নামেৰীত আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱসঃ বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন
নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ: শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ এন পাল্কী কেম্পত আজি আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস উপলক্ষ্যে হিউমেন ৰাইটছ একচন কাউন্সিল অসমৰ উদ্যোগত এক বিনামূলীয়া দন্ত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। সংগঠনটোৰ সঞ্চালক ড০ পৰশমণি সিংহাই জনোৱা মতে শিবিৰটোত উপস্থিত চিকিৎসকে অঞ্চলটোৰ ৰাইজৰ মাজত দন্ত পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধো বিতৰণ কৰা হয় ।