মৰিগাঁও জিলা আছুৰ মথাউৰি পৰিদৰ্শন বান প্ৰতিৰোধ ব্যৱস্থাৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ
নিয়মীয়া বাৰ্তা ১৭ জুনঃ ক’ভিড মহামাৰীৰ সংহাৰৰ সময়তে বানপানীৰ দুৰ্ঘোৰ সম্ভাৱনা সমাগত। দিছপুৰৰ গাতে লাগি থকা মৰিগাঁও জিলা খনৰ অৰ্থনৈতিক ভেটি ভাঙি তচনচ কৰা এক প্ৰধান সমস্যা বান গৰা খহনীয়া । বান-গৰাখহনীয়াই জিলাখনৰ বহুলোকৰ ভেটি মাটি কাঢ়ি নিয়াৰ লগতে ধ্বংস কৰিছে বহু হেক্টৰ কৃষি ভূমি। সদৌ মৰিগাওঁ জিলা ছাত্ৰ সন্থাই বাৰম্বাৰ বান গৰাখহনীয়া ৰোধৰ বাবে আন্দোলন কৰি আহিছে যদিও আজিলৈকে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল । বান অহাৰ লগে লগেই প্ৰতি বছৰে জনধন পশুধনৰ বিস্তৰ ক্ষতি সাধন হয় ।বিশেষকৈ ভূৰাগাঁও লাহৰিঘাট টেঙাগুৰি বৰালিমাৰি আদি অঞ্চলৰ লোকে প্ৰতিবছৰে ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নী পানীৰ ফলত হোৱা তীব্ৰ গৰাখহনীয়াৰ কবলত পৰি দুৰ্যোগ পূৰ্ণ জীৱন অতিবাহিত কৰিব লগীয়া হয় ।
মৰিগাঁও জিলাখনৰ বিস্তৰ অংশ প্ৰতিবছৰে বানত ডুব যায়। বিভাগীয় অৱহেলাৰ বাবেই কোনো বছৰে সময়মতে মথাউৰি নিৰ্মাণৰ কাম হৈ নুঠে। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ এটি দলে আগন্তুক বানৰ প্ৰতি লক্ষ্য ৰাখি ভূৰাগাঁও অঞ্চলত মথাউৰি পৰিদৰ্শন কৰে। এতিয়াও ভূৰাগাঁও অঞ্চলত মথাউৰিৰ এটা সুবৃহৎ অংশ সম্পূৰ্ণ উন্মুক্ত। অঞ্চলবাসী ৰাইজে শংকাৰ মাজত দিন অতিবাহিত কৰিছে। তাৰোপৰি সমগ্ৰ জিলাখনতে ক’ভিড সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ছাত্ৰ সন্থাৰ দলটোৱে স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হৈ শংকা, সমস্যাৰ বুজ লয়।
সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি উৎপল শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, বানৰ সময় পালেহি। এতিয়া মথাউৰি নিৰ্মাণ কৰাৰ সময় পাৰ হৈ গৈছে। এইসময়ত বান আহিলে ৰাইজৰ অৱস্থা শোচনীয় হৈ পৰিব। অস্বাস্থ্যকৰ আশ্ৰয় শিৱিৰত ক’ভিডৰ নীতি-নিয়ম পালন কৰাটো অসম্ভৱ আৰু ই গণসংক্ৰমণৰ সৃষ্টি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত যাৱতীয় পৰিকল্পনা যুগুত কৰি চৰকাৰে সময়োচিত পদক্ষেপ ল’ব লাগে। সদৌ মৰিগাওঁ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধি সমন্বিতে জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ এটা দলে আজি উপায়ুক্ত সীমা ৰেখা ভূঞাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰকপত্ৰৰ দাবীসমূহ ক্ৰমে,
১) আধুনিক বিজ্ঞান সন্মত ভাৱে বান প্ৰতিৰোধ ব্যৱস্থা তৰান্বিত কৰি গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক
২) স্বাস্থ্যসন্মত আশ্ৰয় শিৱিৰ নিৰ্মাণৰ ব্যৱস্থা কৰক।
৩) পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত ৰখাৰ ব্যৱস্থা কৰক।
৪) পশুধনৰ সুৰক্ষাৰ বাবে পৰিকল্পনা যুগুত কৰক।
জিলা উপায়ুক্তৰে আলোচনাত জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক লোকেন্দ্ৰ ছেত্ৰী, আছু নেতা ইন্দ্ৰ নাথো উপস্থিত থাকে।