নগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছসহ ৫জনক গ্ৰেপ্তাৰ
নিয়মীয়া বার্তা, ২৮ আগষ্টঃ নগাঁও আৰক্ষীয়ে চহৰ খনত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে যদিও ড্ৰাগছৰ সাম্ৰাজ্যখন সম্পূৰ্ণৰূপে উৎখাত কৰিবলৈ সক্ষম হোৱা নাই।
আজিও দুপৰীয়া ১২.৪০বজাত নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চহৰ খনৰ মৰিকলং ষ্টেচনৰ ওচৰত ৰাবিয়া বেগম নামৰ ড্ৰাগছ মাফিয়া এগৰাকীৰ ঘৰত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ আৰু নিচাযুক্ত ঔষধ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ী কেইজন হ’ল ৰাবিয়া বেগম,ফুল বেগম, নুৰুল ইছলাম,জেহিৰুল ইছলাম আৰু দ্বীপ বৰা। আৰক্ষীয়ে ৰাবিয়া বেগমৰ বাসগৃহৰ পৰা ২০৫টা হেৰ’ইন ভৰ্তি কন্টেনাৰ, ১০০টা কফ চিৰাপ বটল, ২০০০টা নিচাযুক্ত টেৱলেট, এ এছ ০২ এ এ ৩৭৬৭ নম্বৰৰ এখন স্কূটী আৰু নগদ তিনি হেজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীৰ সূত্ৰই জনাইছে।আৰক্ষীৰ এই অভিযানৰ নেতৃত্ব বহন কৰিছিল মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৈলাশ নেৱাৰ, নগাঁও টাউন আৰক্ষী বিষয়া কুণ্ডণ ৰবিদাস আৰু ইটাচালি আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ৰাজেন্দ্ৰ দাসে। উল্লেখ্য যে নগাওঁ চহৰকে ধৰি জিলা খনৰ বিভিন্ন স্থানত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি আছে। গুৱাহাটী মহানগৰিকে ধৰি নাগালেণ্ড, মণিপুৰকে ধৰি বিভিন্ন অঞ্চলৰ পৰা নগাঁৱলৈ ড্ৰাগছ সৰবৰাহ হৈ আছে। আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও জিলাখনত ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাত আৰক্ষী সম্পূৰ্ণ সফল হব পৰা নাই।