নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া ভাষা পুনৰুদ্ধাৰ কৰা মাইলছ ব্রনছনৰ বাসগৃহ সংৰক্ষণৰ দাবী

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ মাইলছ ব্রনছন৷ অসমবাসীয়ে পাহৰিব নোৱাৰা এটি নাম৷ দুর্যোগৰ সময়ত অসমীয়া ভাষা পুনৰুদ্ধাৰ যুঁজখনৰ প্রধান সেনাপতিৰ ভূমিকা লোৱা জাতীয় জীৱনৰ এগৰাকী মহানায়ক মাইলছ ব্রনছন৷ এইগৰাকী নমস্য পুৰুষ আমেৰিকান মিছনেৰী ব্রনছনৰ নগাঁওস্থিত ইতিহাসপ্রসিদ্ধ ঘৰটো এতিয়া চৰকাৰী অনীহা–দূৰদর্শিতাত পৰিণত হ’ল জলসম্পদ বিভাগৰ অভিযন্তাৰ বাসভৱনলৈ৷ আদিৰূপ বিকৃত নকৰাকৈ প্রয়োজনীয় তথা সময়োপযোগী সংস্কাৰ সাধনেৰে যাউতিযুগীয়াকৈ মাইলছ ব্রনছনৰ ঘৰটি সংৰক্ষণৰ লগতে বিশেষ স্মৃতি ক্ষেত্র হিচাপে গঢ়ি তুলিবলৈ দাবী উঠিছে বিদ্বৎ মহলত৷

নগাঁও চহৰৰ মাজমজিয়াৰ মিছন স্কুলৰ সন্মুখৰ প্রায় ৭ বিঘা মাটি ভূমিৰ সুবৃহৎ চৌহদেৰে আজিও বিদ্যমান ঘৰটো৷ সৰু বৰ ১২টা কোঠাৰে স’তে এইটোৱেই মাইলছ ব্রনছনৰ ঘৰ৷ ১৯০১ খ্রীষ্টাব্দত প্রকাশিত পি এইচ মূৰৰ – Twenty years in Assam’ নামৰ গ্রন্থতো এই ঘৰটোৰ বিস্তৃত বিৱৰণত সন্নিৱিষ্ট হৈ আছে৷ এই ঘৰটোতে ১৮৬১ খ্রীষ্টাব্দত মাইলছ ব্রনছনে লিখি সম্পূর্ণ কৰিছিল অসমীয়া প্রথম অভিধান ‘অসমীয়া–ইংৰাজী অভিধান’৷ সেই হিচাপে ‘অসমীয়া–ইংৰাজী অভিধান’ৰ বয়স ১৬০ বছৰ৷ ১৮৬৭ খ্রীষ্টাব্দত ১৪,০০০ শব্দ সম্বলিত এই অভিযানখন শিৱসাগৰৰ ব্যাপ্তিষ্ট মিছন প্রেছৰ পৰা প্রকাশিত হৈছিল৷

অভিধানখনৰ ‘আভাস’ নামৰ পাতনিত ব্রনছনে সময়ৰ সোঁতে উটুৱাই লৈ যাব নোৱাৰা এক অমোঘ কালজয়ী উক্তি কৰিছিল– ‘অসমীয়া ভাষা ব্রহ্মপুত্রৰ সোঁতৰ নিচিনাকৈ ৰাইজৰ মাজত একেদৰে চলি আছে আৰু আগলৈকে চলিব৷’ অথচ সেইজন ব্রনছনকো অসম সাহিত্য সভাই যেন পাহৰিলে৷ ২০১০ত নগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ হিতৈষী আৰু আজীৱন সভ্যৰ ৰাজ্যিক অভিৱর্তনৰ স্মৃতিগ্রন্থৰ বেটুপাতত ঘৰটোৰ সুদৃশ্য ফটোৰ লগতে সন্নিবিষ্ট হৈছিল বিশিষ্ট অনুসন্ধিৎসু ব্যক্তি ডাঃ পার্থসাৰথি বৰুৱাৰ এটি সুদীর্ঘ টোকা৷ ৰাজ্যৰ বিদ্বৎ আৰু অনুসন্ধিৎসু মহলৰো দৃষ্টি আকর্ষণ কৰিছিল এই বিষয়টোৱে৷ কিন্তু গা নলৰিল অসম সাহিত্য সভাৰ৷ সাহিত্য সভাই কোনো বলিষ্ঠ পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷ সাম্প্রতিক সময়তো এই ঘৰটো জলসম্পদ উন্নয়ন বিভাগৰ অভিযন্তাৰ বাসভৱন হিচাপে ব্যৱহূত হৈ আছে৷ অদূৰ ভৱিষ্যতে মেৰামতিৰ নামত ঐতিহাসিক আদিৰূপ বিনষ্ট কৰাৰ সম্ভাৱনাও প্রবল হৈ পৰিছে৷

