নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও চিমনা বস্তি চিকিৎসালয় ক’ভিড ৰোগীৰ বাবে মুকলি

নিয়মীয়া বাৰ্তা, ৩ জুলাই : কৰোণা ভাইৰাছৰ গন সংক্ৰমণৰ দিশে অগ্ৰসৰ হৈছে নগাঁও জিলা। কালি সন্ধ্যা আৰু আজিৰ ভিতৰত জিলা খনত নতুনকৈ ৬০ গৰাকী লোক নতুনকৈ কভিড ১৯ত আক্ৰান্ত হৈছে। এই সকলৰ ভিতৰত ভ্ৰমণ বৃত্তান্ত নথকা কেইবাজনো লোক আছে। দণ্ডাধীশৰ পৰা আৰম্ভ কৰি চৰকাৰী কৰ্মচাৰী শ্ৰমিক, সাধাৰণ লোককে ধৰি ভ্ৰমন বৃত্তান্ত নথকা কেইবাজনো লোক আছে। আজি নতুনকৈ কভিড ১৯ত আক্ৰান্ত হোৱা ৬০ জনৰ ভিতৰত কেইবাজনো ভ্ৰমণ বৃত্তান্ত নথকা লোক আছে যদিওঁ সঠিক তথ্য লাভ কৰিব পৰা নাই।

এতিয়ালৈকে ভ্ৰমণ বৃত্তান্ত নথকা ১৪ জনতকৈ অধিক লোক আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, আজিলৈকে জিলা খনত ৭৫৫ গৰাকী লোক কভিড ১৯ত আক্ৰান্ত হৈছে। দ্ৰুত গতিত কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত নগাঁও জিলা বাসীৰ মনত সংকাৰ ভাৱ অধিক ঘনীভূত হৈ পৰিছে। সচেতন মহলে সামাজিক সংক্ৰমণৰ আশংকা কৰিছে যদিও একাংশ লোকে বজাৰ সমাৰ আদি সকলোতে ভিৰ কৰা পৰিলক্ষিত হৈছে। শাকপাচলিৰ বজাৰ গেলামালৰ বিপনী, ঔষধৰ বিপনী, ভিতৰোৱা অঞ্চলৰ বজাৰ বেংক, চি এছ পি আদিত ৰাইজৰ অভাবনীয় ভীৰ পৰিলক্ষিত হৈছে। চৰকাৰ প্ৰশাসন স্বেচ্ছাসেৱী অনুষ্ঠান আদিয়ে সকলোকে সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাই আহিছে যদিও কোনেও এই আহ্বানৰ প্ৰতি গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। এই ক্ষেত্ৰত জিলা প্ৰশাসন কঠোৰ নহলে নগাঁও জিলাত কৰোণাই ভয়াবহ পৰিস্হিতি সৃষ্টি কৰাৰ আশংকা বৃদ্ধি পাইছে। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভ্ৰমন বৃত্তান্ত নথকা তিনি গৰাকী ছাফাই কৰ্মী কালি কৰোনাত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। এই তিনি গৰাকী ছাফাই কৰ্মী চিকিৎসালয় খনৰ বিভিন্ন জনৰ সংস্পৰ্শলৈ আহিছিল। যাৰ বাবে চিকিৎসালয় খনৰ একাংশ চিকিৎসক কৰ্মচাৰী চিন্তিত হৈ পৰিছে। জানিব পৰা মতে ইয়াৰে এগৰাকী অস্থায়ী ছাফাই কৰ্মীয়ে কালি অস্থায়ী কৰ্মচাৰীয়ে ৰূপায়ন কৰা ধৰ্না কাৰ্যসূচীতো অংশ গ্ৰহণ কৰিছিল। এনেদৰে ভ্ৰমণ বৃত্তান্ত নথকা কৰোণা আক্ৰান্ত লোক কোৱাৰেণ্টাইনত থকা সময়ত বিভিন্ন জনৰ সংস্পৰ্শলৈ অহাৰ অভিযোগ আছে। জিলা খনৰ বিভিন্ন স্থানত হোম কোৱাৰেন্টাইন হোৱা বহু লোকে স্বাস্থ্য বিভাগৰ নিয়ম নীতি নামানি বিভিন্ন জনৰ সংস্পৰ্শলৈ আহিছে। যাৰ বাবেই জিলা খনত এতিয়া গন সংক্ৰমণ হোৱাৰ সম্ভাৱনাই দেখা দিছে।

