অ’মিক্ৰন ভাইৰাছৰ বিৰুদ্ধে সজাগতা সৃষ্টিত নগাঁও কলেজৰ ব্যতিক্রমী প্ৰয়াস
নিয়মীয়া বাৰ্তা,৩ডিচেম্বৰঃকৰ’না ভাইৰাছৰ নতুন প্ৰজাতি অ’মিক্ৰন ভাইৰাছক লৈ যিটো সময়ত সমগ্ৰ বিশ্বত মানুহ আতংকিত হৈছে, সেই সময়ত নগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰী আতংকিত নহৈ নিজকে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাই এক ব্যতিক্রমী সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। নগাঁও কলংপাৰ শাখা, অসম বিজ্ঞান সমিতিৰ উদ্যোগত আৰু এন. এছ. এছ. গোট, নগাঁও কলেজ ( অট’ন’মাচ) আৰু প্ৰতিষ্ঠানীয় উদ্ভাৱনা কোষ (নগাঁও কলেজ) ৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী সমবেত হৈ প্ৰত্যেকে একোখন ব’ৰ্ডত এটা শ্ল’গান লিখি আৰু একাংশই চিত্ৰ অংকন কৰি ভেকচিন লোৱা, মাস্ক পিন্ধা, সামাজিক দূৰত্ব বজাই ৰখা বিষয়বোৰ দাঙি ধৰে। আজিৰ এই কাৰ্যসূচী উদ্বোধন কৰে নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা° অতুলচন্দ্ৰ পাটৰে। ডা° পাটৰে ভাষণ প্ৰসঙ্গত কয় যে নগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে লোৱা এনে কাৰ্যসূচীত তেওঁ অভিভূত হয় আৰু অসমত পোনপ্ৰথমবাৰৰ বাবে নগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে এনে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে তেওঁ ছাত্ৰ-ছাত্ৰী আৰু কলেজ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে সকলোকে ক’ভিড বিধি মানি চলিবলৈ আহ্বান জনায়। আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড° ভুৱন চন্দ্র চুতীয়াই সজাগ হৈ থাকিলে স্কুল-কলেজৰ পাঠদানত কোনোধৰণৰ অসুবিধা নহয় বুলি উল্লেখ কৰে। অধ্যাপক ড° পৰীক্ষিত হাজৰিকাই সজাগতাৰ ওপৰত গুৰুত্ব দি ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত কলেজৰ ছাত্ৰী তামান্না বৰুৱাই এই ৰোগ প্ৰতিৰোধৰ ক্ষেত্রত ডাক্তৰসকলক দেৱদূত বুলি কোৱাৰ লগতে ক’ভিডক নিৰ্মূল কৰাৰ ক্ষেত্ৰত আগশাৰীৰ কৰ্মীসকলক সকলোৱে শ্ৰদ্ধা কৰা উচিত বুলি উল্লেখ কৰে। আৰু এখন সুন্দৰ তৈল চিত্ৰ অংকন কৰে। আন এখন তৈল চিত্ৰ অংকন কৰি কংকন শীলে কয় যে প্ৰতিৰোধেই হ’ব আৰোগ্যৰ মূল ভেঁটি বুলি উল্লেখ কৰে। দীপজ্যোতি বৰাই সজাগতামূলক পোষ্টাৰ প্ৰদৰ্শন কৰে। এইদৰে চিত্ৰ অংকন আৰু অন্যান্য সজাগতামূলক বিষয়ৰ উপস্থাপনেৰে এই কাৰ্যসূচী অন্ত পৰে।