নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত আৰম্ভ হ’ল ছাত্র সন্থাৰ বজাৰ

নিয়মীয়া বাৰ্তা, ২৯জুনঃ লকডাউনৰ বাবে ৰাজ্যখনৰ লগতে নগাঁও জিলাৰ অৰ্থনীতিও বিপৰ্যস্ত হৈ পৰিছে। ইতিমধ্যে বহু ব্যক্তিগত প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে। টেণ্ট হাউচকে ধৰি বিভিন্ন ব্যৱসায়ৰ লগত জড়িত থলুৱা অসমীয়া ব্যৱসায়ী সকল ক্ষতিৰ সন্মুখীন হব লগা হৈছে। বহু যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ পথ বন্ধ হৈছে।

ইপিনে বহিঃ ৰাজ্যত কৰ্মৰত যুৱক যুৱতী সকল নগাঁৱলৈ ঘূৰি আহিছে। বহুতো যুৱক যুৱতীয়ে বিকল্প ব্যৱসায়ৰ পথ গ্ৰহণ কৰি নিজকে স্বাৱলম্বী কৰি তুলিছে। একাংশ যুৱক যুৱতীয়ে শাক পাচলিৰ খেতি কৰাৰ লগতে শাক পাচলি ব্যৱসায় আৰু পশুধন পালন কৰিবলৈ লৈছে। ই এক ইতিবাচক দিশ হিচাপে চিহ্নিত হৈছে। জিলখনৰ অৰ্থনীতি বিপৰ্যস্ত হোৱাৰ সময়ত থলুৱা যুৱক যুৱতীক স্বাৱলম্বী কৰাৰ এক প্ৰয়াস আৰম্ভ কৰিছে নগাঁও জিলা ছাত্র সন্থাই। নীৰৱে গঢ়ি তুলিব বিচাৰিছে এক অৰ্থনৈতিক বিপ্লৱ।

 সদৌ নগাওঁ জিলা ছাত্র সন্থাৰ কাৰ্য্যালয়ৰ সমীপত থকা সন্থাৰ ভূমিত আজিৰ পৰা আৰম্ভ কৰিছে এখন বজাৰ। নগাওঁ চহৰৰ সন্থাৰ কাৰ্য্যালয়ৰ ভূমিত নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱা বজাৰ গৃহত ১৬ খন বিপনীৰ ব্যৱস্থা আছে। আজি এই বিপনিত প্ৰায় ১০ গৰাকী থলুৱা লোকে শাক পাচলি আদি উৎপাদিত সামগ্ৰী বিক্ৰী কৰিছে। এই বজাৰখনত জৈৱিক পদ্ধতিৰে উৎপাদিত শাক পাচলি, মাছ-মাংস-কণী আদিৰ লগতে অন্যান্য সামগ্ৰী উপলদ্ধ হব বুলি জিলা ছাত্র সন্থাই জানিবলৈ দিয়া। জিলা ছাত্র সন্থাৰ অন্তৰ্গত ১৬ খন আঞ্চলিক সমিতি আছে। এই আঞ্চলিক সমিতি সমূহৰ বহু সদস্যই এতিয়া গাঁও অঞ্চলত কৃষি কাৰ্য্যত নিয়োজিত হৈছে। এই সদস্য সকলে নিজে উৎপাদন কৰা সামগ্ৰীবোৰ এই বজাৰত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। এই সদস্য সকলৰ কোনোৱে যদি শাক পাচলি খেতি কৰিছে , কোনোৱে ধানৰ খেতি, কোনোৱে মৎসু উৎপাদন কোনোৱে পশুধন পালন কৰিছে। এই বজাৰত ছাত্র সন্থাৰ সদস্যৰ লগতে অন্য উদ্যমী যুৱক যুৱতী সকলেও সামগ্ৰী বিক্ৰী কৰাৰ ব্যৱস্থা ৰাখিছে ছাত্র সন্থাই।

You might also like