নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ চৰ -চাপৰিত অবৈধ ভাৱে অত্যাধিক দামত ইউৰিয়াঃ কীটনাশক বিক্ৰী কৰি কৃষকক মাধমাৰ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ: মৰিগাঁও জিলাৰ অৰ্থনৈতিকভাৱে টনকিয়াল কৰাৰ ক্ষেত্ৰত কৃষকৰ ভূমিকা সৰ্বাধিক ।কৃষকৰ কঠোৰ শ্ৰমে মৰিগাঁও জিলাখন অৰ্থনৈতিকভাৱে চহকী ।ইয়াৰ বাবে জিলাখনৰ চৰ চাপৰিৰ সহজ সৰল কৃষকসকলৰ ভূমিকা সৰ্বাধিক ।চৰ চাপৰিৰ সহজ সৰল কৃষক সকলে কপালৰ ঘাম মাটিত পেলাই নানান ধৰণৰ শস্য উৎপাদন কৰি আহিছে । চৰ চাপৰিত মৰাপাট ,ধান ,মাকৈ মাহ জাতীয় শস্যকে ধৰি শাক পাচলি প্ৰচুৰ পৰিমাণে উৎপাদন কৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত ৰপ্তানি কৰি আহিছে ।জিলাখনৰ কুৰি খন চৰৰ কৃষক সকলে কঠোৰ শ্ৰম কৰি নানান ধৰণৰ শস্য উৎপাদন কৰি জিলাখনক চহকী কৰি আহিছে যদিও সেই কৃষক সকল চৰকাৰৰ আৱন্টিত বিভিন্ন আচঁনিৰ পৰা অৱহেলিত হ’ব লগা হৈছে ।

কৃষি বিভাগৰ বিয়াগোম আচঁনি সমূহ চৰ চাপৰিৰ কৃষক সকলক ঢুকি নাপায় ।আনকি চৰ চাপৰিৰ সহজ সৰল কৃষক সকলে কৃষি কৰ্মত ব্যৱহাৰ কৰা ৰাসায়নিক আৰু কীটনাশককে ধৰি আন আন সামগ্ৰী অত্যাধিক দামত ক্ৰয় কৰিব লগা হয় ।যাৰ ফলত চৰ চাপৰিৰ কৃষক সকল মাজে সময়ে অধিক লোকচানৰ সন্মূখীন হ’ব লগা হয় ।শেহতীয়াকৈ জিলাখনৰ তিনিখন চৰত কেইগৰাকীমান ব্যৱসায়ীয়ে অবৈধভাৱে কীটনাশক আৰু ৰাসায়নিক সাৰ বিক্ৰীৰ দোকান খুলি লৈছে। এই ব্যৱসায়ী সকলে কৃষকসকলৰ সৰলতাৰ সুযোগলৈ ইউৰিয়া সাৰকে ধৰি আন আন কীটনাশক দৰৱ অত্যাধিক দামত বিক্ৰী কৰি মাধমাৰ শোধাই আহিছে ।নবুচৰ ,হামুচৰ আৰুকাশেমৰ চৰত ৫ জন ব্যৱসায়ীয়ে এইদৰে অবৈধভাৱে ৰাসায়নিক সাৰ কীটনাশক বিক্ৰীৰ ব্যৱসায় চলাই আহিছে ।বজাৰৰ মূল্যতকৈ অধিক হাৰত বিক্ৰী কৰি কৃষক সকলক অৰ্থনৈতিকভাৱে জুৰুলা কৰি আহিছে ।এই ক্ষেত্ৰত জিলা কৃষি বিভাগৰ নীৰৱতাই এক ৰহস্যৰ সৃষ্টি কৰিছে ।জিলা কৃষি বিভাগে চৰ চাপৰিত চলি থকা অবৈধ ৰাসায়নিক সাৰ কীটনাশকৰ দোকান বন্ধ কৰাৰ সৰ্বত্ৰে দাবী উঠিছে ।এই ক্ষেত্ৰত জিলা কৃষি বিভাগে কি ভূমিকা গ্ৰহণ কপে সেয়া লক্ষণীয় হ’ব ।

You might also like