নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকভাষা প্ৰচাৰ সমিতি, ভাৰতৰ মহাসচিব পদত অসমৰ কুশল কলিতা

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ লোকভাষা প্ৰচাৰ সমিতি, ভাৰতৰ ৰাষ্ট্ৰীয় মহাসচিব হিচাপে নিৰ্বাচিত হৈছে দৰঙৰ কুশল কলিতা। জ্ঞান বিকাশ একাডেমীৰ অধ্যক্ষ হিচাপে কৰ্মৰত কুশল কলিতাৰ এই খবৰে জিলাখনক লোকসভা প্ৰচাৰৰ ক্ষেত্ৰত এক অইন মাত্ৰা প্ৰদান কৰিলে।

এই সমিতিত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মহাসচিব পদত প্ৰথমজন ব্যক্তি হিচাপে কুশল কলিতা নিৰ্বাচিত হৈছে । উল্লেখযোগ্য সংস্কৃত ভাষা প্ৰচাৰৰ বাবে ১৯৯৮ চনত সাধাৰণ প্ৰচাৰক ৰূপে আত্মপ্ৰকাশ কৰি বিগত ২৩ বছৰত বিভিন্ন দায়িত্ব পালন কৰি অৱশেষত এই পদত মনোনীত হৈছে ।

বৰ্তমান সমিতিৰ অসম শাখাৰ কাৰ্যকৰী সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি থকা কুশল কলিতাই ২০১৮ চনত “লোকভাষা সৰস্বতী” ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল । ১৯৭৭ চনত হৰিশিঙাৰ চমুৱাপাৰা গাঁৱত জন্মলাভ কৰা ক্ষিতেশ্বৰ কলিতা আৰু মেনকা কলিতাৰ বৰপুত্ৰ কুশল কলিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত স্নাতকোত্তৰ ।

ছাত্ৰাৱস্থাৰে পৰা সংস্কৃত ভাষা প্ৰচাৰৰ বাবে অহোপুৰুষাৰ্থ কৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি দেৱভাষা প্ৰচাৰৰ হকে কাম কৰিছে । কুশল কলিতাই ২০০৫ চনত সংস্কৃত ভাষা প্ৰচাৰৰ বাবে অসমত স্বাভিমান নামৰ এটি সংস্থা জন্ম দি সেই সময়ত ব্যাপকভাৱে স্ংস্কৃতৰ জাগৰণ আনিছিল।

 “সংস্কৃত ক’বলৈ শিকক”, “ভাল মানুহ হোৱা”, ” অমৃত বাণী”, “জ্ঞান মন্দাকিনী”, “ঋতম্ভৰা” আদি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সংস্কৃত ক’বলৈ আৰু নীতি শিক্ষা প্ৰদান কৰিবলৈ সংকলন আৰু সম্পাদনা কৰা হাতপুথি ।

সংস্কৃত ভাষাৰ কেইবাটাও গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰা কলিতা অসহায় আৰ্তজনৰ বিপদৰ সময়ত কাষত থিয় দিছে আৰ্থিক সহযোগিতাৰে। মহাসচিব হিচাপে মনোনীত হোৱাৰ খবৰ পাই দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা, আৰক্ষী অধীক্ষক অমৃত ভূঞা, গোৱালপাৰাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, বিধায়ক গুৰুজ্যোতি দাস আদিয়ে কুশল কলিতাক অভিনন্দন আৰু শুভেচ্ছা জনায় ।

উল্লেখযোগ্য যে ১৯৭৯ চনত গঠিত হোৱা সংস্কৃত ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ হকে বিশ্বব্যাপী কাৰ্যসূচী ৰূপায়ণ কৰা লোকভাষা প্ৰচাৰ সমিতি ভাৰতৰ এটি অৰাজনৈতিক সৰ্ববৃহৎ সংস্থা।

You might also like