নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭৩ বছৰৰ পাছত ৰহাৰ শিউগুৰি-শালমাৰা সংযোগী পথত এখন পকী দলং

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰঃ মাগুৰগাঁও পঞ্চায়তৰ শালমাৰা-শিউগুৰি সংযোগী পথৰ গা-বিলত দলঙৰ অভাৱৰ বাবে আজি ৭৩ বছৰে যমৰ যাতনা ভুগি আছিল স্থানীয় লোকে। বছৰৰ পাছৰ বছৰ ধৰি স্থানীয় বিধায়কসকলকো বহুবাৰ আবেদন কৰা পাছত সকলোবোৰ আশ্বাসতে আৱদ্ধ আছিল।

স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাগি বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়তৰ ব্যৱস্থা কৰিছিল যদিও বহুবাৰ এই দলঙৰ পৰা শিশু-বৃদ্ধ পানীত পৰি আহত হোৱাৰ উদাহৰণো আছে। কিন্তু এই সমস্যাৰ অন্ত পেলালে বৰ্তমানৰ বিধায়ক ডিম্বেশ্বৰ দাসে। দাসৰ তৎপৰতাত আৰ আই ডি এফ-XXV নাৱাৰ্ডৰ আঁচনিৰ অধীনত তিনি কোটি বত্ৰিশ লাখ টকা ব্যয়ৰে নিৰ্মাণ হ’ব লগা প্ৰায় পঞ্চাশ মিটাৰ দৈৰ্ঘ্য়ৰ পকীদলংখনৰ আধাৰশিলা স্থাপন কৰে।

মন কৰিবলগা যে সংখ্যালঘু বসতিপ্ৰধান উক্ত ভিতৰুৱা অঞ্চলত উক্ত পকী দলং নিৰ্মাণৰ নিশ্চিতি হোৱাৰ লগে লগে স্থানীয় ৰাইজে উৎফুল্লিত হৈ পৰে। পকীদলঙৰ আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে লগতে কয় যে বৰ্তমানৰ চৰকাৰে অসমৰ প্ৰতিটো কোণত উন্নয়নৰ যি ধাৰা সৃষ্টি কৰিছে, সেই উন্নয়নে বিজেপি চৰকাৰক অধিক শক্তিশালী কৰি তুলিছে।

এই উন্নয়নৰ ধাৰাৰ পাছতো যদি কোনোবাই বিজেপি চৰকাৰক সমালোচনা কৰে তেতিয়া বুজিব লাগিব যে সেইসকলে কেৱল সমালোচনা কৰিহে ভাল পায়। সভাত বিধায়কগৰাকীৰ লগতে নগাঁও জিলা লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা গোবিন সিং, প্ৰধান শিক্ষক হেফজুৰ ৰহমান চৌধুৰী, জাহাংগীৰ চৌধুৰী, সোণচিং পাতৰ, সংখ্যালঘু মৰ্চাৰ ৰহা ব্লকৰ সভাপতি ইয়াকুব আলী, যুৱ মৰ্চাৰ বিষয়ববীয়াসকল উপস্থিত আছিল।

You might also like