বিবাহিত প্রেমিকে ৰাজপথতে ছুৰিকাঘাত বিবাহিতা প্রেমিকাক
নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ প্রেমিকৰূপী উন্মাদ যুৱকৰ দাৰ ঘাপত ধেমাজিৰ নন্দিতা নামৰ কলেজীয়া যুৱতীগৰাকীৰ কৰুণ কাহিনীয়ে ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত থকাৰ মাজতে এইবাৰ একেই ঘটনাৰ পুনৰাবৃত্তি ঘটিল চাংসাৰিত৷ মহানগৰীৰ উপকণ্ঠ অঞ্চল চাংসাৰিত পৰকীয়া প্রেমৰ ভয়ংকৰ পৰিণতিৰ ফলত এগৰাকী মহিলা গুৰুতৰভাবে আঘাতপ্রাপ্ত হয়৷ বিবাহিত এগৰাকী প্রেমিকে চোকা অস্ত্রৰে হানি বিবাহিতা মহিলা এগৰাকীক গুৰুতৰভাৱে আঘাতপ্রাপ্ত কৰা ঘটনাই বৃহত্তৰ অঞ্চলটোত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ আৰক্ষীৰ সূত্রই প্রকাশ কৰা অনুসৰি চাংসাৰিৰ ধোপাতাৰী বজাৰৰ সমীপত (ৰে’ল গেট) ৰাজপথত মহিলাগৰাকীক বিয়লি প্রায় পাঁচ বজাত কচাইখানাত কাম কৰা ইমাৰন হুছেইন নামৰ যুৱকজনে চোকা অস্ত্রৰে আক্রমণ কৰে৷ দৰং জিলাৰ কালাইগাঁৱৰ ভেৰভেৰীৰ মহিলা মনোৱাৰা খাতুন (২৫) নামৰ মহিলাগৰাকীক ভণ্ড প্রেমিকজনে চাংসাৰিলৈ মাতি আনি চোকা অস্ত্রৰে উপর্যুপৰি আঘাত কৰে৷ লগে লগে চাংসাৰি বজাৰ চ’কত হুৱাদুৱা লাগে৷
আঘাতপ্রাপ্ত মহিলাগৰাকীক স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে কামৰূপ জিলাৰ তোলাৰাম বাফনা হাস্পতালত সংকটজনক অৱস্থাত ভর্তি কৰায়৷ কচাইৰ চোকা অস্ত্রৰে আক্রমণ কৰাৰ ফলত পেটৰ অংগ–প্রতংগ বাহিৰলৈ ওলাই যোৱাত মনোৱাৰা খাতুনে আৰক্ষীক প্রেমৰ বাবেই ইমাৰনে আক্রমণ কৰা সন্দর্ভত জানিবলৈ দিয়ে৷ কামৰূপ জিলাৰ তোলাৰাম বাফনা হাস্পতালত প্রাথমিক চিকিৎসাৰ পাছত উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক নাৰায়ণা হাস্পতালত ভর্তি কৰোৱা হয়৷
প্রাপ্ত তথ্য অনুসৰি এবছৰ পূর্বৰ পৰা দলগাঁৱৰ দুটি সন্তানৰ পিতৃ ইমাৰন হুছেইন নামৰ লোকজনৰ সৈতে প্রেমৰ সম্পর্ক গঢ়ি উঠিছিল মনোৱাৰাৰ৷ যাৰ বাবে ইমাৰন হুছেইনৰ পত্নীয়েও ইমাৰনৰ সংগ ত্যাগ কৰিছিল৷ শেহতীয়াভাৱে ইমাৰনে মনোৱাৰাক বিবাহৰ প্রস্তাৱ দিছিল যদিও এই প্রস্তাৱ প্রত্যাখ্যান কৰিছিল মনোৱাৰাই৷ যাৰ বাবে চাংসাৰিত কচাইখানাত ভাৰাতীয়া হিচাপে কাম কৰা ইমাৰন মনোৱাৰাক চাংসাৰিলৈ মাতি আনি আক্রমণ কৰে৷ ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ সমীপতে থকা চাংসাৰি আৰক্ষী থানাত ইমাৰন হুছেইনে আত্মসমর্পণ কৰে৷