নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ নীতি–নিয়মৰ মাজেৰ উদযাপন দেউৰী বিহু

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ মহামাৰী ক’ৰোনাৰ আতংকৰ মাজতে ৰাজ্যৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্র দেউৰীসকলে সামৰিলে ব’হাগী বিছু অর্থাৎ ব’হাগ বিহু৷ পৰম্পৰা অনুসৰি দেউৰী জনগোষ্ঠীয় লোকসকলে ব’হাগ মাহৰ প্রথম বুধবাৰে উৰুকা আৰু বৃহস্পতিবাৰে বিহু উদযাপন  কৰে আৰু পৰৱর্তী সময়ত মাহজোৰাকৈ বিহু পালন কৰে৷ দুর্ভাগ্যজনক কথা যে এইবাৰ লকডাউনৰ বাবে পূর্বৰ দৰে ৰং–ধেমালিৰে নাচি–বাগি উদ্যাপন কৰিব নোৱাৰিলে হেঁপাহৰ ব’হাগী বিছু অর্থাৎ ব’হাগ বিহু৷ কেৱল পৰম্পৰা ধৰি ৰাখি ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ লগতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ দেউৰী জনগোষ্ঠীয় লোকসকলে অনুষুটপীয়াকৈ উদ্যাপন কৰে৷

আনহাতে বিহু উৰুৱাটো দেউৰীসকলৰ আন একপৰম্পৰা৷ নাৰায়ণপুৰৰ কিনাপথাৰ দেওশালত অঞ্চলটোৰ মাজৰচাপৰি, কিনাপথাৰ,বৰচাপৰি, জৰাবাৰী দেউৰী গাঁৱৰ ৰাইজে সমূহীয়াকৈ বিদায় দিলে হেঁপাহৰ ব’হাগৰ বিহুটিক৷ পৰম্পৰা অনুসৰি পুৱাই তেওঁলোকৰ উপাষ্য দেৱতা গিৰা গিৰাচি অর্থাৎ ইষ্ট দেৱতাক পূজা কৰাৰ উদ্দেশ্যে দেওশালত সমৱেত হয় অঞ্চলটোৰ দেউৰী জনগোষ্ঠীয় লোকসকল৷ শিশুৰ পৰা বৃদ্ধলৈকে প্রতিজন লোকেই সামাজিক দূৰত্ব বজাই ৰাখি দেওশাললৈ আহি পূজা কৰি আঁতৰি যায়৷ লকডাউনৰ নীতি–নির্দেশনাক মানি অনুষুটপীয়াকৈ বিহু উৰুৱায়৷ বিয়লি সকলো লোকে সামাজিক দূৰত্ব বজাই ৰাখি এপাক নাচে৷ পৰম্পৰা ধৰি ৰখাৰ স্বার্থত উদ্যাপন কৰা বিহুটিত এইবাৰ দেখা নগ’ল পূর্বৰ আনন্দ–উল্লাস৷ আৰু এনেদৰেই সামৰণি পৰিল দেউৰীসকলৰ ব’হাগী বিছু অর্থাৎ ব’হাগ বিহু৷

You might also like