নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ আৰু অসম বাসীৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দ্বাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ মৰিগাঁও জিলা কৃষক মুক্তিৰ

নিয়মীয়া বাৰ্তা, ৬ জুলাই: অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা “অসম ক্ষুদ্ৰ”, লঘু আৰু মজলীয়া উদ্যোগ অধ্যাদেশ ২০২০ ৰ যোগেদি অসমত উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বলবৎ কৰা নীতিক প্ৰত্যাহাৰ কৰি অসমবাসীৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ দ্বাবীত আজি মৰিগাঁও জিলাৰ চাৰিটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ক্ৰমে মৰিগাঁও ৰাজহ চক্ৰ , মিকিৰভেটা ৰাজহ চক্ৰ , লাহৰীঘাট ৰাজহ চক্ৰ আৰু ভূৰাগাঁও ৰাজহ চক্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অসমৰ মূখ্যমন্ত্ৰীলৈ একোখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ মৰিগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি যতীন দাস , সম্পাদক দেৱজিৎ পাতৰ , ছাত্ৰ মূক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক খ্যাতিময় বৰাৰ নেতৃত্বত , মিকিৰভেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বাৰপূজীয়া আঞ্চলিক সমিতিৰ জিলা উপদেষ্টা খৰ্গেশ্বৰ দেউৰজা আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নোমল চন্দ্ৰ ডেকাৰ নেতৃত্বত , লাহৰীঘাট ৰাজহ চক্ৰত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাতুল হকৰ নেতৃত্বত আৰু ভূৰাগাঁও ৰাজহ চক্ৰত ভূৰাগাঁও আঞ্চলিক সভাপতি ৰহিজুল ইছলাম আৰু ফিৰদ্দুজ জিন্নাৰ নেতৃত্বত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

উল্লেখ যে জাতি-মাটি-ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থত দিছপুৰত অসমৰ জনতায়ে আসন দিছিল সোনোৱাল চৰকাৰক। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে, এই চৰকাৰ খনে খিলঞ্জীয়াক সুৰক্ষিত কৰাত ব্যৰ্থ হৈছে। কিয়নো, শেহতীয়াকৈ ৰাজ্যিক কেবিনেটৰ অনুসৰি অসমৰ কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি বহিৰাগত বনিকগোষ্ঠীক হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰ এই সিদ্ধান্তক এই নীতিক বিৰোধিতা কৰিছে লগতে খিলঞ্জীয়া বিৰোধ নীতি হিচাপে গন্য কৰিছে। তদুপলক্ষে, এনে খিলঞ্জীয়া বিৰোধ ভূমি নীতি বাতিল কৰিবলৈ জিলাখনৰ এই চাৰিটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ কৰি অসম বাসীৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰৰ প্ৰেৰন কৰে।

You might also like