আঘোণৰ ৰ’দৰ কাচিয়লিত বেজেৰাত ন খোৱা অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ অতীজৰে পৰা আমাৰ অসমৰ গ্ৰাম্য সমাজত প্ৰচলিত হৈ অহা “ন খোৱা ” পর্বতো বর্তমান সময়ত প্রায় নিচিহ্ন হৈ পৰিছে। একৈশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ থামখুমীয়াত লাহে লাহে আমাৰ সমাজত পুর্বৰে পৰা চলি অহা কিছু পৰম্পৰা প্রায় নিঃশেষ হোৱাৰ পথত। কিন্তু এনে এক সময়তো কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ বেজেৰা পঞ্চায়তৰ কেইজনমান উদ্মমী ডেকাৰ একান্তই নিজস্ব প্রচেষ্টাত “ন খোৱা ” পর্বৰ নিচিনা ঐতিহ্য মণ্ডিত এক পৰম্পৰাক জীয়াই ৰাখিবলৈ কৰা প্ৰচেষ্টা বর্তমান সময়ত নিশ্চিত ভাৱে আদৰণীয়।
বিগত কেবা বছৰ ধৰি এই আনুষ্ঠানটি সমুহীয়া ভাবে পালন কৰি অহাত বিশেষ ভাৱে উদ্যোগ গ্ৰহণ কৰিছিল বেজেৰা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী ৰাজনীতিবিদ প্রয়াত ৰমণী মোহন ডেকাই। আজি এই “ন খোৱা ” অনুষ্ঠানটিৰ সতে সঙ্গতি ৰাখি বেজেৰা আঞ্চলিক মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত এখন সভা অনুষ্ঠিত কৰা হয়। বেজেৰা পঞ্চায়তৰ অন্তৰ্গত সতীৰ্থ সন্মিলন আৰু লগে ভাগে ন খোৱা এসাজ অনুষ্ঠানৰ অন্যতম উদ্যোক্তা বনজিৎ ডেকা আৰু প্ৰবীণ শৰ্মাই আত ধৰা সভাত সভাপতিত্ব কৰে খেহেনীপাৰাৰ পাইঅনিয়াৰ একাডেমীৰ অধ্যক্ষ ৰজনীকান্ত তালুকদাৰে।সভাত ভাষণ দি গোৰেশ্বৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ খৰ্গেশ্বৰ ডেকাই উদ্যোক্তা সকলৰ এনে প্ৰচেষ্ঠাক শলাগ লয়।
ড ০ ডেকাই কয় যে এনে উৎসৱ পাৰ্বনে মানুহক মানুহৰ ওচৰ চপাই আনে,হৃদয়ৰ লগত হৃদয়ৰ মিলন হয়।এনেকৈয়ে সমাজৰ একতাৰ বান্ধোন সুদৃঢ় হয়।অতীতত প্ৰতিঘৰ মানুহে ন খোৱা পাতিছিল।বৰ্তমানৰ ডেকা সকলে কৃষি কৰ্মৰ প্ৰতি পিঠি দিছে।এয়া অসমীয়া জাতিৰ বাবে শুভলক্ষণ নহয়।পথাৰ বজাৰ আৰু নিজৰ সংস্কৃতি ধৰি ৰাখিব নোৱাৰিলে পৃথিৱীৰ কোনো জাতিয়ে সুস্থ সবল জাতি হিচাপে তিষ্ঠি থাকিব নোৱাৰে বুলি তাৎপৰ্য পূৰ্ণ মন্তব্য আগবঢ়ায়।ব্ৰক্ষ্মপুত্ৰ বিজ্ঞান বিদ্যালয়ৰ অধ্যক্ষ কিৰণ চন্দ্ৰ কাকতিয়ে প্ৰতি বছৰে নিয়মীয়াকৈ বেজেৰা গাও পঞ্চায়তৰ অন্তৰ্গত একোখন গাৱৰ পথাৰত ন খোৱা উৎসৱ পাতিবলৈ আহ্বান জনায়।বিশিষ্ট নিবন্ধকাৰ,সাহিত্যিক মোহন শইকীয়া আৰু আগডলা গাও পঞ্চায়তৰ সভাপতি তিলক শৰ্মাই ভাষণ আগবঢ়াই।
সভাত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ দেবেন চন্দ্ৰ ডেকা, বিজেপি বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা ,জিলা পৰিষদৰ সদস্য অনিল ৰাজ ডেকা, ড০ চন্দ্ৰ কান্ত গোস্বামী,দেবেন বৰুৱা,বলোৰাম বৰুৱা,আমজেদ আলী,ডা: মহেশ্বৰ ডেকা,
সমাজকৰ্মী বতহু কুমাৰ,বলোৰাম বৰুৱাকে
ধৰি এই অঞ্চলৰ বিভিন্ন শ্রেণীৰ লোকে এই অনুস্থানত যোগদান কৰে।উক্ত অনুষ্ঠানটোত অঞ্চলটোৰ কেবা গৰাকীও কৃষকে যোগদান কৰে। এই অনুষ্ঠানৰ সতে সঙ্গতি ৰাখি অনুষ্ঠিত সভা খনত বিভিন্ন জনে এই অনুষ্ঠানৰ জড়িয়তে ৰাজ্য খনত পূর্বৰে পৰা চলি অহা এই পৰম্পৰাগত কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ বাবে লোৱা পদক্ষেপ সচাকৈয়ে প্রসংখনীয় বুলি বিভিন্ন জনে নিজ নিজ ব্ক্তব্যত স্পষ্ট কৰে। লগতে এই সভাতে এই অনুস্থানটোৰ জন্মদাতা স্বৰূপ প্রয়াত ৰমণী মোহন ডেকাৰ আত্মাৰ সদ্গতিৰ বাবে এক মিনিট সময় মৌন প্রার্থনা জনাই। সভাৰ শেষত প্ৰায় ছয় শতাধিক লোকে একেলগ হৈ মিলি জুলি এখাজ খাই অনুষ্ঠানটিৰ সামৰণি ঘটাই।