গহপুৰৰ বালিজানত ব্যতিক্ৰমী পদক্ষেপ: হিন্দুৰ ৰীতি-নীতিৰে কুৰি দৰা-কইনাৰ সামূহিক বিবাহ সম্পন্ন
নিয়মীয়া বাৰ্তা, ১১ মে’ : এক ব্যতিক্ৰমী বিবাহ সম্পন্ন হয় গহপুুুৰৰ বালিজানত। একুৰি দৰা-কইনা যোৰাই একেলগে সামাজিকভাৱে একেখন ৰভাৰ তলত বিবাহ পাশত আবদ্ধ হোৱা দৃশ্যই গহপুুুৰত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। গহপুৰ মহকুমাৰ ৰাঙলীয়াল আৰু জালুকবাৰী গাঁও পঞ্চায়তৰ এলেকাধীন কুৰিটি দৰা-কইনা যোৰাই বালিজান কটকী চুক গাঁৱৰ ৰাঙলীয়াল বৰনামঘৰৰ প্ৰাংগণৰ ৰভা তলীতে শতাধিক শুভাকাংক্ষী ৰাইজৰ আশীৰ্বাদলৈ সামুহিক বিবাহ কাৰ্যত ভাগ লয়। কালি সম্পন্ন হোৱা সামূহিক বিবাহখনি গাঁও উন্নয়ন সমিতিৰ সভাপতি ফুলেশ্বৰ বৰুৱা, সম্পাদক গনেশ কটকীৰ পৰিচলনাত বৌদ্ধিক পৰম্পৰাগতভাৱে ৰূপায়ণ কৰা হয়। হিন্দু পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে হোম আৰু বিধি ব্যৱস্থাৰে দিলীপ শৰ্মা আৰু অকন শৰ্মাই সুন্দৰকৈ সম্পন্ন কৰা বিবাহ স্থলীত লোকে লোকাৰণ্য হৈ পৰে৷ জীৱনৰ এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণৰ শুভ বিবাহত দৰা-কইনা হিচাপে সামূহিকভাৱে ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰে ক্ৰমে প্ৰশান্ত বৰুৱা-জিমনী বৰুৱা, উদয় বৰুৱা-পুৰৱী বৰুৱা, দেৱজিৎ গোহাঁই-নিশামণি গোহাঁই, ইন্দ্ৰজিত গোহাঁই-যোগমায়া গোহাঁই, বাবুল বৰুৱা-দীপা বৰুৱা, যুগল বৰা-বীনা বৰা, অৱনী লাহন-ইলা লাহন, বাপজান গোহাঁই-চম্পা গোহাঁই, কুশল কটকী-পখিলা কটকী, ৰাজু গোহাঁই-বৰ্ণালী গোহাঁই, কুশল বৰুৱা-বাৰ্বি বৰুৱা, ৰাজীৱ গগৈ-পম্পী গগৈ, প্ৰনৱজ্যোতি বৰা-স্মিতা বৰা, কৃষ্ণ বৰা-ৰুমা বৰা, দ্বীজেন বৰা-গীতাঞ্জলি বৰা, গোলাপ কোঁৱৰ-ৰিংকী কোঁৱৰ, মিতুল বৰা-মনিষা বৰা, জীৱনজ্যোতি বৰা-জ্যোতি বৰা, নিতুল বৰা-চুনু বৰা, বন বৰা-সাবিত্ৰী বৰাই। ২০ যোৰা দৰা-কইনাক কটকীচুক গাঁও উন্নয়ন সমিতিৰ সভাপতি-সম্পাদক, সদৌ অসম মইনা পাৰিজাতৰ গহপুৰ জিলাৰ মধ্য ছয়দুৱাৰ আঞ্চলিকৰ শাখা ৰূপশ্ৰী মইনা পাৰিজাতৰ প্ৰাক্তন মইনা আৰু জ্যোতি মিলন পুথি ভঁৰালৰ সদস্য সকলোৱে শুভেচ্ছা জ্ঞাপন কৰে। লগতে শুভাকাংক্ষী ৰূপে কেন্দ্ৰীয় সমিতিৰ সদস্য ৰূপশ্ৰী মইনা পাৰিজাতৰ সভাপতি ৰামচন্দ্ৰ কটকী আৰু শাখাৰ সম্পাদক মিণ্টু কোঁৱৰকে ধৰি ভালেসংখ্যক শুভাকাংক্ষীয়ে দৰা-কইনাক উপহাৰ প্ৰদান কৰি যুগ্ম জীৱনলৈ শুভেচ্ছা জ্ঞাপন কৰি সকলোৰে সুন্দৰ জীৱনৰ কামনা কৰে।
বিপুল কুমাৰ দিহিঙীয়া