নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙৰ ৰাজপথত ক্ৰমাৎ বৃদ্ধি পাইছে মানসিক ৰোগীৰ সংখ্যা

নিয়মীয়া বাৰ্তা,  ৮ ফেব্ৰুৱাৰীঃ দৰঙৰ বিভিন্ন গ্ৰামাঞ্চলত মানসিক ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাটোৱে সৰ্বসাধাৰণ ৰাইজক উদ্বিগ্ন কৰি তোলাৰ সমান্তৰালভাৱে মানসিক ভাৰসাম্য হেৰুৱাই বাটে-পথে আশ্ৰিত লোকৰ সংখ্যাও বাঢ়ি আহিছে দিনে দিনে।

বিশেষকৈ ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা লকডাউনৰ পৰৱৰ্তী সময়ত ৰাজপথত সততে দেখিবলৈ পোৱা গৈছে এনেধৰণৰ লোক। কোনোবাজন যদি উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰিছে, কোনোবাজন আকৌ আশ্ৰিত হৈ আছে পথৰ দাঁতিৰ গছৰ তলত নতুবা পথৰ দাঁতিৰ জৰাজীৰ্ণ জুপুৰি, দোকানঘৰৰ বাৰণ্ডাতেই।

কি খাইছে কি পিন্ধিছে তাৰ যেন হিচাপ ল‌ওঁতা কোনো নাই । কিন্তু সচেতন ৰাইজক জোকাৰি যোৱা কথাটো হ’ল নিজৰ জীৱনলৈ অহা বিশেষ দুৰ্ভাগ্যজনক পৰিস্থিতিৰ বলি হৈয়েই এনেদৰে নিজৰ মানসিক স্হিতি হেৰুৱাই পেলোৱা লোকসকলৰ বাবে কিন্তু নাই কোনো চৰকাৰী ব্যৱস্থা।

সুস্থ ভাবে জীয়াই থকাটো প্ৰত্যেকগৰাকী লোকৰেই মৌলিক অধিকাৰ যদিও পদে পদে যেন খৰ্ব হৈছে এই লোকসকলৰ মৌলিক অধিকাৰ। উল্লেখযোগ্য যে মানসিক ৰোগীৰ চিকিৎসা ব্যৱস্থা পদ্ধতি সমগ্ৰ ৰাজ্যতে আজিও একেবাৰে পুতৌজনক। অথচ বিশ্ব স্বাস্থ্য সংস্হাৰ উদ্ধৃতি মতে প্ৰতি দহহজাৰ লোকৰ বিপৰীতে থাকিব লাগে একোগৰাকী মানসিক ৰোগৰ চিকিৎসক ।

কিন্তু দৰঙৰ দৰে এখন জনবহুল জিলাত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিভাগ চলি আছে মাত্ৰ পাচগৰাকী স্বাস্থ্য কৰ্মীৰে। কিন্তু ৰোগী ৰাখি চিকিৎসা কৰিব পৰা ব্যৱস্থা এতিয়াও হৈ উঠা নাই। তদুপৰি নিয়মীয়া নহয় মানসিক ৰোগৰ ঔষধ যোগানৰ ব্যৱস্থাও।

এনেক্ষেত্ৰত পদপথত পৰিলক্ষিত হোৱা মানসিক ৰোগীৰ ক্ষেত্ৰত সাধাৰণ মানুহ কেতিয়াবা আগবাঢ়ি আহিব খুজিলেও ব্যৱস্থা সন্তোষজনক নোহোৱাৰ বাবেই থমকি ৰবলগীয়া হয়।

ইফালে জিলাখনৰ ধুলাত নামত এটা বেচৰকাৰী সংস্থাৰ তত্ত্বাৱধানত চৰকাৰী আশ্ৰয় গৃহ আছে যদিও মানসিক ৰোগীৰ শুশ্ৰূষাৰ ক্ষেত্ৰত উক্ত কেন্দ্ৰটিও পূৰামাত্ৰাই নিৰ্ভৰযোগ্য নহয়। আনকি বহু সময়ত চৰকাৰী ব্যৱস্হাৰ মাজেৰে উক্ত গৃহলৈ প্ৰেৰণ কৰা মানসিক ৰোগীকো এটা নিৰ্দিষ্ট সময়ৰ বাবে ৰাখি পুনৰ মুক্ত কৰি দিয়াৰো উদাহৰণ আছে।

অৱশ্যে ইয়াৰ মাজতে বিভিন্ন বেচৰকাৰী সংস্হাই মানসিক ৰোগ সম্পৰ্কত জনসাধাৰণক সজাগ কৰি তোলাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ লগতে মানৱ হিতৈষী অনুষ্ঠানেও কেতিয়াবা পদপথৰ মানসিক ৰোগীক নিজা প্ৰচেষ্টাৰে উদ্ধাৰ কৰি নতুন জীৱন যাপন দিয়াৰ প্ৰয়াস কৰাটো পৰিলক্ষিত হয়।

You might also like