নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাদৈত আটছাৰ পুথিভঁৰালৰ শুভাৰম্ভ অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ৬ আগষ্ট : চাহ জনজাতিৰ সমস্যা প্ৰতিফলিত কন্ঠ “হামদেৰ আৱাজ” (ৱেব পৰ্টেল) ৰ উদ‍্যোগত আৰু ভাদৈ আটছাৰ উপ শাখা , ভাদৈ শিক্ষা আৰু স্বাস্হ‍্য কোষৰ সহযোগত আজি বৃহত্তৰ অঞ্চলটোত পুথিভঁৰাল স্হাপনৰ শুভাৰম্ভ কৰা হয়।

স্হানীয় ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ গুণগত মানদণ্ড উন্নত হোৱা লক্ষ্যৰে পাঠ‍্যপুথিৰ উপৰি সাহিত্য চৰ্চা কৰাৰ এক পৰিৱেশ তৈয়াৰ কৰাৰ উদ্দেশ্যে ভাদৈ অঞ্চলকে ধৰি দুলীয়াজান সমষ্টিৰ বিভিন্ন অঞ্চলত পুথিভঁৰাল স্হাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্হাই ।

আজি প্ৰথমে ভাদৈস্হিত সদৌ অসম চাহ জনগোষ্ঠীৰ সাংস্কৃতিক কলা কেন্দ্ৰৰ মুখ‍্য কাৰ্যালয়ত অনুষ্ঠিত ৰাজহুৱা সভাত ইয়াৰ আনুষ্ঠানিক শুভাৰম্ভ ঘটাই । মাংগলিক ধ্বনিৰ মাজত ফিটা কাটি আনুষ্ঠানিকতা সম্পন্ন কৰে ভাদৈ গ্ৰীণ বাৰ্ড স্কুলৰ অধ‍্যক্ষ বিক্ৰম বৰাইকে ।

“হামদেৰ আৱাজ”ৰ সভাপতি প্ৰকাশ চাহুৰ পৌৰহিত‍্যত অনুষ্ঠিত সভাখনত উদ্দেশ্য ব‍্যাখ‍্যা আগবঢ়াই সম্পাদক গোবিন্দ ওৰাং ই । এই শুভ অনুষ্ঠানত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পদুম গোৱালা, স্হানীয় ব‍্যৱসায়ী বিমল দত্ত, আটছা জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস‍্য শিৱকুমাৰ কৰ্মকাৰ, দুলীয়াজান আঞ্চলিকৰ সভাপতি মুকেশ গড়, বিত্ত সম্পাদক অশোক মাহালি আদি অন‍্যান‍্য সদস‍্যসকল ।

You might also like