উল্লেখ্য যে আজিৰ পৰা প্রায় ৮ বছৰ আগতে ঘৰটোৰ আদি ৰূপ একে ৰাখি ঘৰটোত সেউজীয়া টিনপাত লগোৱা হৈছিল৷ বিশিষ্ট লোককলা তথা লোকসংস্কৃতিৰ গৱেষক ড০ নৰেন কলিতায়ো ইতিপূর্বে মাইলছ ব্রনছনৰ বাসভৱনটোৰ আদি ৰূপ অক্ষুণ্ণ ৰাখি জাতীয় সম্পদ হিচাপে সংৰক্ষণৰ পোষকতা কৰি মন্তব্য কৰিছিল৷ অসমৰ বাহিৰত তথা ভাৰতৰ বাহিৰত, বিশেষকৈ পশ্চিমীয়া দেশসমূহত ঐতিহ্যৰ সমলবোৰক প্রখৰ জাতীয় চেতনাৰে সংৰক্ষণ কৰা হয়৷ অসমত এনে বহু সমলৰ অস্তিত্বই এতিয়া নোহোৱা হৈ হেৰাই গৈছে অথবা নিশ্চিহ্ণ হৈ গৈছে৷ এইবোৰক সময় থাকোঁতেই ৰজাঘৰ–প্রজাঘৰে মিলি সংৰক্ষণৰ সঠিক পদক্ষেপ গ্রহণ কৰা উচিত বুলিও মতপোষণ কৰিছিল ড০ কলিতাই৷ বিশিষ্ট লেখক– সমালোচক উপেন্দ্র বৰকটকীয়েও ‘ঐতিহ্যক অৱহেলা কৰিলে জাতীয় জীৱনকো অৱমাননা কৰা হয়’ বুলি মত পোষণ কৰিছে৷ মাইলছ ব্রনছন যিদৰে এক নমস্য নাম, সেইদৰে তেওঁৰ বাসভৱনটিও এক ঐতিহ্যমণ্ডিত ক্ষেত্র৷

ব্রনছনৰ স্মৃতি যুগমীয়া কৰাৰ বাবে তেওঁৰ বাসভৱনটি সংৰক্ষণৰ বাবে সকলো পক্ষকে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে লেখক–সমালোচক বৰকটকীয়ে৷ অসমীয়া ভাষাৰ বাবে অহোপুৰুষার্থ কৰা মাইলছ ব্রনছনৰ বাসগৃহটো অনাদৰ অৱহেলাত পৰি থকাটো দুর্ভাগ্যৰ বিষয় বুলিও তেওঁ মন্তব্য কৰে৷ বিশিষ্ট শংকৰী সাহিত্যৰ গৱেষক তিলক চন্দ্র মজুমদাৰে কয়– ‘অসমৰ জাতীয় ইতিহাস অধ্যয়ন কৰাসকলক কোৱাৰ সকাম নাই যে ইয়াণ্ডাবু সন্ধিৰ চর্তমতে অসম ব্রিটিছৰ অধীন হোৱাৰ মাথোঁ দহ বছৰৰ পিছতে বঙালী, কর্মচাৰী কেৰাণী মহৰীৰ প্রৰোচনাত ব্রিটিছ শাসকে অসমৰ শিক্ষানুষ্ঠান আদালতৰ পৰা হাজাৰ হাজাৰ বছৰ পুৰণি অসমীয়া ভাষা উঠাই দি বঙলা ভাষাৰ প্রচলন কৰিছিল৷ মানৰ অত্যাচাৰ উৎপীডনত নিশকতীয়া হৈ পৰা কোনো অসমীয়াৰ এনে সর্বনশীয়া সিদ্ধান্তৰ বিৰুদ্ধে মুখ খুলি কোৱাৰ শক্তি নাছিল৷ এনে সংকটৰ সময়তে ড০ মাইলছ ব্রনছন, নাথান ব্রাউন, অলিভাৰ টি কট্টাৰে অসমত প্রৱেশ কৰিছিল৷ এইকেইজন লোকৰ সংগ্রামৰ ফলত অসমত বঙলা ভাষাৰ স্থানত অসমত অসমীয়া ভাষাৰ প্রচলন হয়৷ গতিকে এই বাসগৃহটো সংৰক্ষণ কৰা উচিত৷’

বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে এই বাসগৃহটো সংৰক্ষণৰ ক্ষেত্রত নিজৰ প্রতিক্রিয়া ব্যক্ত কৰি কয়– ‘কথাটো মাজে মাজে ওলায়৷ আকৌ জামৰি যায়৷ নগাঁৱত সংৰক্ষণ যোগ্যক অনেক কীর্তিস্থল এতিয়ালৈকে অনাদৃত, পৰিত্যক্ত আৰু প্রাপ্য সন্মান আৰু আদৰৰ পৰা বঞ্চিত৷ ইয়াৰে ভিতৰত মাইলছ ব্রনছনৰ এই বাসগৃহ ভৱিষ্যৎ প্রজন্মৰ বাবে নিঃসন্দেহে এক সংৰক্ষণযোগ্য স্থান৷ ই জাতিটোৰ এক কৃতজ্ঞতাৰো পৰিচায়ক হৈ ৰ’ব৷’ বিশিষ্ট সমাজকর্মী মুকুট চন্দ্র ভূঞায়ো কয় যে অসমীয়া ভাষাৰ পুনৰুদ্ধাৰৰ ক্ষেত্রত বিশেষ পদক্ষেপ গ্রহণ কৰা এইজন মহান লোকৰ বাসগৃহটো সংৰক্ষণ কৰা উচিত৷

You might also like