আগন্তুক নির্বাচনত অসমত জাহাজ চলিব, পদুম নুফুলেঃ বাঁহজানীত এজেপিৰ সভাত লুৰিণজ্যোতি গগৈ
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ নলবাৰী জিলাৰ বাঁহজানীৰ হেম বৰুৱা বিদ্যাপীঠত আজি বিয়লি অসম জাতীয় পৰিষদৰ এখন জনাকীর্ণ সভা অনুষ্ঠিত হয়৷ সভাত অংশ লৈ দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়– নির্বাচনৰ বাবে প্রলোভন, ভয়–ভাবুকিৰ ৰাজনীতি আৰম্ভ হৈছে৷ কিন্তু অসম জাতীয় পৰিষদে অপশক্তিৰ ৰঙা চকুক ভয় নকৰে৷ এয়া হতাশা৷ নলবাৰী সমষ্টিৰ দলটোৰ প্রার্থিত্বপ্রত্যাশী নগেন ডেকাই আঁত ধৰি সভাত এজেপিৰ ৰাজ্যিক কার্যকৰী সভাপতি পবিন্দ্রনাথ ডেকা, শীর্ষ নেতা মনোজ শর্মা, ড০ শিখৰ কুমাৰ শর্মা, অমল ডেকা, উমেশ ডেকা, পুলকেশ বৰুৱা, ৰমেন্দ্র মল্ল বুজৰবৰুৱা, হিতেশ মজুমদাৰসহ কেইবাশ লোক উপস্থিত থাকে৷ সভাত লুৰিণজ্যোতি গগৈয়ে ভাষণত আৰু কয় যে স্বাভিমান অসমীয়া, শংকৰ–আজানৰ আদর্শৰে চলা ‘কা’ আন্দোলন, বিদেশী বিতাডন আন্দোলনৰ শ্বহীদক পাহৰি নোযোৱা কোনো লোকে বিজেপিৰ দৰে মিছলীয়া দলক আদৰি নলয়৷ গতিকে ‘কা জাপি দি অসমৰ ভাষা, সাহিত্য, সংস্কৃতি ধ্বংস কৰাৰ চক্রান্ত কৰা দলৰ লগত নাথাকি অসম জাতীয় পৰিষদৰ লগত থাকি জাতি বচাবলৈ আহ্বান জনায়৷ গগৈয়ে ভাষণ প্রসংগত কয় যে দেশৰ সংবিধান নমনা, সাম্প্রদায়িকতাৰ মুখা পিন্ধাসকলে সভ্যতাৰ কথা কৈ ৩৫ শতাংশ মুছলমানৰ ভোট নালাগে বুলি দম্ভালি মাৰে৷ এইবাৰ অসমীয়া ৰাইজে কাৰো বহতীয়া হৈ বা আঁঠু লৈ নাথাকি ক্ষমতাৰ বাঘজৰী অসম জাতীয় পৰিষদৰ হাতত দি জাতীয়তাবাদী চৰকাৰ প্রতিষ্ঠা কৰিব৷ হিতাধিকাৰীৰ ৰাজনীতি কৰা বিজেপিয়ে এফালে আঁচনি দিছে, আনফালে কৰ–কাটল লগাই ৰাইজক লুটিছে৷ খাজনা তিনি গুণ বৃদ্ধি কৰি কৃষকক মাধমাৰ শোধাইছে৷ চৰকাৰী আঁচনি সকলোৱে গ্রহণ কৰক৷ কাৰণ সেই ধন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নহয়৷ ৰাইজৰ কৰ–কাটলেৰেহে আঁচনি তথা সাহায্য দিছে৷ মিছলীয়া বিজেপিয়ে বিগত নির্বাচনত প্রতিশ্রুতি দিও অসম চুক্তি ৰূপায়ণ, ভাৰত–বাংলাদেশ সীমান্ত ছীল নকৰিলে, বানপানী ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা নকৰিলে যদিও অসমৰ ৰাজহুৱা সম্পত্তিসমূহ বিক্রী কৰিলে৷ গতিকে আগন্তুক বিধানসভা নির্বাচনত মিছলীয়া বিজেপিসহ আন দলৰ প্রলোভন গ্রহণ নকৰি অসম জাতীয় পৰিষদৰ প্রতীক জাহাজৰ চিহ্ণত ভোট দিবলৈ আহ্বান জনায় গগৈয়ে৷