়াইছিল৷ অংকিতাই বাৰে বাৰে সেই প্রস্তাৱ প্রত্যাখ্যান কৰিছিল৷ প্রেমত প্রত্যাখ্যাত হৈ হতাশাত ভোগা অমিত ভদ্রই খৈৰাবাৰীৰ ওচৰৰ বটামাৰী গাঁৱৰ সম্পর্কীয় লোকৰ ঘৰত কেইবা দিন ধৰি বাহৰ পাতি থাকি অংকিতাক লগ ধৰাৰ চেষ্টা চলাই আছিল৷ অংকিতাই অমিতক প্রত্যাখ্যান কৰি আহিছিল যদিও কালি নিশা শেষবাৰৰ বাবে লগ ধৰাৰ প্রস্তাৱ দি ছলনাৰে ঘৰৰ পিছফালে ফোন কৰি অংকিতাক মাতি নিয়ে অমিতে৷ অংকিতাই ঘৰৰ পৰা ওলাই অমিতৰ ওচৰলৈ যোৱাৰ লগে লগে অমিতে ঘৰৰ পৰা কিছু দূৰলৈ টানি নি অংকিতাক চোকা অস্ত্রৰে ডিঙি কাটি হত্যা কৰে আৰু নিশাই নিজৰ এ এছ ২৫ পি ৩৮৬৮ নম্বৰৰ পালছাৰ বাইকেৰে পলাশবাৰীৰ নিজ ঘৰলৈ পলায়ন কৰে৷

অৱশ্যে নিশাই খৈৰাবাৰীৰ আৰক্ষীৰ সহযোগত পলাশবাৰী আৰক্ষীয়ে হত্যাকাৰী অমিত ভদ্রক ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হয়৷বাতৰি যুগুতোৱাৰ পৰলৈকে হত্যাকাৰী অমিত ভদ্র টংলা আৰক্ষীৰ জিম্মাত আছিল৷ শুকুৰবাৰে অংকিতা পালৰ হত্যাৰ প্রতিবাদত উত্তাল হৈ পৰে খৈৰাবাৰী৷ অমিত ভদ্রৰ ফাঁচিৰ দাবী তুলি সদৌ বি টি আৰ বেংগলী যুৱ ছাত্র ফেডাৰেচনৰ খৈৰাবাৰী আঞ্চলিক সমিতিয়ে আজি খৈৰাবাৰীত উলিয়ায় এটা প্রতিবাদী সমদল৷ অংকিতা পালৰ হত্যাৰ উচিত বিচাৰ লাগে, হত্যাকাৰী অমিত ভদ্রক ফাঁচি দিয়ক আদি ধ্বনি দি প্রতিবাদকাৰীসকলে খৈৰাবাৰী চহৰ উত্তাল কৰি তোলে৷ অংকিতা পালৰ বাসগৃহৰ পৰা খৈৰাবাৰী চহৰৰ মাজেৰে খৈৰাবাৰী ৰাজহ চক্র বিষয়াৰ কার্যালয়লৈ পৰিভ্রমণ কৰি প্রতিবাদকাৰীসকলে খৈৰাবাৰী টাউন হাইস্কুল খেলপথাৰত এখন প্রতিবাদী সভাও অনুষ্ঠিত কৰে৷ সভাত ফেডাৰেচনৰ ওদালগুৰি জিলা সমিতিৰ সম্পাদক শংকৰ দাস, খৈৰাবাৰীৰ সচেতন মহিলা জয়মতী ডেকাকে ধৰি কেইবাগৰাকীও সচেতন নাগৰিকে অংশ লৈ হত্যাকাৰীক উচিত শাস্তি বিহাৰ দাবী তোলে৷ পিছত ছাত্র সংগঠনটোৱে প্রথম শাৰীৰ আদালতত বিচাৰ কৰি হত্যাকাৰীক উচিত শাস্তিৰ দাবী জনাই প্রশাসনৰ ওচৰত স্মাৰক–পত্রও প্রদান কৰে৷ ইপিনে ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্র সন্থাকে ধৰি বিভিন্ন দল–সংগঠনে এনে পৈশাচিক হত্যাকাণ্ডক গৰিণা দিয়াৰ লগতে হত্যাকাৰীক চৰম শাস্তি বিহাৰ দাবী তোলে৷ মৰণোত্তৰ পৰীক্ষাৰ পিছত আজি ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ পৰা অংকিতাৰ নশ্বৰ দেহ ঘৰ আহি পোৱাৰ পিছতে শেষকৃত্য সম্পন্ন কৰা হয়৷

You might also like