মৰিগাঁও জিলাৰ ভেকচিন কেন্দ্ৰ পৰিদৰ্শন স্বাস্থ্য বিভাগৰ সচিব হেমেন দাসৰ
নিয়মীয়া বাৰ্তা ২৭ মেঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৰ নিৰ্দেশত মৰিগাঁও জিলাৰ ভেকচিন প্ৰদান কাৰ্যসূচীৰ পৰ্যবেক্ষণ কৰিবলৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সচিব হেমেন দাস আজি উপস্থিত হৈ মৰিগাঁও জিলাৰ বঘৰাত।
বৃহস্পতিবাৰে মৰিগাঁওৰ বঘৰা মাধ্যমিক বিদ্যালয় ক’ভিড ভেকচিন কেন্দ্ৰত উপস্থিত হয় অসম চৰকাৰৰ স্বাস্থ্য সচিব হেমেন দাস ৰ উপৰিও উপস্থিত থাকে স্বাস্থ্য সঞ্চালক( মহিলা আৰু পৰিয়াল কল্যাণ) মুনিন্দ্ৰ নাথ তাঁতী আৰু এন আৰ এইচ এম ৰ কাৰ্যকৰী সঞ্চালক মনোজ চৌধুৰী সহ এটি উচ্চস্তৰীয় সঁজাতি দল।
অসম চৰকাৰৰ মূখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশত মৰিগাঁও জিলাত কভিড19 ভেকচিন প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাইজে সকলো সকাহ, সা সুবিধা আৰু প্ৰয়োজন অনুসৰি যাতে ক’ভিড ভেকচিন পাৱলৈ সক্ষম হয় তাৰ বুজ লোৱাৰ লগতে সমগ্ৰ অসমতে যাতে ভেকচিন প্ৰদান প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰিব পাৰি আৰু চৰকাৰৰ SOP বোৰ পালন কৰাত জনসাধাৰণৰ কিবা অসুবিধা হোৱা নাইবা কিবা সাল-সলনি কৰিব লগা হয় নেকি সেইবোৰ পৰ্যালোচনা কৰাৰ বাবে ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ বাবে মৰিগাঁও জিলাৰ বঘৰা ভেকচিন কেন্দ্ৰত উপস্থিত হোৱা বুলি জানিব দিয়ে স্বাস্থ্য বিভাগৰ সচিব হেমেন দাসে।
আনহাতে বঘৰা মাধ্যমিক বিদ্যালয় ক’ভিড ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰি বঘৰা স্থানীয় ৰাইজৰ লগতে স্কুল পৰিচালনা সমিতিক ধন্যবাদ জ্ঞাপন কৰে। লগতে বঘৰা মাধ্যমিক বিদ্যালয় ক’ভিড ভেকচিন কেন্দ্ৰৰ দৰে অসমৰ সকলো ভেকচিন কেন্দ্ৰ স্থাপন হোৱাতো কামনা কৰে হেমেন দাসে।