নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক ডাউন’ৰ সুযোগ গ্ৰহণ কৰি নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ সামগ্ৰী সৰবৰাহৰ চেষ্টা; যুৱ ছাত্র পৰিষদৰ বাধা

নিয়মীয়া বাৰ্তা, ৩ জুলাই : গেৰুকামুখস্থিত নামনি সোঁৱনশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ নগাঁও জিলাৰ শেনচোৱাস্থিত এন এই পি চি গুদামৰ পৰা এন এই পি চি কৰ্তৃপক্ষই বিভিন্ন যন্ত্ৰাংশ গোপনে সৰবৰাহ কৰিব বিচাৰোতেই আজি বাধা প্ৰদান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ কৰে পৰিষদৰ নগাওঁ জিলা সমিতিয়ে ।

জানিব পৰামতে আজি এন এই পি চিৰ শেনচোৱাস্থিত গুদামৰ পিচপিনে ৰেল লাইনৰ কাষত কেইবাখনো বৃহৎ ট্ৰাকত একাংশ শ্ৰমিকে ট্ৰেন্সফৰ্মাৰকে ধৰি বিভিন্ন যন্ত্ৰ পাতি বুজাই কৰি আছিল।এই ট্ৰাক কেইখনৰ নম্বৰ আছিল এইচ আৰ ৫৫ জি ৯৭৮৩,এইচ আৰ ৩৮ ইউ ৭২৮১,এন এল ০২ কিউ ০৬১৪,এইচ আৰ ৫৫ অ ৫৩৩০ সেই সম্পৰ্কত খবৰ লাভ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমনি বড়া,সম্পাদক প্ৰাগজ্যোতিষ বনিয়া আৰু উপসভাপতি মনোজ সিংহ ৰাজাৰ নেতৃত্বত পৰিষদৰ সদস্যৰ এটা দল সেই স্থানত উপস্থিত হয়।যুৱ ছাত্ৰ পৰিষদৰ দলটোৱে ট্ৰাকত সামগ্ৰী বোজাই কৰা কাৰ্যত বাধা প্ৰদান কৰাৰ লগতে প্ৰতিবাদো সাব্যস্ত কৰে।পিচত পৰিষদৰ সদস্য সকলে এই সমগ্ৰ বিষয়টো সম্পৰ্কত সাংবাদিকক খবৰ দিয়াত সাংবাদিকো সেই স্থানত উপস্থিত হয়গৈ।

সাংবাদিকে কেমেৰাত দৃশ্য আবদ্ধ কৰে।অভিযোগমতে গুদামঘৰটোত থকা এন এইচ পি চিৰ নিৰাপত্তাৰক্ষীয়ে সাংবাদিক আৰু প্ৰতিবাদকাৰী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলক দুৰ্ব্যৱহাৰ কৰে।পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমনি বড়াই সংবাদ মাধ্যমক কয় যে-কভিড-১৯ সংক্ৰমণ ৰোধৰ বাবে গ্ৰহণ কৰা ‘লক ডাউন’ৰ সুবিধা গ্ৰহণ কৰি এন এইচ পি চি কৰ্তৃপক্ষই নিশাৰ আন্ধাৰত গেৰুকামুখস্থিত নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ সামগ্ৰী সৰবৰাহ কৰি আছে।অসমবাসী ৰাইজক পণবন্দী কৰি সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে তাক আমি ধিক্কাৰ দিছো।পুজিপতিৰ স্বাৰ্থত এই চৰকাৰখনে যে কাম কৰিছে সেইটো স্পষ্ট হৈ পৰিছে।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু এন এইচ পি চি কৰ্তৃপক্ষক আমি সকীয়াই দিছো যদি তেওঁলোকে ৰাইজৰ অগোচৰে এনে ধৰণৰ কাৰ্যকলাপৰ দ্বাৰা অসমৰ ৰাইজৰ অনিষ্ট সাধন কৰিব বিচাৰে তেন্তে ইয়াৰ পৰিণাম ভোগ কৰিবলৈ সাজু থাকক।যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই সংবাদ মাধ্যমক কয় যে-অসম চৰকাৰে শনি আৰু দেওবাৰে ‘লক ডাউন’ দিয়াৰ সুযোগ গ্ৰহণ কৰি নিশা এনেদৰে যন্ত্ৰাংশ সমূহ সৰবৰাহ কৰি আহিছে।আমি তেওঁলোকৰ এই ষড়যন্ত্ৰ ফাদিল কৰিছো।শেনচোৱাৰ গুদামত থকা নিৰাপত্তাৰক্ষীয়ে আমাক ভাবুকি দিছে।আমি ভয় ভাবুকিক কেৰেপ নকৰো।আমাৰ প্ৰতিখন জিলা সমিতিয়ে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প স্থাপনৰে অসমৰ ৰাইজক মৃত্যুৰ মুখলৈ ঠেলি দিব বিচৰা কাৰ্যক আমি সৰ্বতোপ্ৰকাৰে বাধা দিম।যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ সাধাৰণ সম্পাদকজনে এনে ধৰণৰ দুস্কাৰ্য কৰিবৰ বাবেই চৰকাৰে শনিবাৰে আৰু দেওবাৰে ‘লক ডাউন’ দিছে বুলি বিস্ফোৰক অভিযোগ কৰে।’লক ডাউন’ত ৰাইজ ওলাই আহিব নোৱাৰাৰ সুযোগ গ্ৰহণ কৰি এনেদৰে সামগ্ৰী সৰবৰাহ কৰি আছে।

উল্লেখযোগ্য যে যোৱা ১২ জুনতো এনেদৰে সামগ্ৰী সৰবৰাহৰ বাবে ট্ৰাকত বোজাই কৰি থকা কাৰ্য সাংবাদিকে পোহৰলৈ আনিছিল।এই সম্পৰ্কত সংবাদ মাধ্যমত বাতৰিও প্ৰকাশ হৈছিল।ইয়াৰ পিচতে যুৱ ছাত্র পৰিষদে অনুসন্ধান আৰম্ভ কৰে আৰু আজি ট্ৰাকত সামগ্ৰী বোজাই কৰি থকা দেখি বাধা প্ৰদান কৰে

You might also like