নগাঁৱৰ অৰুণাত ছমাহ ধৰি বিদ্যুত সংযোগ বিচ্ছিন্ন; ৰাইজে ঘেৰাও কৰিলে এ পি ডি চি এলৰ কাৰ্যালয়
নিয়মীয়া বার্তা, ৬ আগষ্ট : উৎকত গৰমে দহিছে সমগ্ৰ ৰাজ্য । পাৰাস্তম্ভৰ উৰ্দ্ধগামী অৱস্থাই ভংগ কৰিছে পূৰ্বৰ ইতিহাস । নগাঁৱটো গৰমে সৃষ্টি কৰিছে হাহাকাৰ সদৃশ পৰিবেশ। তাৰপিছতো ছমাহ বিদ্যুত সংযোগ বিহীনভাৱে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে জিলাখনত ৰূপহীৰ অৰুণা অঞ্চলৰ ৰাইজে । অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ(এ পি ডি চি এল) হেমাহিৰ বাবেই এতিয়া এই গৰমৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে অঞ্চলটোৰ শতাধিক লোকে ।টেন্সফৰ্মাৰৰ বিজুতি আৰু একাংশ লোকে বিদ্যুত বিল আদায় নিদিয়াৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে অৰুণা অঞ্চলৰ সকলো ৰাইজে । সেয়ে অতিষ্ঠ হৈ পৰা লোকসকলে আহি আজি নগাঁও চহৰস্থিত এ পি ডি চি এলৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে শীঘ্ৰেই বিদ্যুত সংযোগ প্ৰদান কৰিবলৈ বিভাগীয় বিষয়াৰ ওচৰত দাবী জনায় । ৰাইজে বিভিন্ন শ্লোগান দি বিভিন্ন পৰিবেশ উত্তাল কৰি তোলে। ইফালে এ পি ডি চি এলৰ বিষয়া-বৰ্গই শীঘ্ৰেই আলোচনামৰ্মে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।