মৰিগাঁও অসামৰিক চিকিৎসালয়ত কোভিড 19 ত আক্ৰান্ত হোৱা প্ৰসূতিৰ মৃত্যুৰ পিছত কবৰ স্থানত জানাজা দিয়াক লৈ উত্তপ্ত পৰিস্থিতি
নিয়মীয়া বাৰ্তা, ৬ আগষ্ট: মৰিগাঁৱত কোভিড19 আক্ৰান্ত এগৰাকী প্ৰসূতি মহিলাৰ মৃত্যু পিছত প্ৰশাসনে কোভিডৰ নীতিনিয়মেৰে জানাজা দিব বিছৰা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰি পৰিয়ালৰ লোকে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে মৰিগাঁৱৰ বুঢ়া তেলাহিত ।
ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে মৰিগাঁও অসামৰিক চিকিৎসালয়ত যোৱা বুধবাৰে জিলাখনৰ বুঢ়া তেলাহিৰ হাচিনা বেগম নামৰ এগৰাকী প্ৰসূতিক ভৰ্তি কৰা হৈছিল ৷চিকিৎসকে জনোৱা মতে প্ৰসূতি গৰাকীয়ে বুধবাৰে নিশা এটি কণ্যা সন্তান জন্ম দিয়াৰ পিছতে মহিলা গৰাকী কোভিড 19 আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ অহাত ততাতৈয়াকৈ চিকিৎসালয় খনৰ কোভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হয় যদিও নিশা মহিলা গৰাকীৰ অতিপাত ৰক্তক্ষৰণ হোৱাৰ ফলত মৃত্যুক সাৱটিব লগা হয় হাচিনা বেগম নামৰ বুঢ়া তেলাহিৰ মহিলা গৰাকী ৷ মৃত হাচিনা বেগম যদিও অতিপাত ৰক্তক্ষৰণ হোৱাৰ বাবেহে মৃত্যু হোৱা বুলি চিকিৎসকে প্ৰকাশ কৰে তথাপি মহিলা গৰাকী কোভিড 19ত আক্ৰান্ত হোৱাৰ বাবে জিলা প্ৰশাসনে পৰিয়ালৰ লোকক চমজি নিদি প্ৰশাসনে নিজাকৈ জানাজা দিবলৈ বুঢ়া তেলাহিৰ কবৰস্থানত মৃত্যু দেহ লৈ যোৱাৰ পথত মৃত হাচিনাৰ পৰিয়াল আৰু গাঁৱৰ ৰাইজে মৃতদেহ কঢ়িয়াই অনা চিকিৎসালয়ৰ গাড়ীখন আধা বাততে আবদ্ধ কৰি জানাজা দিয়াত বাধা প্ৰদান কৰি পৰিস্থিতি উত্তপ্ত কৰি তুলে ৷ পৰিয়ালৰ লোকে দাবী কৰা মতে যিহেতু হাচিনা বেগম কোভিডত মৃত্যু হোৱা নাই সেয়ে মৃতদেহটো পৰিয়ালক চমজি দিব লাগে ৷
ইছলাম ধৰ্মৰ ৰীতিনীতিৰে জানাজা দিব পৰিয়ালে ৷ কিন্তু প্ৰশাসনে পৰিয়ালক চমজি নিদি নিজাকৈ জানাজা দিবলৈ অনাত বুঢ়া তেলাহি গাঁৱৰ একাংশই বাধা প্ৰদান কৰি পৰিস্থিতি উত্তপ্ত কৰাত ঘটনাস্থলীত মৰিগাঁও জিলা আৰক্ষী অধিক্ষক নন্দ সিং বৰকলাৰ , অতিৰিক্ত উপায়ুক্ত তহিদুৰ ৰহমানৰ লগতে প্ৰশাসন উচ্চ পদস্থ বিষয়া আৰু দণ্ডাধীশ প্ৰয্যায়ৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