মিছন বসুন্ধৰা!৭ ডিচেম্বৰলৈ আৱেদনৰ সময়সীমা বৃদ্ধি
কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বগীনদীৰ বিভিন্ন পূৰ্ণগতিত চলিছে ভূমিৰ জৰীপ
নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰ : অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ নিৰ্দেশনাত সমগ্ৰ ৰাজ্যজুৰি মোৰ মাটি মোৰ অধিকাৰ শ্লোগানেৰে চলি থকা মিছন বসুন্ধৰাত আবেদনৰ সময়সীমা ৭ ডিচেম্বৰলৈ পুনৰ বৃদ্ধি কৰিছে বুলি জানিব পৰা গৈছে। স্মৰ্তব্য যে, জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষত যোৱা ২ অক্টোবৰৰ পৰা ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজৰ মাটি বাৰী সংক্ৰান্তীয় সমস্যা সমুহ সমাধানৰ বাবে গ্ৰহণ কৰা মিছন বসুন্ধৰা ত আবেদনৰ অন্তিম সময়সুচী আছিল ৩০ নৱেম্বৰ। অথাৎ কাইলৈ মংগলবাৰলৈকে মিছন বসুন্ধৰাই প্ৰদান কৰা আবেদনৰ শেষ সীমা বৃদ্ধি কৰিছে। আনহাতে মিছন বসুন্ধৰাৰ জৰিয়তে কদম ৰাজহ চক্ৰ কাৰ্যলয়ৰ অন্তৰ্গত বগীনদীৰ বিভিন্ন গাঁওত ৰাজহ বিভাগে পূৰ্ণগতিত চলাইছে ভূমিৰ জৰীপৰ কাম। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰেৰণ কৰা এটা জৰীপকাৰী দলে কদম ৰাজহ চক্ৰৰ অন্তৰ্গত জৰীপ নোহোৱা ২৬ খন গাঁৱৰ ভূমি জৰীপ কৰাৰ লক্ষ্যৰে ৰাজহ চক্ৰ কাৰ্যলয়ৰ নেতৃত্বত জৰীপ চলাই ইতিমধ্যে ১৯ খন গাঁওত জৰীপ সম্পুৰ্ন কৰা বুলি জানিব পৰা গৈছে।