মাৰ্ঘেৰিটাত চোৰাং কয়লাৰ বিৰুদ্ধে অভিযানত ৮জনক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ- মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত নামদাং কলিয়ৰী অঞ্চলত চোৰাং কয়লাৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষীয়ে আজি অতৰ্কিতে অভিযান চলায়। এই অভিযানত তিনিখন মেক্স গাড়ী কয়লাসহ জব্দ কৰাৰ লগতে ৮জনক আটক কৰে।
মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতিম দাস আৰু মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোঁৱৰৰ নেতৃত্বত এটি আৰক্ষী দলে নামদং কলিয়ৰি অঞ্চলটোৰ বিভিন্ন স্থানত অভিযান চলাই AS23 CC3493, AS23 AC 9715 আৰু AS23CC 4192 নম্বৰৰ তিনিখন কয়লাভৰ্তি মেক্স জব্দ কৰে আৰু এই সংক্ৰান্তত ৮জনক আটক কৰে। আৰক্ষীয়ে নামদাং সংৰক্ষিত বনাঞ্চলৰ দুৰ্গম অঞ্চলত অবৈধভাৱে কয়লা খনন কৰাৰ বাবে চোৰাং ব্যৱসায়ীয়ে গঢ়ি তোলা আণ্ডাৰ গ্ৰাউণ্ড মাইনিংবোৰো ধ্বংস কৰে।
আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি কয়লা চোৰ জনৈক বিতু-পাপু আৰু জনৈক মিন্তুৱে উক্ত অঞ্চলত অবৈধভাৱে এই চোৰাং কয়লাৰ বেহা দীৰ্ঘদিন ধৰি চলাই আহিছিল। মাৰ্ঘেৰিটা থানাৰ গোচৰ নং ২৯৬ /২১ ১২০(বি) ১৮৮, ৩৭৯, ৪১১, ভাৰতীয় দণ্ডবিধিৰ আৰ / ডব্লিউ চেক্চন পি ডি পি পি’ত গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে মাৰ্ঘেৰিটা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
প্ৰতিনিশাই লিডু, লেখাপানী, নামদাং, বৰগোলাই, বম গাঢ়া আদি অঞ্চলৰ পৰা ট্ৰাকে ট্ৰাকে কয়লাৰ চোৰাং বেহা ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহ হৈ আছে। বৃহৎ কয়লা চোৰাং বেহা বা কয়লা ছিণ্ডিকেটত ৰাজনৈতিক আশীৰ্বাদপুষ্ট লোক এনে বেহাৰ লগত জড়িত বাবেই আৰক্ষী চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উত্থাপন হৈছে।
প্ৰেৰক মানসপ্ৰতিম গগৈ