নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিখাৰী নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লুহিতপৰীয়া তিনি আলিৰ আৰচিচি কালভাৰ্ট, যোগাযোগ বিচ্ছিন্ন

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ দিখাৰী নদীৰ বাঢ়নী পানীয়ে আজি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লক্ষীপথাৰ জামুগুৰী সংযোগী পিএমজিএছৱাই পথৰ লুহিতপৰীয়া তিনি আলিস্থিত আৰচিচি কালভাৰ্টটো বিধ্বস্ত কৰি পেলায়।

দিখাৰী নদীৰ বাঢ়নী পানীত আৰচিচি কালভাৰ্টটো তললৈ ডুবি যোৱাৰ লগতে দুয়ো মূৰত খহি যায়। উক্ত পথটোৰে উলুৱনী, জামুগুৰী অঞ্চলৰ পোন্ধৰ খনৰো অধিক গাঁৱৰ জনসাধাৰণৰ মাজত বিচ্ছিন্ন হৈ পৰিছে যাতায়ত ব্যৱস্থা ।

যানবাহন চলাচলৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মাজতো যাতায়তত ভীষন সমস্যাৰ সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মিচিং স্বায়ত্ত শাসিত পৰিষদৰ ৫ নং অৱাং জোনাই সমষ্টিৰ সাধাৰণ সদস্য ববীকান্ত পেগু, তেলাম গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি শিৱনাথ পাতিৰ, সমাজকৰ্মী তুলাৰাম মৰাঙৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত পথটোৰে সাধাৰণ পথচাৰী ৰাইজৰ বাবে সুবিধা কৰি দিয়া হয়।

You might also like