চাংসাৰিৰ ক’ভিড কেয়াৰ চেণ্টাৰত স্বাস্থ্যমন্ত্রী
নিয়মীয়া বার্তা, ২৬ জুলাইঃ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সন্ধিয়াৰ ভাগত চাংসাৰিৰ হেভেলছ ক’ভিড কেয়াৰ চেণ্টাৰত উপস্থিত হয়৷ কামৰূপৰ উপায়ুক্ত কৈলাশ কার্তিক আৰু দায়িত্ববাহী চিকিৎসা বিষয়াৰ উপস্থিতিত মন্ত্রী ড০ শর্মা কেন্দ্রটোত উপস্থিত হৈ চিকিৎসাধীন হৈ থকা ২৪০গৰাকী ৰোগীৰ খা–খবৰ লোৱাৰ পিছত তেওঁলোকৰ সুবিধা–সুবিধাৰ সামগ্রিক ব্যৱস্থাৱলী তথা পৰিস্থিতি সম্পর্কত প্রশাসন আৰু চিকিৎসা বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷
কেন্দ্রটোত চিকিৎসাধীন ক’ৰোনা আক্রান্ত ৰোগীৰ ক্ষেত্রত যাতে কোনো কাৰণতে অৱহেলাৰ দৃষ্টি দিয়া নহয়, তাৰ প্রতি জিলা প্রশাসনৰ লগতে দায়িত্ববাহী বিষয়া–কর্মচাৰীক আহ্বান জনায় বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে চাংসাৰিৰ উক্ত কেন্দ্রটোত চিকিৎসাধীন ক’ৰোনা ৰোগীৰ একাংশই যোৱা ১৬ জুলাইত তেওঁলোকৰ প্রতি প্রশাসনে অৱহেলা কৰাৰ অভিযোগ তুলি ৩১ নং ৰাষ্ট্রীয় ঘাইপথলৈ ওলাই আহি পথ অৱৰোধেৰে প্রতিবাদ সাব্যস্ত কৰিছিল৷