নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাজোঁটৰ চৰকাৰ হ’লে খোলা হ’ব মাদ্রাছা

নিয়মীয়া বাৰ্তা ২ এপ্ৰিলঃ  ৰাজ্যখনত তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে তুংগত উঠিছে নির্বাচনী প্রচাৰ৷ গোৱালপাৰা জিলাৰ ৩৬ নং দুধনৈ বিধানসভা সমষ্টিতো নির্বাচনী প্রচাৰ তুংগত৷ আজি দুধনৈ সমষ্টিৰ কংগ্রেছ দলৰ মনোনীত প্রার্থী যাদৱ স্বর্গীয়াৰীৰ হৈ দুধনৈ ৰাজহুৱা খেলপথাৰত বিশাল নির্বাচনী সভা অনুষ্ঠিত হয়৷ উক্ত নির্বাচনী সভাতঅংশগ্রহণ কৰে প্রাক্তন বি টি চি চীফ হাগ্রামা মহিলাৰী৷ বিশাল নির্বাচনী সভাত কংগ্রেছ দলৰ প্রার্থী যাদৱ স্বর্গীয়াৰীয়ে আদৰণী ভাষণ দিয়াৰ পিছতে প্রাক্তন বি টি চি চীফ হাগ্রামা মহিলাৰী মঞ্চৰ পৰা নামি ৰাইজৰ মাজলৈ গৈ তেওঁৰ নির্বাচনী ভাষণ দিয়ে৷ তেওঁৰ ভাষণত কয়– এইবাৰ দিছপুৰত হাগ্রামা ইন, হিমন্ত আউট৷ এইবাৰ যে কংগ্রেছ মহাজোঁটে চৰকাৰ গঠন কৰিব সেই কথা খাতাং৷

মাদ্রাছা সম্পর্কত বিজেপি চৰকাৰক তীব্র সমালোচনা কৰি কয় যে আজি বিজেপি চৰকাৰে মাদ্রাছা বন্ধ কৰিছে, কাইলৈ বডো মাধ্যম বন্ধ কৰিব, পৰহিলৈ গাৰো মাধ্যম বন্ধ কৰিব৷ আমি চৰকাৰ গঠন কৰিলে পুনৰ মাদ্রাছা খুলি দিম বুলি তেওঁ কয়৷ ইপিনে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনৰ সম্পর্কত তেওঁ কয়– ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখন কংগ্রেছ চৰকাৰে গঠন কৰিছিল৷ কিন্তু বিগত পাঁচ বছৰে বিজেপি চৰকাৰে পৰিষদখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তর্ভুক্ত নকৰিলে৷ আমি শাসনত আহিলে ৰাভা হাছং পৰিষদক বি টি চিৰ নিচিনাকৈ ষষ্ঠ অনুসূচিত অন্তর্ভুক্ত কৰিম৷

উক্ত নির্বাচনী প্রচাৰ সভাত অসম প্রদেশ কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক অপূর্ব ভট্টাচার্যই কয়– যাদৱ স্বর্গীয়াৰীক ভোট দিয়ক, পাঁচ বছৰ সুখত থাকক৷ ইপিনে মেঘালয়ৰ প্রাক্তন মুখ্যমন্ত্রী ডাঃ মুকুল চাংমাই কয়– বিজেপিয়ে জাতি, ধর্মক ভাগ ভাগ কৰি ৰাজনীতি কৰিছে৷ এয়া ৰাজনীতিৰ আদর্শ হ’ব নোৱাৰে৷তদুপৰি তেওঁ কয়– বিজেপিয়ে হিংসা আৰু ধমকিৰে ৰাজনীতি চলাই আছে৷ গতিকে এনে চৰকাৰ অসমবাসীক নালাগে৷ অসমবাসীক লাগে বিভিন্ন জাতি–জনগোষ্ঠী, বিভিন্ন ধর্মাৱলম্বী, বিভিন্ন ভাষা–ভাষীৰ মাজত সমন্বয়৷ তাৰ বাবে কংগ্রেছ দলৰ প্রার্থী যাদৱ স্বর্গীয়াৰীক হাতৰ ছবিত ভোট দিবৰ বাবে আহ্বান জনায়৷

You might also like