আনহাতে আজি জিলা খনত কৰোনাত আক্ৰান্ত হৈ সুস্থ হৈ উঠা ১৭ গৰাকী লোকক স্বাস্থ্য বিভাগে ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে। এই ১৭ জনকে লৈ জিলা খনত সুস্থ হোৱা লোকৰ সংখ্যা ৪৯০ জনলৈ বৃদ্ধি পালে। গুৰুত্বপূৰ্ণ কথাটো এই যে-জিলা খনত দ্ৰুত গতিত কৰোণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাত জিলা খনৰ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কভিড হস্পিতালকে ধৰি আন তিনিখন হস্পিতালত কৰোণা ৰোগীক ৰাখিবৰ বাবে ঠাইৰ অভাব হৈছে বুলি স্বাস্থ্য বিভাগৰ সত্ৰত প্ৰকাশ যাৰ বাবেই কালি সন্ধ্যা আৰু আজি আক্ৰান্ত হোৱা কেইবাজনো লোকক বাতৰি লিখা সময়লৈকে চিকিৎসালয়লৈ নিব পৰা নাই। যাৰ বাবে আজি তৎকালীন ভাবে জিলা খনৰ কলিয়াবৰ মহকুমাৰ চিমনাবস্তী প্ৰাৰ্থমিক স্বাস্থ্যকেন্দ্ৰত কভিড ৰোগীক ৰাখিবৰ বাবে ব্যৱস্থা গ্ৰহন কৰিছে। আজি কভিড ৰোগীৰ বাবে এই চিকিৎসালয় খন আনুষ্ঠানিক ভাৱে মুকলি কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। নিজৰ চমু উদ্বোধনী ভাষণত মন্ত্ৰী গৰাকীয়ে কয় – এই চিকিৎসালয় খনত কভিড ৰোগীৰ সকলো লা সুবিধা উপলব্ধ হব। এই অনুষ্ঠানত কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগ আৰু নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰ উপস্থিত আছিল।আনহাতে ক’ভিড পজিটিভ চিনাক্ত হোৱা নগাঁও আদালতৰ এজন কৰ্মচাৰীক লৈ গণ সংক্ৰমণৰ আশংকাত ত্ৰস্তমান হৈছে মৰিকলং বৰঘাট অঞ্চলৰএকাংশ লোক । নগাঁৱৰ আদালতত চতুৰ্থ বৰ্গৰ পদত কৰ্মৰত মৃন্ময় কুমাৰ বৰাৰ ক’ভিড পৰীক্ষাৰ ফলাফল কালি পজিটািভ আহে । কৰ্মচাৰীজন কৰ্মৰত ন্যায়িক দণ্ডাধীশৰ আদালতলৈ কেইদিনমান পূৰ্বে অহা এগৰাকী কিশোৰী পৰৱৰ্তী সময়ত ক’ভিড ১৯ পজিটিভ চিনাক্ত হোৱাৰ সূত্ৰে আদালতখনৰ ন্যায়াধীশৰ লগতে কেইবাজনো কৰ্মচাৰীক হ’ম কোৱাৰেন্টিন কৰা হৈছিল । সেই সূত্ৰে হ’ম কোৱাৰেন্টিনত আছিল মৃন্ময় । কিন্তু হ’ম কোৱাৰেন্টিনৰ কোনো নিয়ম নীতি নামানি মৰিকলং বৰঘাট অঞ্চলত মুক্তভাবে ঘূৰি ফুৰিছিল যুৱকজন । আনকি আন লকডাউনৰ নিয়ম মানি কম মানুহৰ উপস্হিতিত কালি অনুষ্ঠিত পৰিয়ালৰ এগৰাকী যুৱতীৰ বিৱাহ অনুষ্ঠানৰ বজাৰ সমাৰ কৰাৰ পৰা কালিৰ অনুষ্ঠানতো পুৱাৰে পৰা উপস্হিত আছিল যুৱকজন । কালি সন্ধ্যা মৃন্ময়ৰ ক’ভিড পজিটিভৰ খৱৰ প্ৰচাৰ হোৱাৰ পিছতে বিয়াঘৰৰ লগতে পৰিয়াল আৰু বিয়া খাবলৈ যোৱা মানুহৰ মাজত হাহাকাৰ লাগে ।

আজি বিয়লি পৰ্যন্ত স্বাস্হ্য বিভাগে যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা নাই । আনহাতে যুৱকজনৰ পৰা হ’ব পৰা সংক্ৰমণৰ বিষয়তো স্বাস্হ্য বিভাগে কাকো সোধাপোছা কৰা নাই । তাকে লৈ ভূক্তভোগী লোক সকলে অসন্তুষ্টি প্ৰকাশ কৰিছে ।

You might also like